খেলৰত্নৰ বাবে কোহলি, দ্রোণাচাৰ্যৰ বাবে দ্রাবিড়ৰ নাম মনােনীত ব'ৰ্ডৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, April 27, 2018

খেলৰত্নৰ বাবে কোহলি, দ্রোণাচাৰ্যৰ বাবে দ্রাবিড়ৰ নাম মনােনীত ব'ৰ্ডৰ

নতুন দিল্লী ঃ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিক সন্মানীয় ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ বাবে মনােনীত কৰিছে। একেদৰে ভাৰতীয় দলৰ প্রাক্তন অধিনায়ক ৰাহুল দ্রাবিড়ক ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৱে দ্রোণাচার্য বঁটাৰ বাবে আৰু কিংবদন্তি বেটছমেন সুনীল গাভাস্কাৰক ধ্যানচাল জীৱনজোৰা সাফল্যৰ বঁটাৰ বাবে মনােনীত কৰা বুলি ব’ৰ্ডৰ প্রশাসনিক কমিটীৰ মুৰব্বী বিনােদ ৰায়ে ঘােষণা কৰে। উল্লেখ্য যে দ্রাবিড় তত্ত্বাৱধানতে শেহতীয়াকৈ ভাৰতীয় যুৱ দলটোৱে আই চি চি ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপত খিতাপ জয় কৰিবলৈ সক্ষম হৈছিল। একেদৰে ২০১৬ত ৰানাআপৰ সন্মান লাভ কৰা ভাৰতীয় ১৯ বছৰ অনূর্ধ্ব দলটোৰ তেওঁ প্রশিক্ষকৰ দায়িত্বত আছিল। ইয়াৰ লগতে তেওঁ ভাৰতীয় এ দলৰ খেলুৱৈসকলক বহুমূলীয়া দিহা-পৰামৰ্শৰে আন্তঃৰাষ্ট্ৰীয় ক্রিকেটৰ বাবে সাজু কৰি তােলাৰ দায়িত্বত নিয়ােজিত।
মন কৰিবলগীয়া যে বিৰাট কোহলিৰ নাম ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে একেৰাহে দুবাৰ খেলৰত্ন বঁটাৰ বাবে প্ৰেৰণ কৰিলে। ইয়াৰ পূর্বে ২০১৬তাে তাকা বেটমেনগৰাকীক ভাৰতীয় ক্রীড়াৰ সর্বোচ্চ সন্মানৰ বাবে মনােনীত কৰা হৈছিল যদিও উক্ত বর্ষতে অনুষ্ঠিত অলিম্পিকত দেশলৈ সন্মান কঢ়িয়াই অনাৰ বাবে পি ভি সিন্ধু, সাক্ষী মালিক আৰু দীপা কর্মকাৰক শেষ মুহুর্তত খেলৰ বঁটা আগবঢ়োৱা হৈছিল। কিন্তু এইবাৰ কোহলিয়ে এই সন্মানীয় বঁটা লাভ কৰাটো একপ্রকাৰ নিশ্চিত। কিয়নাে বিগত ছিজনত তেওঁ চমকপ্রদ বেটিঙেৰে আন্তঃৰাষ্ট্ৰীয় ক্রিকেটত কেইবাটাও বিৰল কৃতিত্ব স্থাপন কৰিবলৈ সক্ষম হৈছে। আনহাতে জীৱনজোৰা সাফল্য বঁটাৰ বাবে মনােনীত গাভাস্কাৰে ভাৰতীয় ক্রিকেটলৈ আগবঢ়োৱা বৰঙণি সর্বজনবিদিত।

No comments:

Post a Comment

SPONSORED