তামাৰহাট : "ইমানদিনে কোচ ৰাজবংশীৰ লগতে ছয় জনগোষ্ঠীক জনজাতি কৰণৰ বিষয়টোক লৈ চৰকাৰে নাটক কৰি আহিছে কোনো গুৰুত্ব দিয়া নাই, এয়া কোচ ৰাজবংশী সকলৰ প্ৰাপ্য" এই ভাষ্য ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ। ধুবুৰী জিলাৰ তামাৰহাট, কামানডাঙ্গা আৰু কুমাৰগঞ্জ আঞ্চলিক আক্ৰাছুৰ উদ্যোগত আয়োজিত কোচ ৰাজবংশীসকলৰ জাতীয় উৎসৱ বেষমাৰ এক মুকলি সভাত উপস্থিত থাকি এই মন্তব্য কৰে ৫ নং কোকৰাঝাৰ সাংসদ নৱ কুমাৰ শৰনীয়াই৷
উল্লেখ্য যে, বৃহত্তৰ কোচ ৰাজবংশী জাতিটোৰ নিজস্ব কলা-কৃষ্টি জীয়াই ৰখাৰ আৰু বিশ্বৰ দৰবাৰত ইয়াৰ পৰিচয় দাঙি ধৰাৰ উদ্দেশ্যে আয়োজিত বেষমা অনুষ্ঠানখন দুদিনীয়া বর্নাঢ্য কাৰ্যসূচীৰ মাজেৰে সম্পন্ন হয় । জানিবপৰা মতে ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত তথা অসম-বংগ সীমান্তত অৱস্থিত মহন্তপুৰ আশ্ৰম প্ৰাঙ্গণত অনুষ্ঠিত বেষমা অনুষ্ঠানখন ২৮ আৰু ২৯ এপ্ৰিল তাৰিখে দুদিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনা ২৮ এপ্ৰিল তাৰিখে কাৰ্যসূচী মতে পুৱা বেষমাৰ পতাকা উত্তোলন, বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্ত্তিত মাল্য অৰ্পণ, পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণ, শ্বহীদ বেদিত মাল্যদান আৰু বন্তি প্ৰজ্বলনৰ পিছতে বৃক্ষৰোপন আৰু বিভিন্ন খেলা-ধূলা, কুইজ, নৃত্য, গান আদিৰ প্ৰতিযোগিতামূলক কাৰ্যসূচীৰ শেষত স্থানীয় শিল্পী সকলৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়াৰ মাজেৰে প্ৰথম দিনৰ কাৰ্যসূচী সমাপ্ত হয়। দ্বিতীয় দিনা কোচ ৰাজবংশী জনগোষ্ঠীয় সংস্কৃতি, -কলা-কৃষ্টিৰ প্ৰদৰ্শন কৰে। ইয়াৰ পিছতে বিভিন্ন দিশৰ আলোচনামূলক এখন মুকলি সভা অনুষ্ঠিত হয় । তামাৰহাট হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক নিৰ্মল চন্দ্ৰ ভকতৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনত মুখ্য অতিথি হিচাপে আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অৰুণ ৰায় আৰু সন্মানিত অতিথি হিচাপে আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায় আৰু আৰু আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা প্ৰদীপ ৰায়ে উপস্থিত থকাৰ লগতে ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নব কুমাৰ শৰণীয়াৰ, ২৮ নং গোসাইগাঁও বিধান সভা সমষ্টিৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰী, তামাৰহাট সজল ফাউণ্ডেশ্বনৰ মুখ্য পৰিচালন সঞ্চালক সজল সিংহ, গোসাইগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি সুৰথ ৰায়, গোঁসাইগাওঁ কৃষি উন্নয়ন বিষয়া ধৃতিৰঞ্জন ৰায়ৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে । ধুবুৰী জিলা আক্ৰাছুৰ উপ-সভাপতি মুকুল ৰায়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নব কুমাৰ শৰণীয়াৰই কোচ ৰাজবংশী জাতিটোৰ বিভিন্ন সমস্যা আৰু এই সমস্যাৰ প্ৰতি চৰকাৰে গুৰুত্ব নিদিয়াৰ প্ৰসংগটোক লৈ চৰকাৰক সমালোচনা কৰে । তেওঁ কয় কোচ ৰাজবংশী সকলৰ লগতে ছয় জনগোষ্ঠীৰ লোক সকলক জনজাতি কৰণ কৰাৰ বিষয়ত চৰকাৰে গুৰুত্ব সহকাৰে লব লাগে । কাৰণ এয়া কোচ ৰাজবংশী সকলৰ প্ৰাপ্য দাবী । আনহাতে সভাখনত উপস্থিত থাকি তামাৰহাট সজল ফাউণ্ডেশ্বনৰ মুখ্য পৰিচালন সঞ্চালক সজল সিংহই তামাৰহাট অঞ্চলৰ বিভিন্ন সমস্যা দাঙি ধৰি ইয়াৰ স্থায়ী সমাধানৰ বাবে সাংসদ গৰাকীক আহ্বাবান জনায় । আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ে সভাখনত কোচ ৰাজবংশী জাতিটোৰ ভাষা-সাংস্কৃতি কোন দিশে গতি কৰিছে আৰু এতিয়া আমাৰ কি কৰিব লাগিব এই বিষয় বিতংকৈ আলোচনা কৰাৰ লগতে বহু কেইজন ব্যক্তি বিষয়টোক লৈ বক্তব্য প্ৰদান কৰে । ইয়াৰ পিছৰ কাৰ্যসূচী মতে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয় । সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানত উপস্থিত থাকে ভইচ ইণ্ডিয়াত গীত পৰিবেশন কৰা নীলাঞ্জনা ৰায়। সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান খনৰ শুভ উদ্বোধন কৰে তামাৰহাট থানৰ আৰক্ষী বিষয়া দেৱৰাজ কলিতা আৰু তামাৰহাট সজল ফাউণ্ডেশ্বনৰ মুখ্য পৰিচালন সঞ্চালক সজল সিংহই । বেষমা, বৈশাগু, বিহু যিয়েই নহওক ইয়াৰ মাজেৰে শান্তিৰ কামনা কৰিছে বেষমা উদযাপন সমিতিয়ে।
No comments:
Post a Comment