আমছু নেতা আছাদ আলীৰ গুন্ডাগিৰি : পত্নী , সন্তান আৰু শহুৰেকক প্ৰাণে মৰাৰ চেষ্টা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Wednesday, May 02, 2018

আমছু নেতা আছাদ আলীৰ গুন্ডাগিৰি : পত্নী , সন্তান আৰু শহুৰেকক প্ৰাণে মৰাৰ চেষ্টা

বৰপেটা : বৰপেটা জিলাৰ কৰাগডী গাঁৱৰ ফৰমান আলীৰ কন্যাক ৰুনিতা ইছমিনক ২০০৯ চনতেই চিৰাংৰ ডালিগাঁওৰ আমছু নেতা আছাদ আলীৰ সৈতে বিবাহ দিছিল। কিন্তু বিয়াৰ পিছৰেই পৰাই ছোৱালীজনীক শাৰিৰীক শাস্তি দি আহিছিল। ভূক্তভোগী ছোৱালী জনীয়ে অভিযোগ কৰা মতে বিবাহৰ পিছৰে পৰাই আছাদ আলীয়ে বিভিন্ন সময়ত বিভিন্ন ছোৱালীৰ লগত প্ৰেমৰ সম্পৰ্ক ৰাখিছিল আৰু সদায় মদ্যপান কৰি ঘৰত আহি মাৰপিট চলাইছিল , আনকি বহুবাৰ জ্বলাই দিয়াৰো চেষ্টা চলাইছিল ।
সোমবাৰে ৰাতিপুৱাও জ্বলাই দিয়াৰ চেষ্টা চলাইছিল ফলত ছোৱালী জনীয়ে পিতৃক ফোন কৰি ঘৰলৈ মাতি নি পিতৃৰ সৈতে ৭ বছৰীয়া সন্তানসহ পিতৃ গৃহলৈ গুচি অহাৰ সময়ত হাউলীৰ কুজাৰপীঠত শহুৰেকৰ বাইকৰ পিছফালে AS 19E 1786 নম্বৰৰ মাৰুতি ছুজুকি ডিজেয়েৰখনেৰে আৰছাদ আলীয়ে খুন্দিয়ায়। ফলত তেওঁলোক বাগৰি পৰে ৰাস্তাৰ দাঁতিত আৰু উক্ত ঠাইতেই পত্নী আৰু শহুৰেকক প্ৰহাৰ কৰে৷ ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ আমছু নেতাজনক উত্তম মাধ্যম দি হাউলী আৰক্ষীক গতাই দিয়ে ।
ঘটনাস্থলীত বৰপেটা জিলা আমছুৰ সভাপতি নজৰুল ইছলামে কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক মনিৰুজ জামনে উপস্থিত হৈ সমগ্ৰ ঘটনা কেন্দ্ৰীয় সমিতিক অৱগত কৰাৰ পিছতেই কেন্দ্ৰীয় সমিতিয়ে আছাদ আলীক আমছুৰ পৰা নিলম্বন কৰে বুলি সংবাদ মাধ্যমক জনায় ।

No comments:

Post a Comment

SPONSORED