এবছুৰ পৃথক বড়োলেণ্ড ৰাজ্যৰ দাবীত পাঁচদিনীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ আৰম্ভ ,স্তব্ধ নামনি অসম - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Wednesday, May 02, 2018

এবছুৰ পৃথক বড়োলেণ্ড ৰাজ্যৰ দাবীত পাঁচদিনীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ আৰম্ভ ,স্তব্ধ নামনি অসম

কোকৰাঝাৰ : পৃথক বড়োলেণ্ড ৰাজ্যৰ দাবীত আজিৰে পৰা পাঁচদিনীয়া ধাৰাবাহিক ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ আন্দোলন ৰূপায়ন আবছুৰ । পৃথক বড়োলেণ্ড ৰাজ্য গঠন কৰা,প্ৰস্তাৱিত বড়োলেণ্ড এলেকাৰ বাহিৰত বসবাস কৰা বড়োসকলৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰা , কাৰ্বি আংলঙত বসবাস কৰা বড়োসকলক পাৰ্বত্য জনজাতিৰ মৰ্যাদা প্ৰদান কৰা আৰু পৃথক বড়োলেণ্ড সমস্যা সমাধান বাবে শীঘ্ৰেই ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ দাবীত আজি এবছু , এনডিএফবি(প্ৰ) আৰু পিজেএচিবিএমে যৌথভাৱে আজিৰে পৰা পাঁচদিনীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে । প্ৰতিকূল বতৰ নেওঁচি হ’লেও হাজাৰ হাজাৰ সংগ্ৰামী বড়ো লোকে কোকৰাঝাৰৰ কাৰিগাঁৱত ৩১ নং(গ) ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ পুৱা পাঁচ বজাৰ পৰাই তীব্ৰ প্ৰতিবাদ কৰাত যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে স্তব্দ কৰে। কাইলৈ চিৰাঙত,পৰহি বাক্সা পিচলৈ উদালগুৰি তথা অন্যান্য ঠাইত ধাৰাবাহিক ভাৱে আবছুয়ে প্ৰতিদিনে ১২ ঘন্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্য্যসূচী চলাই যাব তথা দাবী সমাধানৰ বাবে যেতিয়ালৈকে পদক্ষেপ গ্ৰহণ নকৰে তেতিয়ালৈকে আন্দোলন অব্যাহত থাকিব বুলি কঠোৰ ভাষাৰে সকীয়নী দিয়ে এবছুৰ সাধাৰণ সম্পাদক লোৰেনঞ্চ ইছলাৰীয়ে । আনহাতে পুৱাৰ পৰাই ৩১ নং (গ) ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা ফলত বহিৰাজ্য পৰা অসমলৈ কঢ়িয়াই অনা মালবাহী বাহন আৰু যাত্ৰী সকলৰ বাহন সমূহ আবদ্ধ হৈ পৰে আৰু যাতায়তৰ ব্যৱস্থা সম্পূৰ্ণকৈ বিছিন্ন হয়। আন্দোলন নেতৃত্ব দিয়া এবছুৰ সভাপতি প্ৰমোদ বড়োৱে চৰকাৰৰ ওপৰত কঠোৰ ভাষাৰে সমালোচনা কৰে আৰু ত্ৰিপাক্ষিক বৈঠক কৰিবলৈ চৰকাৰক আহ্বান জনায় । ঘাইপথ অৱৰোধ আন্দোলনৰন এন ডি এফ বি (পি) ৰ নেতা বি. মৌনথাই, পি জে এ চি বি এমৰ নেতা গৰ্জন মুছাহাৰী , ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ উৰ্খাওগৌৰা ব্ৰহ্ম, লোকসভাৰ প্ৰাক্তন সাংসদ ছানচুমা খুংগুৰ বৈছৌমুটিয়াৰী আৰু বহু কৰ্ম কৰ্তা লগতে হেজাৰ হেজাৰ হেজাৰ সংগ্ৰামী ৰাইজে প্ৰতিবাদত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে আজি পুৱাৰ ৫ বজা পৰা আৰম্ভ হোৱা গন আন্দোলন সন্ধিয়া ৫ বজালৈ থাকে যদিও কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ পৰা সমাধান কৰা কোনো ধৰণৰ সঁহাৰি পোৱা নাই। সেয়ে এই একে আন্দোলন তথা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাইলৈ তথা ৩ তাৰিখে চিৰাঙত, ৪ , ৫ তাৰিখে বাক্সা আৰু ওডালগুৰীত অনুষ্ঠিত হব বুলি জনাইছে প্ৰতিবাদকাৰী নেতাই।

No comments:

Post a Comment

SPONSORED