কৃষকৰ উন্নতিৰ লক্ষ্যৰে তামাৰহাটত " কৃষান কল্যান কৰ্মশালা" - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, May 03, 2018

কৃষকৰ উন্নতিৰ লক্ষ্যৰে তামাৰহাটত " কৃষান কল্যান কৰ্মশালা"


তামাৰহাট: ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত হাতীধূৰা উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত বুধবাৰে কৃষি প্ৰযুক্তি ব্যৱস্থাপনাৰ ওপৰত এক সজাগতা সভা সম্পন্ন হয়। ৰাজ্যখনৰ বিভিন্ন প্ৰান্থত এই কৃষি সজাগতা সভা চলি থকাৰ দৰে তামাৰহাটৰ হাতীধূৰা উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত গোসাইগাঁও কৃষিবিভাগৰ তত্বাৱধানত '' কৃষান কল্যান কৰ্মশালা " অনুষ্ঠান কৰা হয়। এই কৰ্মশালাত আধুনিক পদ্ধতিৰে কিদৰে কৃষিৰ আয় দুগুন বৃদ্ধি কৰিব পাৰি তাৰ ওপৰত বিতং ভাৱে আলোচনা কৰা হয়। ২৮ নং গোসাইগাওঁ বিধান সভা সমষ্টিৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ সভাপতিত্বত হোৱা কৰ্মশালাখনত গোসাইগাঁও কৃষি গবেষনা কেন্দ্ৰৰ বিজ্ঞানি ড০ অংকুৰ ৰাজবংশীৰ লগতে পশুবিভাগ তথা খেতিবিভাগৰ বিভিন্ন বিষয় ববীয়া উপস্থিত থাকে। খেতি তথা পশুপালন, মৎস্যপালন আদিৰ কেনেকৈ দুগুণ বৃদ্ধি কৰিব পাৰি এই সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয় সভাখনত। গোসাইগাঁও সমন্বয় কৃষি বিষয়া ধৃতিৰঞ্জন ৰায়ৰ পৰিচালনাত অনুষ্ঠিত কৃষি কল্যান কৰ্মশালাত অঞ্চলটোৰ শতাধিক পুৰুষ মহিলাই উপস্থিত থাকে। এই কৰ্মশালাখনত আনোৱাৰ হোসেইন, অমল ৰায় ,সুশীল ৰাভা আদি কৰি কেইজনমান বিশেষ খেতিয়কক কৃষি বিভাগৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানখনৰ জৰীয়তে অঞ্চলটোৰ খেতিয়ক সকল কৃষিৰ ক্ষেত্ৰত যথেষ্ট উৎসাহ পাইছে বুলি মন্তব্য কৰিছে।

No comments:

Post a Comment

SPONSORED