ৱেব সংবাদঃ ৰক্ষকেই যেতিয়া ভক্ষক হয়, সাধাৰণ জনতাই কাক ভৰসা কৰিব? তেনে এক ঘটনাই সংঘটিত হ’ল কামৰূপ জিলাৰ ৰামদিয়া আৰক্ষী চকীত৷ এগৰাকী ১৪ বছৰীয়া কিশোৰীক বলাৎকাৰ কৰাৰ অভিযোগত বুধবাৰে জে’ল হাজোতলৈ যাব লগীয়া হ’ল কামৰূপ জিলাৰ ৰামদিয়া আৰক্ষী চকীৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া বিনোদ চন্দ্র দাস৷ ঘটনাৰ বিৱৰণী মতে, যোৱা দুই এপ্রিলত ৰামদিয়াৰ এগৰাকী ১৪ বছৰীয়া কিশোৰী অপহৰণ হোৱা বুলি ৰামদিয়া আৰক্ষী চকীত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰে৷
উক্ত এজাহাৰৰ ভিত্তিত যোৱা ১২ এপ্রিলত ৰামদিয়া আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়াজনে ৰামদিয়া ভঠেলিত হাজোৰ শইকীয়াপাৰাৰ এজন যুৱকৰ সৈতে কিশোৰীগৰাকীক উদ্ধাৰ কৰি আৰক্ষী চকীলৈ আনে৷ পুনৰ ৩০ এপ্রিলত পৰিয়ালৰ লোকে হাজো আৰক্ষী থানাত ভাৰপ্রাপ্ত আৰক্ষী বিষয়া দাসৰ বিৰুদ্ধে ১২ এপ্রিলৰ নিশা কিশোৰীগৰাকীক বলাৎকাৰ কৰাৰ অভিযোগ তুলি গোচৰ দিয়ে৷
পৰিয়ালৰ অভিযোগ, ১২ এপ্রিলত উদ্ধাৰ হোৱা কিশোৰীগৰাকীক আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰোৱা নাছিল৷ যাৰ ফলত ১ মে’ত কিশোৰীগৰাকীয়ে হাজো প্রথম শ্রেণীৰ ন্যায়িক দণ্ডাধীশৰ আগত দিয়া সাক্ষ্য মর্মে অভিযুক্ত আৰক্ষী বিষয়া দাসক আদালতত হাজিৰ কৰাই হাজো আৰক্ষী থানাৰ ৩০৭১৮ নম্বৰত গোচৰ মর্মে জে’ললৈ প্রেৰণ কৰে৷ উক্ত গোচৰৰ তদন্তকাৰী বিষয়া হ’ল কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ কার্যালয়ৰ উপ-আৰক্ষী অধীক্ষক মাধুৰিমা দাস৷
No comments:
Post a Comment