কীর্তিচিহ্ন আৰু ঐতিহ্যক্ষেত্রসমূহ ব্যক্তিগতকৰণ নহয় - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, May 03, 2018

কীর্তিচিহ্ন আৰু ঐতিহ্যক্ষেত্রসমূহ ব্যক্তিগতকৰণ নহয়

গুৱাহাটী : ৰাষ্ট্রীয় উদ্যান কাজিৰঙাৰ লগতে কীর্তিচিহ্ন ৰংঘৰ, কাৰেংঘৰ আৰু শিৱদৌলক ব্যক্তিগতকৰণ কৰা নহয় বুলি বুধবাৰে স্পষ্ট কৰি দিছে অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই৷ কীর্তিচিহ্ন আৰু ঐতিহ্যক্ষেত্রসমূহ ব্যক্তিগত কোম্পানীক অর্পণ কৰিব বুলি হোৱা প্রচাৰ আৰু প্রতিবাদৰ সময়ত অধ্যক্ষ বৰুৱাই  নিগমৰ কার্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত কয় যে ঐতিহ্যক্ষেত্র বা কীর্তিচিহ্নসমূহৰ মূল এলেকাৰ বাহিৰত ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান বা ব্যক্তিগত কোম্পানীৰ দ্বাৰা পর্যটকৰ সুবিধাৰ বাবে পার্কিং স্থান, টয়লেট, পানী যোগান আদি ব্যৱস্থা কৰিব বিচৰা হৈছে৷ তেওঁ কয় যে ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানসমূহে তেওঁলোকৰ উপার্জনৰ দুই শতাংশ পুঁজি কর্প’ৰেট ছ’চিয়েল ৰেছপন্সচিবিলিটিৰ ( চি এছ আৰ) অধীনত থাকে৷ অর্থাৎ ৰাজহুৱা খণ্ড বা ব্যক্তিগত কোম্পানীয়ে সামাজিক দায়বদ্ধতা পালনৰ বাবে থকা উক্ত পুঁজিৰ দ্বাৰা কীর্তিস্থানৰ মূল এলেকাৰ বাহিৰত পর্যটকৰ সুবিধাৰ বাবে কিছুমান ব্যৱস্থা কৰিব৷
টয়লেট, পানী যোগান, পার্কিং আদি পর্যটকে ব্যৱহাৰ কৰাৰ বিনিময়ত যি পুঁজি সংগ্রহ হ’ব সেই পুঁজিৰে পার্কিং, টয়লেট আদি উন্নয়নত ব্যৱহাৰ হ’ব৷ পর্যটন নিগমৰ অধ্যক্ষ বৰুৱাই কয় যে এনেধৰণৰ কাম বর্তমানেও ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানসমূহে কৰি আছে৷ উদাহৰণ হিচাপে তেওঁ কয় যে কামাখ্যাত অইলে ২৫ কোটি টকা টয়লেট, পার্কিং আদি নির্মাণত ব্যয় কৰিছে৷
একেদৰে কাজিৰঙাতো তেনেধৰণৰ কাম হৈ আছে৷ মূল কীর্তিচিহ্নৰ দায়িত্ব ব্যক্তিগত কোম্পানীৰ নাথাকে আৰু তেওঁলোকে কোনো ৰাজহো সংগ্রহ কৰিব নোৱাৰিব৷ তেওঁ আৰু কয় যে ব্যক্তিগত কোম্পানীসমূহে মূল কীর্তিচিহু মেৰামতিও কৰিব নোৱাৰিব৷ মূল কীর্তিচিহ্নৰ ক্ষেত্রত পূর্বতে যি বিভাগৰ দায়িত্বত আছিল বর্তমানেও সেই বিভাগৰ হাততে থাকিব৷ কীর্তিচিহু পৰিদর্শন কৰিবলৈ অহা পর্যটকৰ সুবিধা দিয়াৰ ক্ষেত্রত ব্যক্তিগত কোম্পানীক দায়বদ্ধ কৰিব বিচৰা হৈছে বুলি পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ বৰুৱাই কয়৷ তেওঁ আৰু কয় যে ব্যক্তিগত কোম্পানীসমূহে কীর্তিচিহ্নসমূহৰ মূল এলেকাৰ বাহিৰত প্রতিপালনৰ দায়িত্ব ৫ বছৰলৈ ল’ব৷ এই বিষয়টোৰ ভুল ব্যাখ্যা কৰা হৈছে বুলি উল্লেখ কৰি অধ্যক্ষ বৰুৱাই আৰু কয় যে কাজিৰঙা দর্শন কৰিবলৈ অহা পর্যটকৰ পৰা এতিয়া যেনেদৰে মাচুল সংগ্রহ হৈ থকাৰ দৰেজীপ ছাফাৰী আদি ব্যৱস্থা অক্ষুণ্ণ থাকিব৷
বন বিভাগৰ হাতত যিবোৰ দায়িত্ব আছে সেইবোৰ একেদৰে থাকিব৷ ব্যক্তিগত কোম্পানীয়ে যি কৰিব সেয়া হ’ব কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ বাহিৰত৷ জাংগল ট্রেভেলছৰ লগত বুজাবুজিৰ চুক্তি হোৱাৰ কথা ৰাজ্য চৰকাৰে নাজানে বুলি তেওঁ কয়৷ তেওঁ কয় যে প্রতিপালনৰ বাবে ভিজন ডকুমেণ্ট বিচৰা হৈছিল আৰু জাংগল ট্রেভেলছে দাখিল কৰিছিল৷ অধ্যক্ষ বৰুৱাই সংবাদমেলত আৰু কয় যে অসম পর্যটনৰ ব্রেণ্ড এম্বেছেডৰ প্রিয়ংকা চোপ্রাৰ লগত অহা ডিচেম্বৰলৈ চুক্তিৰ ম্যাদ আছে৷ পর্যটন বিভাগে অসমত চিনেমাৰ শ্বুটিং কৰিলে কৰ ৰেহাইৰ ব্যৱস্থা ঘোষণা কৰিছিল৷ কৰ ৰেহাইৰে শ্বুটিং কৰিবলৈ ব্রিটেইন আৰু আমেৰিকাৰ পৰা দুটা প্রস্তাৱ আৰু কলকাতাৰ পৰা এটা প্রস্তাৱ আহিছে বুলি জানিবলৈ দিয়ে৷

No comments:

Post a Comment

SPONSORED