দিল্লীত চৰকাৰ পৰিৱর্তন হ’ল, অসমৰ প্রতি মনোভাবৰহে পৰিৱর্তন নহ’ল - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, May 03, 2018

দিল্লীত চৰকাৰ পৰিৱর্তন হ’ল, অসমৰ প্রতি মনোভাবৰহে পৰিৱর্তন নহ’ল

ৱেব সংবাদঃ ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ শেহতীয়া কাম-কাজসমূহ চৰকাৰী বিষয়া-কর্মচাৰীসকলে জাতীয় দায়িত্ববোধেৰে কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে সদৌ অসম ছাত্র সন্থাৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্যই৷ এন আৰ চিৰ কামত ব্যস্ত বিষয়া- কর্মাচাৰীৰ মনোবল বৃদ্ধি কৰিবলৈ বুধৱাৰে  ছাত্র সন্থাৰ উপদেষ্টাজন তিনিচুকীয়াত উপস্থিত হৈ টাই আহোম ছাত্র সন্থা, আটছা, মটক যুৱ-ছাত্র সন্মিলন, চুতীয়া ছাত্র সন্থা আৰু মৰাণ ছাত্র সন্থাৰ বিষয়ববীয়াৰ লগত তিনিচুকীয়া জিলা প্রশাসনে কৰি থকা ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ কামৰঅগ্রগতিৰ বুজ লয়৷
তিনিচুকীয়া প্রেছ ক্লাবত আহ্বান কৰা এখন সংবাদমেলত ভট্টাচার্যই কয় যে ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ সিদ্ধান্ত অসম চুক্তিৰ আধাৰত হোৱা আৰু বর্তমান উচচতম ন্যায়ালয়ে তদাৰক কৰি আছে৷ যাৰ বাবে ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ প্রথমখন খচৰা প্রকাশ পাইছে৷ ইতিমধ্যে পুনৰীক্ষণ প্রক্রিয়া চলি আছে৷ তেওঁ কয় যে এই প্রক্রিয়াত বহুত অবৈধ নাগৰিকে নাম অন্তৰ্ভূক্ত কৰিবলৈ ভুৱা তথ্য দাখিল কৰিছে, বহু ধৰাও পৰিছে৷ কোনো এজন অবৈধ নাগৰিকে যাতে নিজৰ নাম অন্তর্ভুক্ত কৰিব নোৱাৰে তাৰ বাবে ৰাষ্ট্রীয় নাগৰিক পঞ্জীৰ লগত জড়িত চৰকাৰী বিষয়া-কর্মচাৰীক আহ্বান জনায়৷ তেওঁ কয় যে তিনিচুকীয়াত প্রায় ১৩ লাখ লোকে এন আৰ চিৰ বাবে আৱেদন কৰিছে৷
তাৰে প্রায় ৯ লাখ ৯০ হাজাৰ লোকৰ নাম প্রথম তালিকাত প্রকাশ পাইছে, বাকীবোৰ পৰীক্ষণৰ কাম চলি আছে৷ এখন শুদ্ধ এন আৰ চি যাতে প্রকাশ পায় তাৰ বাবে সকলোকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়৷ এই এন আৰ চিখনেই অসমৰ স্বার্থ ৰক্ষা কৰিব পৰা দলিল হ’ব বুলি উল্লেখ কৰি তেওঁ জনপ্রতিনিধিসকলক আহ্বান জনায় যে খিলঞ্জীয়া মানুহৰ স্বার্থ ৰক্ষাৰ বাবে উচচতম ন্যায়ালয়ে দিয়া নির্দেশক সন্মান জনাই সহযোগিতা কৰক৷
সমুজ্জ্বল ভট্টাচার্যই সংবাদমেলত ক্ষোভ প্রকাশ কৰি কয় যে দিল্লীত চৰকাৰ পৰিৱর্তন হোৱাটো বিচাৰিছিল, সেইমতে হ’ল কিন্তু অসমৰ প্রতি থকা কেন্দ্রীয় চৰকাৰৰ মনোভাবৰ পৰিৱর্তন নহ’ল৷ প্রধানমন্ত্রীয়ে বাংলাদেশীক টালি-টোপোলা বান্ধিবলৈ কৈছিল কিন্তু কেতিয়া যাব লাগিব সেই কথা কোৱা নাছিল৷ কিন্তু ইয়াৰ বিপৰীতে বাংলাদেশৰ পৰাহে টালি -টোপোলা বান্ধি বাংলাদেশীক আনিবলৈ বিচাৰিছে৷
ৰাজ্য চৰকাৰে জনমতক সন্মান কৰা উচিত বুলি কৈ কেন্দ্রীয় চৰকাৰৰ ৰাজ্যখনৰ প্রতি লোৱা হঠকাৰী সিদ্ধান্তবোৰৰ বাবে সজোৰে মাত মাতিবলৈ আহ্বান জনায়৷ নাগৰিকত্ব সংশোধনী আইন এখন জাতিধবংসী আইন বুলি উল্লেখ কৰে ভট্টাচার্যই৷ আনহাতে, শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰে লালকিল্লাৰ পাছত অসমৰ শৌর্য-বীর্য স্বৰূপ কাজিৰঙা ৰাষ্ট্রীয় উদ্যান, ছশ বছৰীয়া আহোম ৰাজত্বৰ কীর্তিচিহু ৰংঘৰ, কাৰেংঘৰ আৰু শিৱদ’ল আদিক বর্তমানৰ ৰজাঘৰীয়াই ৰক্ষণাবেক্ষণ দিব নোৱৰাৰ কি কাৰণ আছে বুলিও প্রশ্ন কৰে৷ লগতে তেওঁ এই সম্পদসমূহ ব্যক্তিগতকৰণ কৰিব বিচৰা কার্যৰ বিৰোধিতা কৰে৷

No comments:

Post a Comment

SPONSORED