মুখ্যমন্ত্ৰীৰ ঘােষণা : ডিচেম্বৰত ছীল হ’ব ভাৰত-বাংলা সীমান্ত - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, May 25, 2018

মুখ্যমন্ত্ৰীৰ ঘােষণা : ডিচেম্বৰত ছীল হ’ব ভাৰত-বাংলা সীমান্ত


গুৱাহাটী : চলিত বৰ্ষৰ ডিচেম্বৰ মাহত সম্পূর্ণৰূপে ছীল হ’ব অসম সংলগ্ন ভাৰত-বাংলাদেশ সীমান্ত। এই ঘােষণা মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ।। বিজেপি নেতৃত্বাধীন মিত্রজোঁট চৰকাৰৰ দ্বিতীয় বর্ষপূর্তি লগত সংগতি ৰাখি বৃহস্পতিবাৰে অনুষ্ঠিত এখন সংবাদ মেলত মুখ্যমন্ত্রী সােণােৱালে কয়— ‘ক্ষমতালৈ অহাৰ পাছতে আমি ঘােষণা কৰিছিলোঁ— ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰিম।। এই কাম দৃঢ়তাৰে আগবাঢ়িছে। সীমান্তত বেৰ নিৰ্মাণৰ কাম সম্পূর্ণ কৰিবলৈ কেন্দ্রীয় চৰকাৰে লক্ষ্য নির্ধাৰণ কৰিছে অহা ৩১ ডিচেম্বৰ। ইতিমধ্যে সীমান্তৰ নদী এলেকাত কাৰিকৰী প্ৰযুক্তিৰ ব্যৱহাৰ আৰু ভূমি এলেকাত স্মার্ট ফেন্সিং নিৰ্মাণৰ কাম অতি দ্রুতগতিত আগবাঢ়িছে। পূর্বৰ তুলনাত অনুপ্ৰৱেশ আৰু সীমান্তৰ সিপাৰৰ পৰা হােৱা বিভিন্ন অপৰাধজনিত কার্যকলাপ যথেষ্ট হ্রাস পােৱা বুলিও তেওঁ দাবী কৰে। এই প্ৰসংগত মুখ্যমন্ত্রী সােণােৱালৰ মন্তব্য আছিল এনেধৰণৰ— “আমি ক্ষমতালৈ অহাৰ পাছত বিগত দুবছৰত ১০০জন বিধায়কে ভাৰত-বাংলাদেশ সীমান্তৱর্তী অঞ্চল ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লৈছে। মই নিজেও এতিয়ালৈকে তিনিবাৰ সীমান্তলৈ গৈছো। মই ক'ব পাৰোঁ যে অনুপ্ৰৱেশ আৰু সীমান্তৰে গৰু-অস্ত্ৰৰ সৰবৰাহকে ধৰি বিভিন্ন অপৰাধজনিত কার্যকলাপ এতিয়া বন্ধ হৈছে। বর্তমান সীমান্তৰ নিৰাপত্তা ব্যৱস্থা অতি শক্তিশালী কৰাৰ লগতে সমগ্ৰ বিষয়টো প্রতিমাহতে নিজে পর্যালােচনা কৰি থকা বুলি মন্তব্য কৰে মুখ্যমন্ত্রী সােণােৱালে। এই প্রসংগতে বিদেশীমুক্ত অসমৰ লক্ষণৰে উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত আৰু কেন্দ্র-ৰাজ্য চৰকাৰৰ সহযােগত ভাৰতৰ মহাপঞ্জীয়কে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি) উন্নীতকৰণৰ কাম চলাই থকাৰ কথা তেওঁ উল্লেখ কৰে। তেওঁ কয়— এন আৰ চিৰ প্ৰথমখন খচৰা ইতিমধ্যে প্রকাশ পাইছে। চূড়ান্ত এন আৰ চি প্রকাশ কৰিব পৰাটো আমাৰ বাবে হ’ব উল্লেখযােগ্য সফলতা। বিদেশীৰ সংখ্যা এন আৰ চিৰ কাম সম্পূর্ণ হলে স্বতঃস্ফূর্ত হৈ পৰিব। সেয়েহে অহা ৩০ জুনত এন আৰ চিৰ দ্বিতীয়খন খচৰা প্ৰকাশৰ সময়লৈ আমি সকলােৰে সহযােগিতা বিচাৰিছোঁ। এন আৰ চি উন্নীতকৰণৰ কাম ৰাষ্ট্রীয় প্রতিশ্রুতি-দায়িত্ব। সমগ্ৰ ৰাজ্যখনকে উত্তাল কৰি ৰখা নাগৰিকত্ব আইন (সংশােধনী) বিধেয়ক ২০১৬’ সন্দৰ্ভত সাংবাদিকে সােধা প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্রী সােণােৱালে নিজৰ তথা চৰকাৰৰ স্থিতি স্পষ্ট কৰে।
এইক্ষেত্ৰত তেওঁৰ বক্তব্য আছিল এনেধৰণৰ সকলােৰে মর্যাদা-সুৰক্ষা নিশ্চিত কৰাটো আমাৰ চৰকাৰৰ প্রাথমিকতা। বিগত দুবছৰত আমি সকলােকে সমান স্থানত ৰাখিছোঁ। সবকা সাথ সবকা বিকাশ এয়া আমাৰ চৰকাৰৰ নীতি। অসমৰ ৰাইজে অহা ৩০ জুনলৈ অপেক্ষা কৰক। সেই দিনা এন আৰ চিৰ দ্বিতীয়খন খচৰা প্রকাশ পাব। আমি কোনাে কথাতেই লুকা-ভাকু নেখেলোঁ। নাগৰিকত্ব সংশােধনী বিধেয়কক লৈও আমি লুকা-ভাকু খেলা নাই। যুটীয়া সংসদীয় কমিটী আহি জনসাধাৰণৰ মতামত লৈছে। এন আৰ চিৰ উন্নীতকৰণ আমাৰ চৰকাৰৰ মহৎ কার্যসূচী। আমি যি সিদ্ধান্তই লওঁ, ৰাইজক আস্থাত লৈয়েই ল’ম, অন্ধকাৰত ৰাখি নহয়। ৰাজ্য চৰকাৰে অসমৰ মানুহৰ স্বার্থ বিঘ্নিত হােৱা কোনাে সিদ্ধান্ত নয়। নাগৰিকত্ব সংশােধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি উদ্ভৱ হােৱা উত্তাল বিক্ষোভ-প্রতিবাদৰ প্ৰসংগ উনুকিয়াই দিয়াত তেওঁ পুনৰ কয়— ‘গণতন্ত্র মানে প্রজাতন্ত্র। প্রজাৰ কথা আমি মানিবই লাগিব। ৰাইজৰ কথা আমি উলাই কৰি চলা নাই। ৰাইজক বাদ দি একো নহয়। ৰাইজে চৰকাৰৰ ওপৰত আস্থা হেৰুৱাব নালাগে। ইতিমধ্যে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সম্পাদকসকলৰ সৈতে আমি আলােচনাত মিলিত হৈছে। ইয়াৰ পাছত দল-সংগঠনৰ সৈতেও বহিম। চৰকাৰখন আছে যেতিয়া কোনােৱেই শংকিত হ’ব নালাগে। এন আৰ চি উন্নীতকৰণৰ কাম চলি থকা দেশৰ ভিতৰত অসমেই প্রথম আৰু একমাত্র ৰাজ্য হােৱাৰ কথা উল্লেখ কৰি এই ঐতিহাসিক দলিলখন প্রস্তুতৰ ক্ষেত্ৰত সকলােৱে দায়বদ্ধ বুলি তেওঁ দোহাৰে। মুখ্যমন্ত্রী সােণােৱালৰ মতে, এন আৰ চি উন্নীতকৰণ প্রক্রিয়া সম্পূর্ণ হােৱাৰ লগে লগে স্পষ্ট হৈ পৰিব; কোন দেশী, কোন বিদেশী। ইফালে, সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আলফা আৰু এন ডি এফ বি(প্র)ৰ সৈতে চৰকাৰে শান্তি আলােচনা প্রক্রিয়া সঠিক দিশেৰে আগবাঢ়ি থকা বুলি তেওঁ মন্তব্য কৰে।
পেট্রল-ডিজেলৰ মূল্য হ্ৰাসৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব নতুন ফর্মুলা। পেট্রল-ডিজেলৰ ধাৰাবাহিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যত বিভিন্ন দল-সংগঠনে প্রতিবাদী কাৰ্যসূচী অব্যাহত ৰখাৰ সময়তে বিষয়টোক লৈ গুৰুত্বপূর্ণ মন্তব্য কৰিছে মুখ্যমন্ত্রী সােণােৱালে। অসমৰ ৰাইজক সকাহ দিবলৈ পেট্রল ডিজেলত আৰােপিত মূল্য সংযােজিত কৰ (ভেট) হ্ৰাসৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কিবা সিদ্ধান্ত ল'ব নেকি বুলি সাংবাদিকে সােধা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মুখ্যমন্ত্রী সােণােৱালে কয় যে কেন্দ্রীয় চৰকাৰে পেট্রল-ডিজেলৰ মূল্য নির্ধাৰণৰ বাবে এটা নতুন ফর্মুলা প্রস্তুত কৰি আছে। সেয়েহে নিজাববীয়াকৈ সিদ্ধান্ত লােৱাৰ পূর্বে কেন্দ্ৰৰ এই নতুন ফর্মুলালৈ অপেক্ষা কৰিব ৰাজ্য চৰকাৰে।

No comments:

Post a Comment

SPONSORED