মাণিকপুৰত চাউল ভৰ্ত্তি ১৮ চকীয়া ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, May 25, 2018

মাণিকপুৰত চাউল ভৰ্ত্তি ১৮ চকীয়া ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত


মাণিকপুৰ : বৃহস্পতিবাৰে নিশা ১০.৩০ বজাত বঙাইগাঁও জিলাৰ মাণিকপুৰত আৰক্ষী থানাৰ অন্তৰ্গত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ বৰবিলাত চাউল ভৰ্ত্তি ১৮ চকীয়া ট্ৰাক দূৰ্ঘটনাগ্ৰস্ত হয়। জানিব পৰা মতে RJ 14 - GE- 3611 নং ট্ৰাক খনে ডিভাইডাৰত খুন্দিয়াওৱাৰ ফলত দূৰ্ঘটনা সংগঠিত হয়। ট্ৰাক চালকৰ বিৰুদ্ধে মদ্যপান কৰি গাড়ী চলোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে। ট্ৰাকখনত থকা বহুত চাউল সিচঁৰিত হৈ যায়। চাউল ভৰ্ত্তি ট্ৰাক খন বিহাৰৰ পৰা তেজপুৰলৈ গৈ আছিল বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত চালকজন কিছুপৰিমানে আহত হৈছে।

No comments:

Post a Comment

SPONSORED