![]() |
পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ পৰা দ্বিতীয় স্থান প্ৰাপ্ত অবিনাশ কলিতা আৰু পঞ্চম স্থানপ্ৰাপ্ত নিবিড় ডেকা
|
পুলেন্দ্র দাস, বৰপেটা :
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ঘােষিত ফলাফলৰ বৰপেটা জিলাৰ চাৰিগৰাকী কৃতিমানে প্রথম দহটা স্থানত স্থান লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। ঘােষিত ফলাফলত বৰপেটা জিলাৰ পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ দুগৰাকী কৃতিমানে ৰাজ্যখনৰ ভিতৰত ক্রমে দ্বিতীয় আৰু পঞ্চমস্থান লাভ কৰে। পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ ছাত্ৰ দুগৰাকী হল অবিনাশ কলিতা আৰু নিবীড় ডেকা।
আনহাতে বৰপেটা চহৰৰ চেইন্ট টেৰেচা ইংৰাজী হাইস্কুলৰ দুগৰাকী ছাত্ৰীয়ে তৃতীয় আৰু নৱমস্থান লাভ কৰিছে। বৰপেটা চহৰৰ আজাদ নগৰৰ নিবাসী তথা জলসিঞ্চন বিভাগৰ সৰুপেটা সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা আৰমান আলী খানৰ কন্যা চুলতানা আঈশ্বাহ ছিদ্দিকাই ৫৯১ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰত তৃতীয় স্থান দখল কৰে। ছিদ্দিকাই সাধাৰণ গনিত, ঐচ্চিক গনিত, সাধাৰণ বিজ্ঞান আৰু ইংৰাজীত ১০০ নম্বৰকৈ লাভ কৰাৰ লগতে সমাজ বিজ্ঞানত ৯৮ আৰু অসমীয়াত ৯৩ নম্বৰ লাভ কৰে।
![]() |
হাইস্কুল শিক্ষান্ত পৰীক্ষাত বৰপেটাৰ ছেইণ্ট টেৰেছা ইংলিছ হাইস্কুলৰ পৰা তৃতীয় স্থান দখল কৰা ছুলতানা আয়েশা ছিদ্দিকা আৰু দশম স্থান কৰা কৰা শ্যামলিনা পাঠক |
ভৱিষ্যতে এগৰাকী চিকিৎসক হােৱাৰ লক্ষ্যৰে সম্প্রতি ৰাজস্থানৰ ক'টাত বিজ্ঞান শাখাত অধ্যয়ন কৰাৰ আশা পুহি ৰাখিছে। বেডমিন্টন খেলি আৰু গান শুনি ভালপােৱা আঈশ্বাহ ছিদ্দিকাই পৰীক্ষাৰ পূর্বে ১০-১২ ঘন্টাকৈ অধ্যয়ন কৰিছিল। মাতৃ আন্মে মমতাজ ৱাহিদে আঙ্গশ্বাহ ছিদ্দিকাৰ পঢ়াশুনাত বিশেষ তৎপৰতা অৱলম্বন কৰিছিল। প্রথম দহটা স্থানত স্থান লাভ কৰিব বুলি নিশ্চিত থকা আঈশ্বাহ ছিদ্দিকাই অসমীয়া কম নম্বৰ লাভ কৰাত মনত বেজাৰ পােৱা বুলি জানিবলৈ দিছে। ইপিনে চেইন্ট টেৰেচা ইংৰাজী হাইস্কুলৰ শ্যামলিনা পাঠকে নৱমস্থান দখল কৰি সত্ৰনগৰী বৰপেটালৈ গৌৰৱ কঢ়িয়াই আনিছে।
No comments:
Post a Comment