১৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৫৬.০৪ শতাংশ। ইয়াৰে ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৫৯ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৫৩.২৩৷
২৷ ধেমাজি জিলাত সৰ্বোচ্চ উত্তীৰ্ণৰ হাৰ ৭৯.৭৬ শতাংশ। ৩৬.৯৭ শতাংশৰে সৰ্বনিম্ন উত্তীৰ্ণৰ হাৰ ওদালগুৰি জিলাত।
৩৷ মেট্ৰিকৰ শীৰ্ষত জিলিকিল তেজপুৰৰ মুনলিট হাইস্কুলৰ ছাত্ৰ ৰক্তিম ভূঞা। মুঠ ৫৯৩ নম্বৰ লাভ কৰি শীৰ্ষস্থান দখল কৰে ৰক্তিমে। ৰাজস্থানৰ কোটাত পঢ়াৰ মন মেট্ৰিকত প্ৰথম স্থানপ্ৰাপ্ত ৰক্তিম ভূঞাৰ। মেধাৱী ছাত্ৰজনৰ পঢ়া–শুনাত সহায়ৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ পিতৃ–মাতৃৰ। ফলাফল ঘোষণাৰ পিছতে ৰক্তিমৰ বাসগৃহত উপস্থিত হয় মন্ত্ৰী পল্লৱ লোচন দাস। মেট্ৰিকত ৫৯৩ নম্বৰেৰে শীৰ্ষ স্থান দখল কৰিছে ৰক্তিম ভূঞাই।
৪৷ মেট্ৰিকত দ্বিতীয় স্থান দখল কৰিছে পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ অবিনাশ কলিতা আৰু টিহু হাইস্কুলৰ প্ৰীতপল বেজবৰুৱাই। দুয়োগৰাকীয়ে লাভ কৰিছে মুঠ ৫৯২ নম্বৰকৈ।
![]() |
পিতৃ-মাতৃৰ সৈতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় স্থান দখল কৰা বৰপেটাৰ ছেইণ্ট টেৰেছা ইংলিছ হাইস্কুলৰ ছুলতানা আয়েশা ছিদ্দিকা |
৫৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় স্থান দখল কৰিছে তিনিগৰাকী শিক্ষাৰ্থীয়ে। তৃতীয় স্থানত বৰপেটাৰ ছেইণ্ট টেৰেছা ইংলিছ হাইস্কুলৰ ছুলতানা আয়েশা ছিদ্দিকা, বাক্সাৰ চেণ্ট জন্ছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জিণ্টি দেৱী আৰু গুৱাহাটীৰ সুদৰ্শন পাব্লিক হাইস্কুলৰ আৰ্বি চলিহাই। আটাইকেইগৰাকীয়ে লাভ কৰিছে মুঠ ৫৯১ নম্বৰকৈ।
৬৷ মেট্ৰিকত চতুৰ্থ স্থান দখল কৰিছে ৫ গৰাকী মেধাৱী শিক্ষাৰ্থীয়ে। চতুৰ্থ স্থান পাইছে কামৰূপৰ পুঠিমাৰীৰ পায়নিয়াৰ একাডেমীৰ সীমা কুইন কাশ্যপ, লখিমপুৰৰ ছেইণ্ট মেৰিজ হাইস্কুলৰ ঋত্বিক শ্যাম শইকীয়া, নগাঁৱৰ খ্ৰীষ্টজ্যোতি স্কুলৰ ৰাজশ্ৰী নন্দিনী কাকতি, চামতা এইচ এছ স্কুলৰ দেৱাশিস ভৰদ্বাজ আৰু শোণিতপুৰৰ অম্বিকাগিৰী ৰায়চৌধুৰী স্কুলৰ ছাত্ৰ ব্ৰেঞ্জিত হাজৰিকাই। মুঠ ৫৯০ নম্বৰকৈ লাভ কৰিছে চতুৰ্থ স্থানপ্ৰাপ্ত আটাইকেইগৰাকী শিক্ষাৰ্থীয়ে।
৭৷ মেট্ৰিকৰ পঞ্চম স্থানত জিলিকিল তিনিগৰাকী শিক্ষাৰ্থী। বৰপেটাৰ আনন্দৰাম বৰুৱা একাডেমী হাইস্কুলৰ নিবিড় ডেকা, লখিমপুৰৰ ছেইণ্ট মেৰিজ হাইস্কুলৰ বিদৰ্শন দত্ত আৰু নলবাৰীৰ বালিকৰীয়া বাসুদেৱ বিদ্যাপীঠ হাইস্কুলৰ ৰাজা স্নেহাশিস গুপ্তা দত্তই দখল কৰিলে পঞ্চম স্থান। মুঠ ৫৮৯ নম্বৰকৈ লাভ কৰিছে শিক্ষাৰ্থীকেইগৰাকীয়ে।
৮৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ষষ্ঠ স্থানত জিলিকিল চাৰিগৰাকী পৰীক্ষাৰ্থী। ষষ্ঠ স্থান দখল কৰিছে বঙাইগাঁৱৰ কলিতা ছেইণ্ট এলবাৰ্টছ হাইস্কুলৰ ভাস্বতী কলিতা, যোৰহাটৰ জোনাকী সংঘ হাইস্কুলৰ অনুষ্কা বৰদলৈ, লখিমপুৰৰ পানীন্দ্ৰ বিদ্যালয়ৰ কল্পজ্যোতি গগৈ আৰু ওদালগুৰিৰ ৰামস্বৰূপ এ এম ইংলিছ স্কুলৰ ধৃতিষ্মান ভূঞাই। মুঠ ৫৮৮ নম্বৰকৈ লাভ কৰিছে চাৰিওগৰাকী শিক্ষাৰ্থীয়ে।
৯৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সপ্তম স্থানত জিলিকিল বঙাইগাঁৱৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ গৰিয়সী দেৱী, বাক্সাৰ ছেইণ্ট জনছ হাই স্কুলৰ নিতিশা শিৱম, আমগুৰিৰ এ এইচ ডি হাইস্কুলৰ শিৱানুজ বৰকটকী আৰু তেজপুৰ চৰকাৰী হাইস্কুলৰ পল ভূঞা। মুঠ ৫৮৭ নম্বৰকৈ লাভ কৰিছে সপ্তম স্থানপ্ৰাপ্ত আটাইগৰাকী শিক্ষাৰ্থীয়ে।
১০৷ মুঠ ৫৮৬ নম্বৰেৰে মেট্ৰিকৰ অষ্টম স্থান দখল কৰিছে ৰাজ্যৰ ৬ গৰাকী মেধাৱী শিক্ষাৰ্থীয়ে। বাক্সাৰ গোৰেশ্বৰৰ ৰেইনব’ ইংলিছ স্কুলৰ অনিন্দিতা মেধি, নামৰূপৰ বি ভি এফ চি মডেল হাইস্কুলৰ আশিস সন্দিকৈ, যোৰহাটৰ বাঘচোঙৰ ডনবক্স হাইস্কুলৰ অংগনা হাজৰিকা, দদৰাৰ শংকৰদেৱ শিশু নিকেতনৰ অংকুৰজ্যোতি ঠাকুৰীয়া, শিৱসাগৰৰ দ’পানী হাইস্কুলৰ গুঞ্জানন বৰুৱা আৰু গুৱাহাটীৰ সুদৰ্শন পাব্লিক স্কুলৰ বিপাঞ্চ ডেকাই।
১১৷ মেট্ৰিকৰ নৱম স্থানত তিনিগৰাকী শিক্ষাৰ্থী। বৰপেটাৰ ছেইণ্ট টেৰেছা হাইস্কুলৰ শ্যামলিনা পাঠক, গুৱাহাটীৰ সুদৰ্শন পাব্লিক স্কুলৰ বি জেনিথ কাশ্যপ আৰু গুৱাহাটীৰ ছেইণ্ট মেৰিজ হাইস্কুলৰ ছাৰমন কেইজাৰে লাভ কৰিছে নৱম স্থান। আটাইকেইগৰাকীয়ে লাভ কৰিছে মুঠ ৫৮৫ নম্বৰকৈ। আনহাতে, দশম স্থান দখল কৰিছে ডিব্ৰুগড়ৰ বি ভি এফ চি মডেল হাইস্কুলৰ ছৈয়দা ইনায়া তবচ্চুম, ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক স্কুলৰ শ্ৰেয়াস ভট্টাচাৰ্য, কৰিমগঞ্জৰ বেবীলেণ্ড ইংলিছ হাইস্কুলৰ স্বপ্ননীল ভট্টাচাৰ্য, নগাঁৱৰ নীলবাগান জাতীয় বিদ্যালয়ৰ নয়ীমা ফিৰদৌছ বৰভূঞা, ৰহাৰ প্ৰাঞ্জল মেম’ৰিয়েল একাডেমীৰ ভাৰ্গৱজ্যোতি দাস আৰু গহপুৰৰ ছেইণ্ট যোছেফ হাইস্কুলৰ সৃষ্টি প্ৰিয়ম নাথে। ৫৮৪ নম্বৰকৈ লাভ কৰিছে দশম স্থানপ্ৰাপ্ত আটাইকেইগৰাকী শিক্ষাৰ্থীয়ে।
১২৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে ঘোষণা কৰা হ’ল অসম হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলো। হাই মাদ্ৰাছাৰ শীৰ্ষত জিলিকিল ধুবুৰীৰ মিজানুৰ ৰহমান। কামানডাঙা হাই মাদ্ৰাছাৰ ছাত্ৰ মিজানুৰে লাভ কৰিছে মুঠ ৫৫৬ নম্বৰ।
১৩৷ অসম হাই মাদ্ৰাছা পৰীক্ষাত দ্বিতীয় স্থান লাভ কৰিছে ধুবুৰীৰ চাপৰ মাদ্ৰাছা এইচ এছ স্কুলৰ নাজমূল হুদাই। হুদাই লাভ কৰিছে মুঠ নম্বৰ ৫৫৫। একেদৰে হাই মাদ্ৰাছাত তৃতীয় স্থান পাইছে মঙলদৈৰ পশ্চিম মঙলদৈ হাই মাদ্ৰাছাৰ ছাবিহা স্ববনমে। মুঠ ৫৪৯ নম্বৰ লাভ কৰিছে শিক্ষাৰ্থীগৰাকীয়ে।
১৪৷ ছেবাই ঘোষণা কৰাৰ পূৰ্বে ফাদিল হ’ল মেট্ৰিকৰ ফলাফল। পুৱা ৭ বজাতেই ফেচবুক, হোৱাটচএপত ফলাফল ফাদিল৷ ছেবাই ফলাফল ঘোষণা কৰাৰ দুঘণ্টা পূৰ্বেই ফলাফল ফাদিল কৰা কাণ্ডই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
১৫৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ নাহিদ আফ্ৰিন। আটাইকেইটা বিষয়ত লেটাৰ নম্বৰসহ মুঠ ৫৪৯ নম্বৰ লাভ কৰিছে নাহিদে। ৯১.৫% নম্বৰেৰে উত্তীৰ্ণ নাহিদ।
No comments:
Post a Comment