লাহৰীঘাট : পবিত্ৰ ৰমজান মাহৰ আৰম্ভণিৰ পৰাই সমগ্ৰ বিশ্বৰ লগতে মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্ততো মুছলমান সকলৰ মাজত উৎসাহ উদ্দীপনা বিয়পি পৰা পৰিলক্ষিত হৈছে। এই সময়ছোৱাত নিতৌ পুৱা সূৰ্যোদয়ৰ পূৰ্বে ধৰ্মীয় নীতি নিয়মেৰে চেহেৰীৰ আহাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা সূৰ্য মাৰ যোৱাৰ পাছত নিৰ্দিষ্ট সময়ত ইফতাৰৰ খাদ্য গ্ৰহণ কৰি পবিত্ৰ ৰমজানৰ ৰোজা পালন কৰে। পবিত্ৰ ৰমজান মাহৰ ৰোজা ৰাখিবলৈ চেহেৰী আৰু ইফতাৰৰ বাবদ যথেষ্ট পৰিমাণে ধন ব্যয় কৰা পৰিলক্ষিত হয়। কাৰণ, এই দুসাঁজ আহাৰ মুছলমান লোকসকলে সুস্বাদু ভাবে গ্ৰহণ কৰে । স্মৰ্তব্য যে, পৰম্পৰাগত ভাৱে মুছলমান সকলে দিনটোৰ কঠোৰতম ৰীতি নীতিৰে পালিত ৰোজাৰ অন্তত প্ৰতিদিনে ইফতাৰৰ সময়ত বিভিন্ন প্ৰকাৰৰ ফলমূল তথা সোৱাদ ভৰা খাদ্যৰে ইফতাৰ গ্ৰহণ কৰি আহিছে। কিন্তু এইবেলি দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকসকল বঞ্চিত হৈ পৰিছে এনে ফলমূলৰ সোৱাদ লোৱাৰ পৰা। কিয়নো সম্প্ৰতি মৰিগাঁও জিলাৰ বজাৰসমূহত ফলৰ উৰ্ধমূখী জুই চাই দাম। উল্লেখ্য যে, ৰমজান মাহৰ শুভাৰম্ভ হোৱাৰ পৰাই প্ৰত্যেকবিধ ফলৰ দাম পূৰ্বৰ তুলনাত তিনি চাৰি গুণ বৃদ্ধি হোৱা দৃষ্টিগোচৰ হৈছে। মূলত : একাংশ অসৎ ব্যৱসায়ীয়ে ৰমজান মাহৰ সুযোগ লৈছে বুলি অভিযোগ উত্থাপিত হৈছে। যাৰ ফলত মূৰে কপালে হাত দিবলৈ বাধ্য হৈছে দৰিদ্ৰ গ্ৰাহকে।
Responsive Ads Here
Friday, May 25, 2018

মৰিগাঁৱৰ বজাৰ সমূহত ফলমূলৰ আকাশলংঘী মূল্যবৃদ্ধি
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment