বৰপেটা : দক্ষিণ বৰপেটাৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰেইনব’ মডেল একাডেমী, পালহাজীৰ অইন বৰ্ষৰ দৰে এইবাৰো ১০০% পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈ বৃহত্তৰ অঞ্চললৈ সুনাম কঢ়িয়াই আনিছে৷ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ মুঠ ৪৬জন ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল আৰু ইয়াৰে ৪১জনে প্ৰথম বিভাগ আৰু ৫জনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে৷ ৪ জনে ষ্টাৰ মাৰ্ক লাভ কৰাৰ লগতে অসমীয়াত ১২, ইংৰাজীত ৭, গণিতত ৬, বিজ্ঞানত ১৩, এৰাবিকত ১২, হিন্দীত ৪ আৰু সমাজ বিজ্ঞানত ১ জন শিক্ষাৰ্থীয়ে লেটাৰ মাৰ্ক পাই উত্তীৰ্ণ হৈছে৷ বিদ্যালয়খনৰ ১০০% উত্তীৰ্ণ হোৱা সন্দৰ্ভত বিদ্যালয় পৰিচালনা সমিতিৰ অন্যতম উদীয়মান সমাজ সেৱক ইমদাদ উল্লাহ খান আৰু বিদ্যালয়খনৰ অধ্যক্ষ মনোৱাৰ হুছেইন খানে কয় যে, শৈক্ষিক পৰিৱেশ অটুট ৰাখি শিক্ষাৰ্থীৰে বন্ধুসুলভ ব্যৱহাৰেৰে শিক্ষা প্ৰদান কৰি অহা বাবে সম্পূৰ্ণ পিছপৰা অঞ্চলৰ শিক্ষাৰ্থীয়ে আশানুৰূপ ফলাফল দাঙি ধৰিবলৈ সক্ষম হৈছে৷ এয়া অঞ্চলটোৰ লগতে বিদ্যালয়খনৰ বাবে সুখবৰ৷
Responsive Ads Here
Friday, May 25, 2018

১০০% পৰীক্ষাৰ্থী উত্তীৰ্ণ ৰেইনব’ মডেল একাডেমীৰ
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment