বৰপেটাৰোডৰ পৰা আনিছুজ জামানৰ সংবাদ :
সদ্যঘোষিত হাইস্কল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বৰপেটা জিলাৰ চাৰিগৰাকী কৃতীমানে স্থান লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনাৰ লগতে আন বহুজনে ভাল ফলাফল কৰিবলৈ সক্ষম হয়। ইয়াৰ মাজতেই বৰপেটাৰোডৰ এগৰাকী দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ কন্যা জুখমিনা খাতুনৰ ফলাফলে অতি চৰ্চাৰ বিষয় হৈ পৰিছে।
বৰপেটাৰোডৰ হুছেইন আলী অাৰু আমিনা খাতুনৰ কন্যা জুখমিনা খাতুনে বৰপেটাৰোডৰ জি এন বৰদলৈ মেম’ৰিয়েল হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৱতীৰ্ন হৈ অসমীয়া ৮৪, ইংৰাজী ৯১, সাধাৰণ গনিত ৯১, সাধাৰণ বিজ্ঞান ৯৬, সমাজ বিজ্ঞান ৮৭, আৰু হিন্দী ৮৭ নম্বৰসহ আটাইকেইটা বিষয়ত লেটাৰ লৈ মুঠ ৫৩৬ নম্বৰ লৈ সুখ্যাতিৰে উত্তীৰ্ন হয়।
উল্লেখযোগ্য যে পিতৃ হুছেইন খানে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিছিল আৰু চৰম দৰিদ্ৰতাৰ মাজতো অতি কষ্টৰে জুখমিনা খাতুনে অধ্যয়ন কৰি গৈছিল। জুখমিনা খাতুনৰ সফলতাত তেওঁৰ পিতৃ-মাতৃৰ লগতে অঞ্চলবাসী আনন্দত আত্মহাৰা হৈ পৰাৰ লগতে বিভিন্ন দল-সংগঠনে শুভেচ্ছা জ্ঞাপন কৰে। ইপিনে ছাত্ৰগৰাকীয়ে অধ্যায়ন কৰা স্কুলখনত এক আনন্দ মুখৰ পৰিবেশৰ সৃষ্টি হয়।
আনহাতে জুখমিনা খাতুনলৈ এক সুখবৰ জুখমিনা খাতুনৰ অাগলৈ লিখা পঢাৰ সকলো দায়িত্ব আজমল গ্ৰুপ অফ কলেজ, হোজাইয়ে ল’ব বুলি ফোন যোগে ‘সংবাদ প্ৰহৰী’ক জানিবলৈ দিয়ে৷ জুকমিনা খাতুনে ভবিষ্যতে চিকিৎসক হ’ব বিচাৰে আৰু ইয়াৰ বাবে শিক্ষা মন্ত্রীৰ ওচৰত সহায় বিচাৰে৷
বৰপেটাৰ ভােডাফোন মিনি ষ্টোৰৰ অস্থায়ী ছাফাইকর্মী সােনমণিৰ চাৰিটাত লেটাৰ নম্বৰ
বৰপেটাৰ পৰা পুলেন্দ্র দাসৰ সংবাদ :
সত্ৰনগৰী বৰপেটাৰ এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান তথা চহৰখনৰ ভােডাফোন মিনি ষ্টোৰত অস্থায়ী ছাফাই কর্মী হিচাপে কাম কৰা সােনমণি দাসে সদ্যঘােষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত চাৰিটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰি সকলােৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে। বৰপেটা চহৰৰ দলাহাটী নিবাসী প্রয়াত দিপুল জিৎ দাসৰ সন্তান সােনমণিয়ে বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ অসমীয়াত ৮৯, ইংৰাজীত ৮৪, হিন্দীত ৮২ আৰু সমাজ বিজ্ঞানত ৮০ নম্বৰসহ সৰ্বমুঠ ৪৭৯ নম্বৰ লাভ কৰে। প্রায় পাচ বছৰ পূর্বে পিতৃক অকালতে হেৰুৱাৰ ফলত ঘৰখনলৈ ঘােৰ অমানিশা নামি আহে যদিও পঢ়াশুনাৰ প্রতি পিচহুহকি অহা নাছিল সােনমণিয়ে।
একমাত্র উপার্জনকাৰী ব্যক্তি পিতৃক হেৰুৱাৰ পিছত ঘৰখনৰ লগতে আর্থিক দিশত মাতৃক সকাহ দিয়াৰ বাবে সােনমণিয়ে চহৰখনৰ ভােডাফোন মিনি ষ্টোৰত অস্থায়ী ছাফাই কর্মী হিচাপে কাম কৰিছিল। ছাত্ৰ গৰাকীৰ এনে সাফল্যত অসম বিত্ত। নিগমৰ উপাধ্যক্ষ অনিল কুমাৰ দাসে সােনমণিৰ বাসগৃহত উপস্থিত হৈ সম্বর্ধণা জনােৱাৰ লগতে কিছু আর্থিক সাহার্য প্রদান কৰে। ভৱিষ্যতে এগৰাকী অভিযন্তা হবলৈ ইচ্ছা প্রকাশ কৰা সােনমণিৰ ইচ্ছা যাতে অপূৰণীয় হৈ নৰয় তাৰ প্রতি লক্ষ্য ৰাখিবলৈ সচেতন ৰাইজক বিনম্র ভাৱে অনুৰােধ জনাইছে সােনমণিৰ মাতৃয়ে।
No comments:
Post a Comment