১০০% উত্তীৰ্ণৰে উজ্বলিল লিডু-লাহৰীঘাটৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, May 26, 2018

১০০% উত্তীৰ্ণৰে উজ্বলিল লিডু-লাহৰীঘাটৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান

১০০ শতাংশ উত্তীৰ্ণৰে চেণ্টপল বিদ্যালয়ৰ বৃহৎ সাফল্য 

লিডুৰ পৰা উজ্জল চৌধুৰীৰ সংবাদ  :
তিনিচুকীয়া জিলাৰ টিৰাপ হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰৰ অধীন অঞ্চলটোৰ ১৩ খন বিদ্যালয়ৰ ভিতৰত উদয়পুৰৰ চেণ্টপল বিদ্যালয়খনে শুক্ৰবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ২০১৮ বৰ্ষৰ ফলাফলত অঞ্চলটোলৈ এইবাৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ "টিৰাপ"হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰটোৰ ভিতৰতে চেণ্টপল বিদ্যালয়খনৰ এইবাৰ মুঠ ২০ গৰাকী পৰিক্ষাৰ্থীৰ ভিতৰত ১২ জনে প্ৰথম বিভাগ আৰু ৮ জনে দ্বিতীয় বিভাগ পাবলৈ সক্ষম হোৱাৰ লগতে তাৰে ৫ গৰাকী পৰিক্ষাৰ্থীয়ে ডিষ্টিংচন লাভ কৰি উত্তীৰ্ণ হয়৷ ইফালে বিদ্যালয়খনৰ মেধাৱী ছাত্ৰী সুমতি কুমাৰী জয়ছোৱালে অংক বিষয়ত ১০০ ভিতৰত ১০০ নম্বৰেৰে বিদ্যালয়খনিলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ উল্লেখ্য যে অসম অৰুণাচল সীমান্তৱৰ্তী পিছপৰা অঞ্চলটোৰ ভিতৰতে বিদ্যালয়খনিৰ এনে ফলাফলে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়ত্ৰী, ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱক সকলক উৎফুল্লিত কৰাৰ লগতে অঞ্চলটোলৈ এক বৃহৎ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷

এশ শতাংশ উৰ্ত্তীণৰে সুনাম কঢ়িয়ালে টেঙাগুৰিৰ ইকৰা একচেলেঞ্চ একাডেমীয়ে 



লাহৰীঘাটৰ পৰা জহিৰুল ইছলামৰ সংবাদ : 
সদ্যহতে ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১০০ শতাংশ উৰ্ত্তীণৰে লাহৰীঘাট অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে ইকৰা একচেলেঞ্চ একাডেমী টেঙাগুৰিয়ে। ব্যক্তিগত খণ্ডৰ বিদ্যালয় ইকৰা একচেলেঞ্চ একাডেমী টেঙাগুৰিত এইবাৰ ৮ জন পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তাৰে গোটেই কেইগৰাকী ছাত্ৰ ছাত্ৰী সুখ্যাতিৰে উৰ্ত্তীণ হৈ বিদ্যালয় তথা অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, মুস্তাফিজুৰ ৰহমান আৰু মাছুদ হাচানে গোটেই কেইটা বিষয়ত লেটাৰ মাৰ্ক পোৱাৰ বিপৰীতে নাছৰিন কাউছাৰে ৪ টা বিষয়ত লেটাৰ মাৰ্ক পাবলৈ সক্ষম হয়। মুস্তাফিজুৰ ৰহমানৰ ৯০.৮৩ শতাংশ আৰু মাছুদ হাচানৰ ৮৭.৩৩ শতাংশ নম্বৰে অঞ্চলবাসীৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে।

No comments:

Post a Comment

SPONSORED