হাইমাদ্ৰাছাৰ শীর্ষ তিনিত ক্ৰমে মিজানুৰ ৰহমান, নজমুল আৰু শ্ববনম - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, May 26, 2018

হাইমাদ্ৰাছাৰ শীর্ষ তিনিত ক্ৰমে মিজানুৰ ৰহমান, নজমুল আৰু শ্ববনম


ধুবুৰীৰ পৰা শ্বহীদুল ইছলামৰ সংবাদ :
সদ্য ঘােষিত হাইমাদ্ৰাছা চুড়ান্ত পৰীক্ষাৰ ফলাফলত ধুবুৰী জিলাৰ অতিকৈ ভিতৰুৱা অঞ্চল তামাৰহাটৰ নিকটৱর্তী কামানডাংগা উচ্চতৰ মাধ্যমিক মাদ্ৰাছাৰ ছাত্র মিজানুৰ ৰহমানে ৰাজ্যখনৰ ভিতৰত প্রথম স্থান অধিকাৰ কৰি জিলাখনৰ লগতে অসম-বংগ সীমান্ত অঞ্চললৈ সুনাম কঢ়িয়াই আনিছে। ছাত্ৰজনৰ কৃতকার্যতাই অঞ্চলটোৰ সকলােকে আপ্লুত কৰি তুলিছে। অসম-বংগ সীমান্তৱর্তী তথা ধুবুৰী জিলাৰ অতিকৈ ভিতৰুৱা অঞ্চল সােণালুৰ ডাৱৰীগাওঁ নিৱাসী তথাহাতীৰা কনিষ্ঠ মহাবিদ্যালয়ৰ নিম্নবর্গৰ সহায়ক আব্দুল বাছেদ আলী আৰু মমতাজ বিবিৰ পুত্র মিজানুৰ ৰহমানে অসমৰ ভিতৰত সর্বাধিক নম্বৰ লাভ কৰি হাইমাদ্ৰাছাৰ প্রথম স্থান দখল কৰিবলৈ সক্ষম হয়।
মিজানুৰে ৯২.৬৭ শতাংশ নম্বৰ লাভ কৰে। মিজানুৰে ইংৰাজীত ৯৩, অসমীয়া (৫০ৰ ভিতৰত) ৪৭, গণিতত ৯৯, বিজ্ঞানত ৯৮, সমাজ বিজ্ঞানত ৭৮, এৰাবিকত ৯৬ আৰু ফিকাত (৫০)ৰ ভিতৰত ৪৫ নম্বৰসহ মুঠ ৫৫৬ নম্বৰ লাভ কৰিছে। মিজানুৰে অতিকৈ ভিতৰুৱা অঞ্চলত বসবাস কৰি হাইমাদ্ৰাছাৰ ভিতৰত প্রথম স্থান অধিকাৰ কৰাত সীমান্তৱর্তী অঞ্চলৰ ৰাইজ তথা বিভিন্ন দল-সংগঠনে ফুলাম গামােচা দি উষ্ম আদৰণি জনায়। ফলাফল ঘােষণা হােৱাৰ পাছত স্কুল, অঞ্চলটোৰ শুভাকাংক্ষীৰে ঘৰ ভৰি পৰে। প্রথম স্থান অধিকাৰ কৰা ছাত্ৰজনক পুৱা মাদ্রাছাত আনি মাদ্ৰাছাৰ তৰফৰ পৰা ফুলাম গামােচাৰে সম্বর্ধনা জনায়। ইয়াক লৈ মাদ্ৰাছাখনত এক উছৱমুখৰ পৰিৱেশ সৃষ্টি হয় ছাত্র-ছাত্রীৰ মাজত। মাদ্ৰাছাৰ ছাত্র-ছাত্রীসকলে মিজানুৰক লৈ জয়ধ্বনি দিয়াৰ লগতে ফটকা ফুটাই আনন্দিত হৈ পৰে। সাধাৰণ পৰিয়ালৰ এইজন ছাত্রই প্রথম স্থান অধিকাৰ কৰাক কেন্দ্র কৰি সমগ্র কামানডাংগা অঞ্চলত আনন্দৰ জোৱাৰৰ সৃষ্টি হয়। মিজানুৰ ৰহমানে কয় যে এই সাফল্যৰ আঁৰত আছে পিতৃ-মাতৃ আৰু মাদ্ৰাছাৰ শিক্ষক-শিক্ষয়িত্ৰীসকল।
মাদ্ৰাছাৰ শিক্ষক, শিক্ষয়িত্ৰীসকলে সকলাে সময়তে বিভিন্ন পৰামৰ্শ, সহায় কৰাৰ উপৰি লাইব্রেৰীৰ পৰাও সহযােগিতা কৰিছে। কলেজৰ সাধাৰণ কৰ্মচাৰী হৈ পিতৃ আৰু গৃহৰ কৰ্মতি ব্যস্ত থকা মাতৃৰ ভূমিকা আছিল অপৰিসীম। নিতৌ একাগ্ৰতা আৰু মনােযােগেৰে আঠ-দহ ঘণ্টা অধ্যয়ন কৰিলে ভাল ফলাফল লাভ কৰাটো সহজ হৈ পৰে। মই কেতিয়াও ফোন ব্যৱহাৰ নকৰোঁ আৰু মােৰ কোনাে ফোন নাছিল। ফোন ব্যৱহাৰ কৰি সময় অপচয় নকৰি ছাত্ৰ-ছাত্ৰীৰ বাবে অতিকৈ মূল্যৱান সময়খিনি কিতাপ-বহী লৈ ব্যস্ত থাকিলে শৈক্ষিক দিশত সফলতা নিশ্চিত। অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীসকলে অনাহুত সময় নষ্ট নকৰি মনােযােগেৰে অধ্যয়ন কৰি মােতকৈ ভাল ফল দেখুৱাই এগৰাকী সুনাগৰিক হ'বলৈ আহ্বান কৰিছোঁ। মই এগৰাকী সুনাগৰিক হােৱাৰ লগতে কর্মপটু, দক্ষতাসম্পন্ন অভিযন্তা হােৱাৰ আশা ৰাখিছোঁ। পিতৃ-মাতৃয়ে দিয়া নির্দেশ অনুসৰি মই মােৰ শিক্ষা জীৱন আগুৱাই লৈ যাম আৰু ভৱিষ্যত দিনত কৰ্মজীৱনত সমাজৰ হৈ নিৰপেক্ষ, নিঃস্বার্থভাৱে সেৱা আগবঢ়াই যােৱাৰ পৰিকল্পনা আছে। মই ভিতৰুৱা অঞ্চলৰ পৰা ভাল ফল দেখুৱাব পাৰিছাে বাবে মােৰ যথেষ্ট ভাল লাগিছে। অভাৱ আৰু সমস্যাই শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও হেঙাৰ হ'ব নােৱাৰে যদিহে একাগ্রতা থাকে। ছাত্ৰজনৰ অভাৱনীয় সফলতা দেখি পিতৃ আব্দুল বাছেদ। উল্লেখ্য যে ধাৰাবাহিকভাৱে ভাল ফলাফল কৰা এইখন মাদ্ৰাছাৰ পৰা ইয়াৰ পূর্বেও এগৰাকী ছাত্ৰই অসমৰ ভিতৰত প্ৰথম আৰু আন এগৰাকীয়ে দ্বিতীয় স্থান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে বুলি প্ৰকাশ কৰে মাদ্রাছাখনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আব্দুল কুদ্দুছ শেখে।

দ্বিতীয় স্থানত চাপৰৰ নজমুল হুদা

আর্থিক দীনতা কেতিয়াও হেঙাৰ হ'ব নােৱাৰে শিক্ষাৰ ক্ষেত্ৰত; তাকে প্রমাণ কৰি দেখুৱালে ধুবুৰী জিলাৰ চাপৰ হর্দেৰ্মাৰা গাঁৱৰ বাসিন্দা তথা চাপৰ মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অসমৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰা নজমুল হুদাই। ধুবুৰী জিলাৰ চাপৰৰ হর্দেৰ্মাৰা গাঁৱৰ বাসিন্দা মৌলানা আব্দুল খালেক আৰু নাজিৰা খাতুনৰ জ্যেষ্ঠ সন্তান নজমুল হুদাই। সদ্যঘােষিত হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰাত গাঁওখনৰ লগতে সমগ্ৰ চাপৰবাসী উৎফুল্লিত হৈছে। ফলাফল অনুসৰি, দ্বিতীয় স্থান লাভ কৰা নজমুলে ইংৰাজীত ৮৮, গণিতত ৯৭, বিজ্ঞানত ৯৩, সমাজবিদ্যাত ৯১, এৰবিকত ১০০, ফিকাত ৪২, অসমীয়াত ৪৪ নম্বৰসহ মুঠ ৫৫৫ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। সমগ্র অসমৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰা নজমুল হুদা কোৰানৰ হাফিজ হােৱাৰ উপৰি চাপৰৰ এখন দর্জীৰ দোকানত কাম কৰে। ভৱিষ্যতে এগৰাকী চিকিৎসক হৈ মানৱ সেৱা কৰাৰ সপােন দেখিছে নজমুলে। নজমুল হুদাৰ সাফল্যত চাপৰ মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-কর্মচাৰী, চাপৰ প্ৰেছ ক্লাব, চাপৰ আঞ্চলিক আছ, আক্ৰাছ, আছা, আমছ, গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ লগতে দল-সংগঠনে শুভেচ্ছা জ্ঞাপন কৰিছে।

তৃতীয়ত পশ্চিম মঙলদৈৰ ছাবিহা শ্ববনম

ছিপাঝাৰ ভৱিষ্যতে এগৰাকী সুচিকিৎসক হােৱাৰ লক্ষ্য বান্ধি লৈছে হাইমাদ্ৰাছা চুড়ান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে তৃতীয় স্থানপ্রাপ্ত ছিপাঝাৰৰ কৃতী ছাত্রী ছাবিহা শ্ববনমে। পশ্চিম মঙলদৈ হাইমাদ্ৰাছাৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ ছাবিহাই অসমীয়াত ৪৭,ইংৰাজীত ৯১, সাধাৰণ গণিত ৯৯, সাধাৰণ বিজ্ঞানত ৯১, সমাজ বিজ্ঞানত ৮৮, ফিকা-আকাইডত ৪০ আৰু আৰবীত ৯৩ নম্বৰেৰে আটাইকেইটা বিষয়তে লেটাৰ নম্বৰ লাভ কৰিছে। ছিপাঝাৰৰ পশ্চিম প্রান্ত কেন্দুগুৰি গাঁৱৰ তেনেই এটা দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্রী ছাবিহাৰ এই সাফল্যই ইতিমধ্যে সমগ্র অঞ্চলবাসীক গৌৰৱান্বিত কৰি তুলিছে। গাঁওখনৰ কৃষক দম্পতী ইক্ৰাম হক আৰু ৰিণুৱাৰা বেগমৰ কন্যা ছাবিহা শ্ববনমে দৈনিক ১৩/১৪ ঘণ্টা অধ্যয়ন কৰাৰ লগতে প্ৰতিটো বিষয়ৰ পাঠ খৰচি মাৰি অধ্যয়নত গুৰুত্ব দিছিল। নিজৰ সাফল্যত যথেষ্ট উৎসাহী হলেও প্রথম স্থানৰ বাবে প্রত্যাশী আছিল ছাত্রীগৰাকী। সদ্যহতে বিজ্ঞান শাখাত নামভৰ্তি কৰিব মেধাৱী ছাত্রীগৰাকীয়ে।

No comments:

Post a Comment

SPONSORED