গোসাঁইগাৱঁত শাশ্বত ভাৰত ৰথ যাত্ৰা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, May 26, 2018

গোসাঁইগাৱঁত শাশ্বত ভাৰত ৰথ যাত্ৰা

ধ্যানযোগৰ দ্বাৰা মন, আত্মাক স্থিৰ কৰিব পাৰি: স্বামী শিৱ প্ৰেমানন্দ জি মাহাৰাজ



গোসাঁইগাওঁ : স্বামী বিবেকানন্দৰ চিকাগ’ ভাষণৰ ১২৫ তম্ বৰ্ষৰ লগত তথা ভগিনী নিবেদিতাৰ ১৫০ সংখ্যক জন্ম বৰ্ষপূৰ্তী উদযাপনৰ লগত সংগতি ৰাখি আজি গোসাঁইগাওঁ মহকুমা সদৰ চহৰত শাশ্বত ভাৰত ৰথ যাত্ৰা উলিওৱা হয় ৷ কলিকতাৰ কাকুৰগাছি স্থিত ৰামকৃষ্ণ মঠ (যোগদ্যান) আৰু জলপাইগুৰী ৰামকৃষ্ণ মিছন আশ্ৰমৰ যৌথ উদ্যোগত, গোসাঁইগাওঁ ৰামকৃষ্ণ সেৱা আশ্ৰমে আয়োজন কৰা শাশ্বত ভাৰত ৰথ যাত্ৰাৰ বাবে বিশেষ ভাৱে স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্ত্তিত মাল্যৰ্পন কৰে গোসাঁইগাওঁ বিধান সভা সমষ্টিৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীয়ে৷ ইয়াৰ পিছত উপস্থিত বাটিচি’ৰ কাৰ্য্যবাহী সদস্য মৃত্যুঞ্জয় নাৰ্জাৰী, গোসাঁইগাওঁ মহকুমাধিপতি উইলবাৰ্ণ এছ দৈমাৰী সহ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে স্বামীজীৰ প্ৰতিমূৰ্ত্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে৷ ৰাতিপুৱা ১০ বজাত গোসাঁইগাওঁ ৰামকৃষ্ণ সেৱা আশ্ৰম প্ৰাঙ্গণৰ পৰা স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্ত্তিত ধুনীয়াকৈ সজাই অনা শাশ্বত ভাৰত ৰথ খনৰ লগত প্ৰায় এক সহস্ৰাধিক অনুগামীয়ে পদযাত্ৰা কৰে৷ গোসাঁইগাওঁ মহকুমা সদৰ চহৰখন পৰিভ্ৰমণ কৰি গোসাঁইগাওঁ নাথ মন্দিৰত ৰথযাত্ৰাৰ অন্ত পৰে৷ আনহাতে কাৰ্য্যসূচী অনুযায়ী দুপৰীয়া ১২ বজাত কলিকতাৰ কাকুৰগাছি স্থিত ৰামকৃষ্ণ মঠৰ অধ্যক্ষ স্বামী বিমলাত্মা নন্দজী মহাৰাজ আৰু জলপাইগুৰী ৰামকৃষ্ণ সেৱা আশ্ৰমৰ সম্পাদক স্বামী শিৱ প্ৰেমানন্দজী মহাৰাজ আমন্ত্ৰিত বিশেষ অতিথি হিচাপে উপস্থিত থাকি স্বদেশমন্ত্ৰ পাঠ কৰে৷ 


ইয়াৰ পিছত ব্যক্তিত্ব বিকাশ আৰু মনঃ সংযোগ সম্পৰ্কে স্বামীজীদ্বয়ে উপস্থিত ছাত্ৰ ছাত্ৰী সকলৰ আগত বহুমূলীয়া বক্তব্য ৰাখে ৷ স্বামী শিৱ প্ৰেমানন্দজী মহাৰাজে নিজৰ ভাষণত ছাত্ৰ ছাত্ৰী সকলক স্বামী বিবেকানন্দৰ জীৱন সম্পৰ্কে অধ্যয়ন কৰাৰ বাবে আহ্বান জনায় কয়, স্বামী জীৰ জীৱন আৰিক্ৰমা সম্পৰ্কে অধ্যয়ন কৰিব পাৰিলে নিজৰ ব্যক্তিত্ব গঠন কৰাত বহুখিনি সুফল পাব পাৰি৷ পৰীক্ষাত এশৰ ভিতৰত এশ পালেই নহ’ব৷ পৰীক্ষাত কম নম্বৰ পালেও এজন ব্যক্তিত্ব পুৰ্ণ মানুহ হব পাৰে ৷ ইয়াৰ উপৰি তেওঁ উপস্থিত ছাত্ৰ ছাত্ৰ সকলক ধ্যানযোগৰ যোগেদি মন আৰু আত্মাক স্থিৰ কৰিব পাৰি আৰু নিজকে সংযমী কৰে আৰু স্মৃতি শক্তি আৰু জ্ঞানৰ তহবিল বৃদ্ধি কৰিব পাৰি বুলি পৰামৰ্শ আগবঢ়ায় ৷ গোসাঁইগাওঁ ৰামকৃষ্ণ সেৱাশ্ৰমৰ সম্পাদক দেৱাশীষ দেয়ে স্বাগত ভাষণেৰে আৰম্ভ কৰা কাৰ্য্যসূচীত মহকুমা খনৰ দহ খনৰো অধিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে আৰু স্বামী জী দ্বয়ৰ সৈতে ছাত্ৰ ছাত্ৰী সকলৰ প্ৰশ্নোত্তৰ পৰ্ব অনুষ্ঠিত হয় ৷

No comments:

Post a Comment

SPONSORED