তামাৰহাট : ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত কামানডাঙ্গা গাঁওৰ এজন যুৱক বহিঃৰাজ্যত কৰ্মৰত অৱস্থাত গছৰ তলত পৰি মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ বিৰাজ কৰিছে। জানিব পৰা মতে, কামানডাঙ্গা কুটি গাঁওৰ হামেদ আলি খাঁনৰ পুত্ৰ হবিবৰ ৰহমান (২৬) অৰুণাচল প্ৰদেশৰ কমলে জিলাৰ ৰাঘা নামৰ অতি দুৰ্গম পাহাৰীয়া গাঁৱত বিগত কেইবাবছৰ ধৰি ৰাজ মিস্ত্ৰী হিচাপে কাম কৰি আছিল। বিৱৰণি মতে, যোৱা ২৪ মে তাৰিখে হবিবৰ ৰহমানে পাইন গছ কাটি থাকতে হঠাতে গছৰ তলত পৰি অচেতন হৈ পৰে । অচেতন অৱস্থাত তেওঁক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে । বিগত কেইবা বছৰ ধৰি অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত ৰাজমিস্ত্ৰী কাম কৰিয়েই সংসাৰ চলাইছিল হবিবৰ ৰহমানে। ইফালে হবিবৰৰ মৃত্যুৰ বাতৰিয়ে তেওঁৰ ঘৰখনৰ লগতে কামানডাঙ্গা অঞ্চলত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে ঘৰখনত ভৰি পৰে আত্মীয় শুভাকাংক্ষীয়ে । কান্দোনত ভাগি পৰে পৰিয়ালৰ লগতে আপোনজন। আজি দুপৰীয়া এক বজাত হবিবৰৰ মৃতদেহ কামানডাঙ্গা গাওঁত অহাৰ লগে লগে মৃতদেহ চোৱাৰ বাবে অসংখ্য লোকৰ সমাগম হোৱা পৰিলক্ষিত হয়। অৱশেষত তেওঁৰ নশ্বৰ দেহ ধৰ্মীয় নীতিৰে প্ৰায় সহস্ৰাধিক লোকৰ উপস্থিতিত জানাজা সম্পন্ন কৰি তেওঁৰ অন্তিম সৎকাৰ কৰা হয়।
Responsive Ads Here
Saturday, May 26, 2018

অসমৰ যুৱকৰ বহিঃৰাজ্যত মৃত্যু
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment