মাণিকপুৰ : বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত সকলো গাৱঁৰ গাওঁৰক্ষী বাহিনীৰ সভাপতি, সম্পাদক, গাঁৱৰ সচেতন নাগৰিক, সমাজ সেৱক/ সেৱিকা, বিভিন্ন দল-সংগঠনৰ সদস্যক লৈ এক সজাগতা সভা অনুষ্ঠিত কৰে। অহা ৩১ জুনত এন আৰ ছিৰ দ্বিতীয় খচৰা আগমুহূৰ্তত বা পিছত দুষ্কৃতিকাৰীয়ে যাতে কোনো ধৰনৰ অপকৰ্ম বা আইন শৃংখলা বিঘ্নিত কৰিব নোৱাৰে তাৰ বাবেই এই সভাৰ মুখ্য আলোচনাৰ বিষয় আছিল। সভা উদ্দেশ্য ব্যাখ্যা কৰে মাণিকপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰহ্মই। আইন শৃংখলা ওপৰত বিশেষ ভাবে বক্তব্য ৰাখে বঙাইগাঁওৰ উপ আৰক্ষী অধীক্ষক প্ৰাঞ্জিত বৰাৰ লগতে গাওঁৰক্ষী বাহিনীৰ উপদেষ্টা দিব্যজ্যোতি দত্তই। তেওঁলোকে সমাজৰ মাজত ভাতৃত্ববোধেৰে হাত মিলাই সহযোগ কৰি আইন শৃংখলা অটুট ৰাখিবলৈ সভাত উপস্থিত থকা সন্মানীয় ব্যক্তি সকলক পৰামৰ্শ আগবঢ়ায়।
Responsive Ads Here
Saturday, May 26, 2018

মাণিকপুৰত এন আৰ চিৰ ওপৰত সজাগতা সভা
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment