বিষয়ঃ সমষ্টিৰ নিৰ্বাচিত জন প্ৰতিনিধিক অথবা বিধায়কক উদ্ধোধনী অনুষ্ঠানলৈ নিমন্ৰণ নজনোৱাকৈ মুখ্যমন্ত্ৰী, সাংসদ আৰু অন্য সমষ্টিৰ জনপ্ৰতিনিধক নিমন্ত্ৰণ জনাই উদ্ধোধনী অনুষ্ঠানৰ আয়োজনৰ এক অশুভ আৰু অগনতান্ত্ৰিক প্ৰক্ৰিয়াৰ অৱসান ঘটাবলৈ মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ।
NO.ALA/LoP/R/2018/2965
Dated Dispur, the 26th May, 2018
নমষ্কাৰ গ্ৰহন কৰিব।
আপোনাৰ জ্ঞাতাৰ্থে জনাব বিচাৰো যে, আজি ২৬ মে' ২০১৮ তাৰিখে অনুষ্ঠিতব্য লাকুৱা পৰিবৰ্ত্ত তাপবিদ্যুৎ প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানলৈ স্থানীয় বিধায়কক নিমন্ত্ৰণ পৰিকল্পিত ভাবে জনোৱা হোৱা নাই। সন্মানীয় মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব লগা এই অনুষ্ঠানত স্থানীয় সাংসদ আৰু অন্য সমষ্টিৰ জনপ্ৰতিনিধি উপস্থিত থাকিব বুলি নিমন্ত্ৰণী পত্ৰ ছপাই কাৰ্যসূচী প্ৰস্তুত কৰা পৰিলক্ষিত হৈছে। অৱশ্যে পূৰ্বৰ বিজ্ঞাপনত মোৰ নাম উল্লেখ নকৰি বহুল প্ৰচাৰ চলোৱাৰ পাছত আজি মোৰ নাম আপোনালোকৰ লগত অতিথিৰূপে উল্লেখ কৰি বিজ্ঞাপন দিছে৷ মোৰ আজি এই চৰকাৰী গুৰুত্বপূৰ্ণ অনুষ্ঠানত আপোনাৰ কাষত ৰাজহুৱা স্বাৰ্থত উপস্থিত থকাৰ প্ৰবল ইচ্ছা আছিল। কিন্তু আজি পূৱা স্থানীয়ভাবে আয়োজনৰ খবৰ লোৱাৰ সময়ত মঞ্চৰ বেনাৰত মোৰ নাম উল্লেখ নাই বুলি অৱগত হলো। বিজ্ঞাপন যে এক আন্তৰিকতাহীন প্ৰয়াস। তাৰ পিছত আৰু এই অনুষ্ঠানলৈ অংশগ্ৰহন কৰিবলৈ যোৱাটো সম্ভৱ নহ’ল। এনে কাৰ্য পূৰ্বেও একাধিকবাৰ কৰি থকা পৰিলক্ষিত হৈছে। আনকি বিধায়কৰ পূঁজিৰে নিৰ্মান কৰা পথ উদ্ধোধনী অনুষ্ঠানলৈ সমষ্টিৰ বিধায়ক জনকে নিমন্ত্ৰণ নজনাই এক অশুভ আৰু অগণতান্ত্ৰিক পৰম্পৰাৰ সুত্ৰপাত কৰা হৈছে।
নাজিৰা সমষ্টিৰ অন্তৰ্গত মাইবেলাত পূৰ্বৰ চৰকাৰৰ তৎপৰতাত স্থাপন হোৱা লাকুৱা পৰিবৰ্ত্ত তাপবিদ্যুৎ প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানলৈ নাজিৰাৰ জনপ্ৰতিনিধিগৰাকী প্ৰধান বিৰোধী দল ভাৰতীয় জাতীয় কংগ্ৰছ দলৰ হোৱাৰ লগতে অসম বিধান সভাৰ বিৰোধী দলপতি হোৱাৰ বাবেই বিভাগীয় ভাবে অনিমন্ত্ৰিত হ’ল নেকি? এনে কাৰ্য গৰ্হিতই নহয়, সু্ষ্ঠ আৰু শক্তিশালী নিৰপেক্ষ গনতন্ত্ৰৰ প্ৰতিয়েই এক প্ৰকাৰ চুড়ান্ত ভাবুকিও।
বিৰোধী দল বুলিলেই অগনতান্ত্ৰিকভাবে এনে পদক্ষেপ কিয় গ্ৰহণ কৰে যাৰ দ্বাৰা গণতন্ত্ৰ, সাংবিধানিক বিধি ব্যৱস্থা উলংঘা হয়।
আশাকৰো, ভবিষ্যতৰ দিনত এনে গৰ্হিত কাৰ্যৰ পৰা সংশ্লিষ্ট পক্ষ আঁতৰি আহিবৰ বাবে আৰু এক সুস্থ পৰম্পৰা ৰক্ষা কৰি গনতন্ত্ৰ আৰু সামাজিক ন্যায় প্ৰতিষ্ঠাত অংশীদাৰ হোৱাৰ ক্ষেত্ৰত আপুনি বলিষ্ঠ ভূমিকা গ্ৰহন কৰিব।
আজি বিজ্ঞাপনত মোৰ নাম উল্লেখ থকা পিচতো মোৰ অনুপস্থিতি, ভৱিষ্যতে প্ৰশ্নৰ কাৰণ হ’ব পাৰে বাবে আপোনালৈ এই পত্ৰ প্ৰেৰণ কৰিলো।
আপোনাৰ,
স্বাক্ষৰ
(দেৱব্ৰত শইকীয়া)
No comments:
Post a Comment