বিধেয়কৰ সপক্ষে থিয় দিলে বৰাকবাসী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 9, 2018

বিধেয়কৰ সপক্ষে থিয় দিলে বৰাকবাসী

শিলচৰঃ  গুৱাহাটীৰ সম্পূর্ণ বিপৰীত দৃশ্য দেখা গ’ল ৮মেত শিলচৰত৷ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দর্ভত যুটীয়া সংসদীয় কমিটীয়ে শুনানি গ্রহণ কৰাৰ সময়ত খানাপাৰাৰ দৰে ব্যাপক জনসমাগম দেখা নগ’ল যদিও সকলো দল-সংগঠনে আহি নীৰৱে বিধেয়কৰ সমর্থনত সাক্ষ্য দান আৰু স্মাৰক-পত্র দাখিল কৰিলে৷ উল্লেখযোগ্য যে প্রতিকূল বতৰৰ বাবে নির্দিষ্ট সময়ৰ পৰিৱর্তে প্রায় ডেৰ ঘণ্টা পলমকৈ শিলচৰ এন আই আই টিত শুনানি আৰম্ভ হয়৷
বিয়লি ৪ বজাত আৰম্ভ হোৱা শুনানিত প্রথমে কৰিমগঞ্জ জিলাৰ ৮৬টা দল-সংগঠনে বিধেয়কৰ সপক্ষে মতামত দাঙি ধৰি একোখনকৈ স্মাৰক-পত্র দাখিল কৰে৷ কেৱল এ আই ইউ ডি এফৰ বাদে জিলাখনৰ সকলো দল- সংগঠনে বিধেয়কখনৰ সপক্ষে যুক্তি দাঙি ধৰে৷ ঠিক একেদৰে হাইলাকান্দি জিলাৰো ১০১টা সংগঠনে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদানৰ সপক্ষে যুক্তি দাঙি ধৰি বিধেয়কখনলৈ সমর্থন জনায়৷
জিলাখনৰ পৰা একমাত্র কৃষক মুক্তি সংগ্রাম সমিতিয়েহে বিধেয়কখনৰ বিৰোধিতা কৰি কমিটীৰ আগত সাক্ষ্য দিয়ে৷ মন কৰিব লগীয়া যে কমিটীৰ আগত সাক্ষ্য দি ওলাই অহা কংগ্রেছৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই সংবাদ মাধ্যমৰ আগত কয় যে আমি ধর্মৰ ভিত্তিত নহয়, অন্য দেশৰ পৰা নির্যাতিত হৈ ভাৰতলৈ অহা সকলোকে নাগৰিকত্ব দিয়াৰ পক্ষত মতামত দিওঁ৷ ইফালে সাক্ষ্য দিয়াৰ পাছত এ আই ইউ ডি এফৰ কৰিমগঞ্জৰ সাংসদ ৰাধেশ্যাম বিশ্বাস, বিধায়ক আজিজ খান আৰু সুজাম উদ্দিনে বিধেয়কখনৰ বিৰোধিতা কৰি মতামত দিয়া বুলি জানিবলৈ দিয়ে৷
উল্লেখযোগ্য যে জে পি চিৰ শুনানিৰ প্রতি লক্ষ্য ৰাখি সমগ্র শিলচৰত নিৰাপত্তা ব্যৱস্থা প্রশাসনে কটকটীয়া কৰি তোলে৷ ইফালে বিধেয়কৰ পক্ষত মত পোষণ কৰা বিধানসভাৰ উপাধ্যক্ষ দিলীপ পালে পদত্যাগ কৰাক কেন্দ্র কৰি শিলচৰত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷

No comments:

Post a Comment

SPONSORED