উজ্জলা যোজনাৰ পৰা এতিয়াও সম্পূৰ্ণকৈ বঞ্চিত বহুতো গাঁওবাসী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Wednesday, May 09, 2018

উজ্জলা যোজনাৰ পৰা এতিয়াও সম্পূৰ্ণকৈ বঞ্চিত বহুতো গাঁওবাসী


গোসাইগাঁওঃ  ২০১৬ চনতে ভাৰতবৰ্ষৰ মাননীয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ লগতে মহিলা সবলীকৰণৰ উদ্দেশ্যে শুভাৰম্ভণি কৰা "প্ৰধান মন্ত্ৰী উজ্জলা যোজনা" আঁচনিয়ে চুব পৰা নাই কোকৰাঝাৰ জিলাৰ গোসাইগাওঁ মহকুমাৰ অন্তৰ্গত কেইবাখনো গাঁও। জানিব পৰামতে গোসাইগাঁও মহকুমাৰ সাপকাটা আৰক্ষী চকীৰ অন্তৰ্গত অতি পিছপৰা এক নং আৰু দুই নং বাজুগাঁও নামৰ গাঁও দুখনৰ লগতে আৰু কেইবাখনো গাঁওৰ বাসিন্দাই সম্পূৰ্ণৰূপে বঞ্চিত হৈছে উক্ত যোজনাৰ বিনামূলীয়া গেছ-চিলিণ্ডাৰৰ পৰা। গাঁওবাসীয়ে অভিযোগ কৰে যে ভাৰত স্বাধীনতা লাভ কৰাৰে পৰা আজিলৈকে সকলোপ্ৰকাৰে চৰকাৰে প্ৰবঞ্চনা কৰি আহিছে উক্ত গাঁওবাসীক। গাঁও দুখনত আজিলৈকে নাহিল বিজুলীৰ পোহৰ, নাই শিক্ষা, নাই ৰাস্তা-ঘাট। সাংবাদিকৰ আগত গাঁওবাসীয়ে অভিযোগ কৰে যে ২০১১ চনত ভাৰত চৰকাৰে কৰা আৰ্থ-সামাজিক জৰীপৰ গাঁও দুখনৰ তথ্যৰ পৰিয়ালৰ পৰিচয়মূলক নম্বৰ (Identity Number) এতিয়ালৈকে উপলব্ধ নাই কোনো চৰকাৰী কাৰ্য্যালয় তথা চৰকাৰী ৱেবছাইটত। ইয়াৰ বাবে গাঁওবাসীয়ে বহুকেইবাৰ উন্নয়ণ খণ্ড বিষয়া তথা মহকুমাধিপতিৰ কাৰ্য্যালয়ত যোগাযোগ কৰিছে যদিও কোনো ফল দিয়া নাই। ফলস্বৰূপে উক্ত গাঁওবাসীয়ে প্ৰধানমন্ত্ৰী উজ্জলা যোজনাকে ধৰি সকলো প্ৰকাৰৰ সুযোগ-সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে। গাঁওবাসীয়ে চৰকাৰক সঠিক তদন্ত কৰি তেওঁলোকক উক্ত সুযোগ-সুবিধাবোৰ প্ৰদান কৰিবলৈ দাবী জনায়।


No comments:

Post a Comment

SPONSORED