লাহৰীঘাটঃ এটাৰ পাছত আন এটা সমস্যাই গা কৰি উঠিছে লাহৰীঘাট অঞ্চলত। যাৰ ফলত দুৰ্যোগ ভুগিব লগা হৈছে অঞ্চলবাসী। মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত লাহৰীঘাট অঞ্চলটো এক বিশাল জনবহুল এলেকা। সেই অনুপাতে নাই বেংক কিম্বা এটিএমৰ কোনো ব্যৱস্থা। যদিও এটা ইউবিআই বেংক আছে তাতো বিভিন্ন সমস্যাৰে জৰ্জৰিত। লিংক থাকিলে টকা নাথাকে, টকা থাকিলে কৰ্মচাৰীৰ অভাৱ। এটি কাউন্টাৰতে গ্ৰাহকৰ লানি নিচিগা শাৰী। অৱশ্যে বহু জল্পনা-কল্পনাৰ অন্তত লাহৰীঘাট আইবিৰ সমীপত এছবিআই আৰু ইউবিআই ক্ৰমে দুটা এটিএম মেচিন স্থাপন হৈছিল যদিও দূৰ্ভাগ্যবশত, সেয়াও বেছিদিন নিটিকিল। জানিব পৰা মতে, বিগত কেইবামাহ পূৰ্বে লাহৰীঘাট বজাৰত প্ৰশাসনৰ উচ্ছেদ অভিযান চলে ফলত এটিএম মেচিন দুখন উচ্ছেদিত হয়। কিন্তু অতি পৰিতাপৰ বিষয় যে কোনো এটা এটিএমৰে পুনৰ:স্থাপন হোৱা নাই। প্ৰাপ্ত অভিযোগ অনুসৰি লাহৰীঘাটৰ লগতে বৰবৰী, দাতিয়ালবড়ী, মহমাৰা, মৰিতলি, জলকীয়াবড়ী, ঔতলাবড়ী, কুশতলি আদি অঞ্চলৰ ৰাইজে ভূগি আহিছে এক অমানৱীয় যন্ত্ৰণা। উল্লেখ্য যে, বিগত কংগ্ৰেছ চৰকাৰৰ দিনৰ প্ৰভাৱশালী মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ডা: নজৰুল ইছলামৰ গৃহ সমষ্টিতে বিৰাজ কৰিছে এনে দুৰৱস্থা। ভূক্তভোগী ৰাইজে যথাশীঘ্ৰে অতি কমেও দুটা এটিএম মেচিন স্থাপন কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে।
Responsive Ads Here
Wednesday, May 09, 2018

গ্ৰাহকৰ মাজত হাহাকাৰ, নাই এটাও এটিএম মেচিন
Tags
# Regional
Share This

About Sangbad Prahari
Regional
Labels:
Regional
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment