অসমবাসী ৰাইজলৈ মােৰ আহ্বান - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 8, 2018

অসমবাসী ৰাইজলৈ মােৰ আহ্বান

@ জুবিন গার্গ

অসম আৰু অসমীয়া মানুহৰ অস্তিত্ব বিপদাপন্ন কৰি চৰকাৰে যি নাগৰিকত্ব সংশােধনী বিধেয়ক উত্থাপন কৰিছে, জাতিপ্রেমীসকলাে ব্যক্তি আৰু দল-সংগঠনে তাৰ প্রতিবাদ কৰিছে। কালি গুৱাহাটীত অনুষ্ঠিত হােৱা যুটীয়া সংসদীয় কমিটি শুনানিত শতাধিক সংগঠনে নিজৰ ব্যক্তব্য ৰাখিছে। বিবেকবান লােকসকলে বুজি উঠিছে যে এই বিধেয়ক যদি আইনলৈ পৰিণত হয়, তেনেহ'লে অসমীয়া জাতি কেৱল ইতিহাসৰ পাততহে জীয়াই থাকিবগৈ। গুৱাহাটীৰ বাহিৰত থকাৰ বাবে মই কালি সেই শুনানিত উপস্থিত থাকিব নােৱাৰিলোঁ যদিও মােৰ ভাষ্য এটা ভিডিঅ'ৰ ৰূপত ইতিমধ্যেই প্রকাশ কৰিছোঁ। 
মই স্পষ্টকৈ এই বিধেয়কখনৰ বিৰােধিতা কৰিছোঁ। মই ভাৱাে যে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰভাৱনাত থকা ধর্মনিৰপেক্ষতাৰ নীতিৰ ই দেখ দেখকৈ বিৰােধিতা কৰে আৰু সেয়েহে ভাৰতীয় আত্মাৰ ই বিবােধী। বাংলাদেশী সমস্যাটোৱে অসমক বহুবছৰ ধৰি জুৰুলা কৰি আহিছে। আমি সৰুৰে পৰাই এই সমস্যাটোৰ ভয়াবহতা দেখি আহিছে, লগতে দেখি আহিছোঁ আন্দোলন আৰু প্রতিবাদ।
এজন শিল্পী হিচাপে মই যদিও সংহতিৰ কোনাে সীমা থাকিব পাৰে বুলি বিশ্বাস নকৰোঁ,তথাপি এটা কথা গভীৰভারে বিশ্বাস কৰোঁ যে নিজৰ ঘৰখন সদায়েই নিজৰ ঘৰ। নিজৰ ঘৰখনৰ, নিজৰ ভেটিটোৰ অস্তিত্বৰ প্রতি প্রশ্ন উঠিলে কোনাে অজুহাততে নিমাত হৈ বহি থকাটো যুক্তিসংগত নহয়। আমাৰ অসমৰ মানুহবােৰৰ সমস্যা সমাধান কৰিবলৈ এতিয়াও বহুত বাকী। অসমৰ বহুত লাখ মানুহে এতিয়াও মথাউৰিত বসবাস কৰি আছে। বহুত মানুহৰ ঘৰত বিজুলী সংযােগ নাই। বহুত ল'ৰা-ছােৱালীয়ে পঢ়িবলৈ পােৱা নাই।
অসমীয়া ভাষা ভালপােৱা, অসমীয়া গান ভালপােৱা, অসমীয়া কিতাপ পঢ়া মানুহৰ সংখ্যা কমিবলৈ ধৰিছে। এইবােৰ জাতীয় প্রশ্ন। জাতীয় দায়িত্ব। এনে সময়ত ৰাজনীতি কৰিব নাপায়। ক্ষমতা তেতিয়াহে কামত আহে, যেতিয়া নিজৰ মানুহবােৰৰ তাৰ পৰা কিবা এটা লাভ হয়। এইখন চৰকাৰে জাতি-মাটিৰ কথা কৈছিল। পৰিৱর্তনৰ কথা কৈছিল। আমি সকলােৱে আশা কৰিছিলোঁ। কিন্তু আশা ৰাধৰণে কামবােৰ হােৱা নাই। তাৰ বিপৰীতে ধৰ্মৰ ভিত্তিত মানুহক বিভাজিত কৰাৰ অদ্ভুত প্রয়াস কিছুমানহে দেখিবলৈ পাইছোঁ।
মই ৰাজনীতি বা ৰাজনৈতিক বিষয়সমূহৰ পৰা প্ৰায়ে অতৰত থাকে। কিন্তু বিদেশীসকলক ধৰ্মৰ নামত স্বদেশী কৰি অসমীয়া জাতিক শেষ কৰাৰ এই বিষয়টো কেবল মাত্র ৰাজনৈতিক বিষয় নহয়। ইয়াৰ লগত আমাৰ ভৱিষ্যতৰ কথা জড়িত হৈ আছে। আমাৰ অস্তিত্বৰ কথা জড়িত হৈ আছে। ইয়াত সকলােৱে মাত মত উচিত। কোন কি দলৰ সমর্থক সেইবােৰ আমাক দৰকাৰ নাই। কেৱল অসম আৰু অসমীয়া মানুহৰ অস্তিত্ব সুৰক্ষিত কৰাৰ স্বাৰ্থত সৰু সৰু বৃত্তসমূহৰ পৰা আমি ওলাই আহিব লাগিব।
মই সকলাে ৰাইজলৈ আহ্বান জনাইছো যে বিহুৰ বতৰত যিদৰে আপােনালোক মােৰ অনুষ্ঠান চাবলৈ ওলাই আহে, যিদৰে মিছন চাইনাৰ সময়ত সকলাে মানুহ আহি অসমীয়া চিনেমাৰ এটা নতুন ইতিহাস ৰচিলে – তেনেদৰেই এইবাৰ জাতিটোৰ স্বাৰ্থত সকলাে মানুহ এক হৈ ওলাই আহক। তাতকৈ হাজাৰ গুণ বেছিকৈ ওলাই আহক। আপােনালােকে ইমান বহুৰে মােক যিধৰণে মৰম দিছে, সঁহাৰি দিছে, সহযােগিতা কৰি আহিছে – সেইদৰে এইবাৰ অস্তিত্ব ৰক্ষাৰ যুঁজত এজন সামান্য স্বেচ্ছাসেৱী হিচাপে মই আপােনালােকৰ সহযােগিতা কামনা কৰিছোঁ।
শুনানিৰ কাৰবাৰটো পক্ষপাতমূলক হৈছে বুলি বহুজনে কৈছে। আজি আকৌ গম পাইছোঁ যে অসমীয়া ৰাইজৰ প্রতিবাদত সেও মানি যুটীয়া সংসদীয় কমিটিখন পুনৰ অসমলৈ আহিম বুলি কৈছে। এইটো এটা ইতিবাচক খবৰ। প্ৰতিখন জিলাতেই তেওঁলােকে ৰাইজৰ কথা শুনাটো দৰকাৰ। তেওঁলােক পিছৰবাৰ অহাৰ আগতেই আমি প্রবল জনমত গঠন কৰিব লাগে। সমগ্ৰ অসমতে থকা জুবিন গাৰ্গ ফেনাৱৰ মােৰ কমৰেডসকলক মই আহ্বান জনাইছে৷ তেওঁলােকে যাতে অকণাে সময় নষ্ট নৰাকৈ ঠায়ে ঠায়ে জনমত গঠন কৰে।
ছ’চিয়েল মিডিয়াত আমাৰ নতুন প্রজন্ম খুবেই সক্রিয়।ছ’চিয়েল মিডিয়া ভালদৰে ব্যৱহাৰ কৰি এই বিলখনৰ বিৰূদ্ধে কেম্পেইন কৰিব লাগে। স্কুল-কলেজলৈ গৈ ল'ৰা-ছােৱালীবােৰ কথাবােৰ বুজাই দিব লাগে। ৰাইজক যুক্তিসহকাৰে বুজাই দিব লাগে। কেৱল আবেগত নহয়, যুক্তিপূর্ণভাৱে বুজাই দিলে সকলাে ৰাইজ একগােট হৈ ওলাই আহিব বুলি মােৰ বিশ্বাস।
চলচ্চিত্র সমাজ, অসমে ইতিমধ্যেই শুনানিত উপস্থিত হৈ এই বিলখনৰ বিৰােধিতা কৰিছে। মই নিজে ব্যক্তিগতভাৱে যিমান পাৰি সিমান মানুহক একগােট কৰিবলৈ চেষ্টা কৰিম। বিশেষকৈ আমাৰ শিল্পীসমাজে যাতে সবলভাবে এই আন্দোলনত নামি পৰে তাৰ বাবে মই যুঁজিম।
এই যুঁজখন খুঁজিবলৈ মই সাজু। প্রয়ােজন হলে ৰাস্তালৈ যাবলৈকো সাজু। বিদেশী বিদেশীয়েই তাত কোনাে বেলেগ অংক থাকিব নােৱাৰে। ১৯৭১ চনৰ পিছৰ কোনাে বিদেশীৰ বােজা আমি নলও তাত কোনাে বেলেগ কথা থাকিব নােৱাৰে। হিন্দু-মুছলিম, উজনি অসম-নামনি অসম, ব্রহ্মপুত্র উপত্যকা বৰাক উপত্যকা এইবােৰ হিচাপ পাছে-পৰেকৰিলেও হব – এতিয়া কেৱল অসম আৰু অসমীয়াৰ কথা ভাবিব লাগে। চৰকাৰে কথাটো আকৌ এবাৰ ভাবি চাওক – আমাক জোকাই নল'ব। যিবােৰ মানুহে এইটো ইছাৰ আঁৰ লৈ অসমত বাস কৰা অসমীয়া আৰু বঙালী লােকসকলৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ লাগি আছে, যিবােৰ মানুহে ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ মাজত বিভাজন সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে – তেওঁলােককো মই সকীয়াই দিছোঁ যে এইবােৰ ল'ৰা-ধেমালি কৰি তেওঁলােকে যাতে আমাক আৰু আমনি নকৰে।
সহ্যৰ এটা সীমা থাকে। সেই সীমা পাৰ হ'লে অসমৰ স্বাৰ্থত, অসমীয়া মানুহৰ স্বাৰ্থত আমি যিকোনাে পর্যায়লৈ যাবলৈ কুণ্ঠাবােধ নকৰিম – চিধা কথা। জয় আই অসম।

No comments:

Post a Comment

SPONSORED