গুৱাহাটীঃ ঐতিহাসিক অসম আন্দোলনৰ যেন পুনৰ উক৲মুকনি উঠিছে অসমত৷ অসম চুক্তি স্বাক্ষৰৰ পাছত চুক্তি উলংঘা কৰি হিন্দু বাংলাদেশীৰ বোজা অসমত জাপি দিবলৈ ওলোৱা কেন্দ্রীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে পুনৰ তেজ দিবলৈ অসমীয়া মানুহে যে সাজু ৭মেত সেই কথাই প্রমাণিত হ’ল গুৱাহাটীত৷
তেজ দিলেও তেল নিদিয়াৰ বাবে জনোৱা আহবানলৈ সঁহাৰি জনাই হাজাৰ হাজাৰ লোক হিলদল ভাঙি অসম আন্দোলনত জঁপিয়াই পৰাই নহয় তেজেৰে শ্ল’গান লিখি আন্দোলনকাৰীক অধিক উজ্জীৱিত কৰাৰ পথকে পুনৰ অৱলম্বন কৰিলে অসম আন্দোলনৰ দুজন প্রাক্তন নেতাই৷
হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদানৰ বাবে আইন সংশোধনী বিধেয়ক সংসদত উত্থাপনৰ পূর্বে যুটীয়া সংসদীয় কমিটীয়ে আহি মতামত গ্রহণ কৰাৰ সময়ত খানাপাৰাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি দুজন ব্যক্তিয়ে তেজেৰে শ্ল’গান লিখা কার্যই আন এক অসম আন্দোলনৰ উক৲মুকনিৰ ইংগিত দিছে৷ উল্লেখযোগ্য যে সংসদীয় কমিটীয়ে বিভিন্ন দল, সংগঠন, ব্যক্তিৰ মতামত গ্রহণ কৰি থকাৰ সময়ত দুজন ব্যক্তিয়ে বুকুৰ তেজেৰে ‘নাগৰিকত্ব আইন সংশোধনী আমি মানি নলওঁ, এই স্মাৰক পত্র আমাৰ তেজেৰে স্বাক্ষৰ কৰিছোঁ’ বুলি শ্ল’গান লিখি প্রদর্শন কৰে৷
জানিব পৰা মতে, নামৰূপ আঞ্চলিক ছাত্র সন্থাৰ সদস্য মাধৱ বৈশ্য আৰু জীয়াউৰ ৰহমানে অসম আন্দোলনৰ সময়ত সক্রিয় ভূমিকা গ্রহণ কৰিছিল৷ অসম আন্দোলনৰ ফলস্বৰূপে স্বাক্ষৰিত অসম চুক্তি উলংঘা কৰি বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ আইন সংশোধনৰ দ্বাৰা আৰম্ভ কৰা অসম-বিৰোধী অভিযান বুকুৰ তেজেৰে শ্ল’গান লিখি প্রতিবাদ জনালে দুজন ব্যক্তিয়ে৷
No comments:
Post a Comment