গুৱাহাটীঃ মহানগৰীৰ চন্দ্ৰপুৰবাসী ৰাইজৰ জীৱন আৰু সা-সম্পত্তি ধ্বংসৰ মুখলৈ ঠেলি দি চাৰিটাকৈ শিলৰ কোৱাৰীত প্রতিদিনে অবাধ গতিত খনন চলাইছে পুঁজিপতি ব্যৱসায়ীয়ে। চন্দ্ৰপুৰ অঞ্চলৰ উন্নয়নমূলক কাম-কাজ সমাধান কৰাৰ বাবে ৰাজ্য চৰকাৰৰ বন বিভাগে চাৰিজনকৈ পুঁজিপতি ব্যৱসায়ীক শিলৰ কোৱেৰীত খনন চলােৱাৰ অনুমতি প্রদান কৰিছিল। এই অনুমতিৰ গইনা লৈ পুঁজিপতি ব্যৱসায়ীসকলে প্রতিদিনে প্রচণ্ড প্রাবল্যৰ বিস্ফোৰক ব্যৱহাৰ কৰি খনন কার্য অব্যাহত ৰাখিছে। প্রতিদিনে চলি থকা অবাধ খননৰ ফলত শিলৰ কোৱেৰী চাৰিটাৰ আশে-পাশে থকা কেইবাখনাে গাঁৱৰ ৰাইজৰ জীৱন আৰু সা-সম্পত্তি প্রতি তীব্র ভাবুকি আহি পৰিছে। আশে-পাশে থকা গাঁওবাসীৰ বাসগৃহসমূহত ছিল ফাট মেলিছে। যিকোনাে মুহূর্তত বাসগৃহসমুহ খহি পৰি প্রাণহানি হােৱাৰ আশংকা আহি পৰিছে। ২নং চন্দ্ৰপুৰ গাঁৱত চলি থকা অবাধ খনন বন্ধ কৰাৰ বাবে ইতিমধ্যে একাংশ অনুষ্ঠান-প্রতিষ্ঠান আৰু ৰাইজে চন্দ্ৰপুৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে ৰাজ্য চৰকাৰ আৰু বন বিভাগলৈ পত্র প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। ৰাইজৰ অভিযােগৰ পিছতাে কিন্তু জিলা প্রশাসন কিম্বা বন বিভাগে শিলৰ কোৱেৰীসমূহ বন্ধ কৰাৰ কোনাে ব্যৱস্থা গ্ৰহণ নকৰা কাৰ্যক লৈ ক্ষুব্ধ হৈ পৰিছে ৰাইজ। তদুপৰি ৰাইজৰ অভিযােগ যে শিলৰ কোৱেৰী খনন কৰি পােৱা শিলেৰে চন্দ্ৰপুৰ অঞ্চলৰ উন্নয়ন হােৱাৰ বিপৰীতে অধিক লাভৰ বাবে চালানবিহীনভাৱে ব্যৱসায়ীসকলে আন ঠাইত বিক্ৰী কৰি আহিছে। চন্দ্ৰপুৰবাসীয়ে আলােচনাত মিলিত নােহােৱাকৈ বন বিভাগ আৰু জিলা প্রশাসনে পুঁজিপতি ব্যৱসায়ীসকলক শিল খননৰ অনুমতি দিয়া কার্যত ৰহস্যৰ গােন্ধ পাইছে ৰাইজে। যদিহে শীঘ্ৰে শিলৰ কোৱেৰী চাৰিটাত খনন কার্য বন্ধ নকৰে তেনেহ'লে প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ দিছে।
Responsive Ads Here
Tuesday, May 08, 2018

অবাধে চলিছে শিল-মাটি খনন, কানসাৰ নাই বনবিভাগ আৰু প্ৰশাসনৰ
Tags
# Regional
Share This

About Sangbad Prahari
Regional
Labels:
Regional
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment