অনশনত অখিল গগৈ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, May 08, 2018

অনশনত অখিল গগৈ

গুৱাহাটী : হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদান লক্ষ্যৰে যুটীয়া সংসদীয় সমিতিয়ে গ্ৰহণ কৰা শুনানিৰ দিন বৃদ্ধি কৰাৰ দাবীৰে অনশনত বহিল কৃষক নেতা অখিল গগৈ। উল্লেখ্য যে সোমবাৰে শুনানিকালত পঞ্জীয়নকৃত ১৪৮টা দল-সংগঠনৰ উপৰি বহু সংগঠন তথা ব্যক্তি বিশেষে নাগৰিকত্ব সংশােধনী বিধেয়কৰ বিৰুদ্ধে মতামত দিবলৈ আহি এক বিশৃংখল পৰিস্থিতিৰ সন্মুখীন হয়। দীর্ঘ সময় ধৰি অপেক্ষা কৰিও নিশা ৯ বজালৈ মতামত দাখিলত ব্যর্থ হােৱা বহু সংগঠনে আনকি এই কার্যকাল বৃদ্ধিৰ বাবেও দাবী উত্থাপন কৰে। এই দাবীৰে সোমবাৰে সন্ধিয়া অখিল গগৈয়ে খানাপাৰাতে অনশনত বহি যুটীয়া সংসদীয় সমিতিৰ শুনানিৰ দিন দুদিনলৈ বৃদ্ধি কৰাৰ বাবে দাবী উত্থাপন কৰে। উল্লেখ্য যে ব্রহ্মপুত্র উপত্যকাৰ ৩৩খন জিলাৰ বাবে এদিন শুনানি গ্ৰহণ কৰাৰ পৰিৱর্তে বৰাক উপত্যকাৰ তিনিখন জিলাৰ বাবে দুদিন শুনানিৰ দিন স্থিৰ কৰিছে। ইয়াকে লৈ আজি একাধিক দল-সংগঠনে তীব্র আপত্তি দর্শায় সংসদীয় সমিতিৰ ওচৰত।
ইফালে, আজি হিন্দু বাংলাদেশীৰ নাগৰিকত্ব প্রদানৰ বিৰুদ্ধাচৰণ কৰি কৃষক মুক্তি সংগ্রাম সমিতিয়ে যুটীয়া সংসদীয় সমিতিক ১২ পৃষ্ঠাৰ এখন স্মাৰক-পত্র প্রদান কৰে। এই স্মাৰক পত্ৰত কৃষি মুক্তিয়ে অভিযােগ কৰে যে নাগৰিকত্ব সংশােধনী বিধেয়কৰ জৰিয়তে দেশৰ সংবিধানৰ মূল ভেটিক উলংঘা কৰিব বিচৰা হৈছে।
সংসদীয় সমিতিৰ ওচৰত শুনানি প্রদান কৰি কৃষক মুক্তিৰ উপদেষ্টা অখিল গগৈয়ে কয় যে এই বিধেয়কখন গৃহীত হ'লে অসমৰ যুৱকে অস্ত্র তুলি ল’ব। পুনৰ স্বাধীন অসমৰ দাবী উত্থাপন হ'ব। এই বিধেয়কখনে অসমীয়া জাতিৰ ভাগ্য সলনি কৰি দিব। অসমৰ ভাষা-সংস্কৃতি সম্পূর্ণৰূপে বিপদাপন্ন হ’ব। অসমত হৈ থকা অবৈধ প্ৰব্ৰজনে ৰাজনৈতিক, অর্থনৈতিক আৰু সাংস্কৃতিক দিশত বৃহৎ প্রত্যাহ্বান আনিছে বুলি উল্লেখ কৰি কৃষক মুক্তিয়ে এই বিধেয়কখনে অসমীয়াৰ| ৰাজনৈতিক অধিকাৰ নিশ্চিহ্ন কৰিব বুলিও মন্তব্য কৰে।

No comments:

Post a Comment

SPONSORED