উজনি অসমত পুনৰ বৃদ্ধি পাব ধৰিছে আলফা (স্বাধীন )ৰ ব্যাপক সক্রিয়তা : সােণাৰিত বৃহৎ পৰিমাণৰ আৰডিএক্স উদ্ধাৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, May 08, 2018

উজনি অসমত পুনৰ বৃদ্ধি পাব ধৰিছে আলফা (স্বাধীন )ৰ ব্যাপক সক্রিয়তা : সােণাৰিত বৃহৎ পৰিমাণৰ আৰডিএক্স উদ্ধাৰ

চৰাইদেউ : উজনি অসমত পুনৰ বৃদ্ধি পাব ধৰিছে আলফা (স্বাধীন )ৰ ব্যাপক সক্রিয়তা। এইক্ষেত্ৰত বিশেষভাৱে উল্লেখযােগ্য হৈ পৰিছে চৰাইদেউ জিলা। জিলাখনৰ ৰহণ অঞ্চলত সোমবাৰে দিনৰ ভাগত আলফা (স্বাধীন)ৰ সদস্যই যােগান ধৰা তথ্যৰ ভিত্তিত নিৰাপত্তা বাহিনীয়ে দুটাকৈ শক্তিশালী আই ই ডি উদ্ধাৰ কৰাৰ পিছত যােৱানিশাই আৰক্ষী আৰু অসামৰিক বাহিনীৰ এক অভিযানত জিলাখনৰ কানু ভােগবাৰী অঞ্চলত বৃহৎপৰিমাণৰ বিস্ফোৰক উদ্ধাৰ হয়। জানিব পৰা মতে, যােৱা ৪ মে’ৰ দিনা জিলাখনত নিৰাপত্তা বাহিনীয়ে অত্যাধুনিক অস্ত্রসহ আটক কৰিছিল নির্মল অসম নামৰ আলফা (স্বাধীন )ৰ কেডাৰগৰাকীক। উক্ত কেডাৰগৰাকীৰ স্বীকাৰােক্তিৰ ভিত্তিতে আৰক্ষী আৰু অসামৰিক বাহিনীৰ এক যৌথ অভিযানকাৰী দলে কালি নিশা জিলাখনৰ অসম-অৰুণাচল
সীমান্তবর্তী কানু ভােগবাৰী অঞ্চলত এক অভিযান চলায়। উক্ত অভিযানকালত অনন্ত গগৈ নামৰ লােকজনৰ ঘৰৰ পিছফালৰ বাৰীৰ মাটিত পুতি থােৱা অৱস্থাত বিস্ফোৰকসহ ভালেমান সা-সামগ্রী উদ্ধাৰ হয়। অভিযানকাৰী দলটিয়ে ৭ কেজি আৰ ডি এক্স, তাঁৰ, বেটাৰী, ৰিমট, ডিটনেটৰ, কাপােৰ-কানিসহ ঔষধ আদি উদ্ধাৰ কৰে।

সাপেখাতীত উদ্ধাৰ হােৱা তিনিটাকৈ শক্তিশালী আই-ই-ডি নিষ্ক্রিয়

অৱশেষত এক নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিল চৰাইদেউ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী কানু ভােগবাৰীৰ লগতে ঐতিহাসিক ৰহণৰ এক বৃহৎ অঞ্চলৰ জনসাধাৰণ সোমবাৰে সােণাৰিৰ এজন সাংবাদিকলৈ আলফা(স্বা)ৰ এজন কেডাৰে সাপেখাতী আৰু হাতীপুখুৰীৰ মাজত কোনাে অজ্ঞাত স্থানত তিনিটাকৈ শক্তিশালী বােমা সংস্থাপন কৰি ৰখাৰ খবৰ ফোনযােগে জনােৱাৰ লগতে প্ৰশাসনক খবৰ দি জনসাধাৰণৰ নিৰাপত্তাৰ খাতিৰত বােমাকেইটা উদ্ধাৰ কৰি নিষ্ক্রিয় কৰিবলৈ আহ্বান জনােৱাৰ পিছতে জিলাখনত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। পিছত আটকাধীন আলফা সদস্য নির্মল অসমৰ তথ্যৰ ভিত্তিতে ৰহণ অঞ্চলৰ পথাৰৰ মাজত বিদ্যুৎ পৰিবাহী খুটাত বান্ধি ৰখা আই-ই-ডি দুটা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। দিনটো তীব্র আতংকৰ মাজেৰে পাৰ কৰা সমগ্র অঞ্চলৰ ৰাইজ এক নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰে যদিও উক্ত বােমা দুটা উদ্ধাৰ হােৱাৰ প্ৰায় ৫ ঘণ্টা পিছতে পুনৰ অসম-অৰুণাচল সীমান্তৰ কানু ভােগবাৰী গাঁৱত উদ্ধাৰ কৰে প্রায় ৭ কেজি ওজনৰ আন এটা শক্তিশালী বােমা । তিনিটাকৈ বােমা উদ্ধাৰ হােৱাত অসম আৰক্ষীয়ে দেৰগাঁওস্থিত বােমা বিশেষজ্ঞ দলক খবৰ দিয়াত বিশেষজ্ঞ দল।
আহি নিশাই তিনিটাকৈ শক্তিশালী আই-ই-ড়ি বােমা নিষ্ক্রিয় কৰে। বর্তমান জিলাখনৰ বিভিন্ন স্থানত অসম আৰক্ষীয়ে আলফাবিৰােধী অভিযান তীব্ৰতৰ কৰি তুলিছে যাৰ বাবে শংকিত হৈ পৰিছে জনসাধাৰণ।

No comments:

Post a Comment

SPONSORED