ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ৰােমাঞ্চকৰ জয় - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, May 08, 2018

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ৰােমাঞ্চকৰ জয়

হায়দৰাবাদঃ ছানৰাইজাছ হায়দৰাবাদে চলিত আই পি এলত সুন্দৰ প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখিছে। হায়দৰাবাদত ৭মেত অনুষ্ঠিত এখন মেচত কেন উইলিয়ামছন নেতৃত্বাধীন দলটোৱে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে পাঁচ ৰানত ৰােমাঞ্চকৰ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়। ১৪৭ ৰানৰ লক্ষ্যৰ পিছ লৈ বিৰাট কোহলি নেতৃত্বাধীন বাংগালুৰু দলটোৱে নির্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ১৪১ ৰানত স্তব্ধ হয়। দলটোৰ হৈ অধিনায়ক কোহলিয়ে সর্বাধিক ৩৯, কলিন ডি গ্লেণ্ডহােমে ৩৩ আৰু মনদীপ সিঙে অপৰাজিতভাৱে ২১ ৰানৰ বৰঙণি আগবঢ়ায়। তাৰকা বেটছমেন এবি ডি ভিলিয়াছ (৫) আৰু মঈন আলী (১০) সম্পূর্ণরূপে ব্যর্থ হােৱাত বাংগালুৰুৰ পৰাজয় নিশ্চিত হয়। ছানৰাইজাৰ্ছৰ হৈ অফ স্পীনাৰ ছাকিব আল হাছানে ৩৬ ৰানত দুটা, সন্দীপ শর্মা, ভুবনেশ্বৰ কুমাৰ, সিদ্ধার্থ কৌল আৰু ৰশ্বিদ খানে এটাকৈ উইকেট দখল কৰে। এই জয়েৰে ছানৰাইজাৰ্ছে ১০খন মেচৰ আঠখনত জয়েৰে ১৬ পইন্টেৰে শীর্ষস্থানত আছে। ইয়াৰ বিপৰীতে সাতখনকৈ মেচত পৰাজয়ৰ সন্মুখীন হৈ আইপি এলৰ নকআউট ৰাউণ্ডৰ দৌৰৰ পৰা এক প্ৰকাৰ বাহিৰ হ’ল বিৰাট কোহলি নেতৃত্বাধীন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। উল্লেখ্য যে অনুষ্ঠিত মেচখনত প্রথমে বেটিং কৰি হায়দৰাবাদে অধিনায়ক কেন উইলিয়ামছ (৫৬) আৰু ছাকিব আল হাছান (৩৫)ৰ দায়িত্বপূর্ণ বেটিঙৰ সহায়ত নির্ধাৰিত ২০ অভাৰত আটাইকেইটা উইকেটৰ বিনিময়ত ১৪৬ ৰান সংগ্রহ কৰে। অপেনাৰ শিখৰ ধাৱন (১৩), এলেক্স হালছ (৫), মনীষ পাণ্ডে (৫), ইউছুফ পাঠান (১২), ঋদ্ধিমান সাহা (৮) ব্যর্থ হয়।

No comments:

Post a Comment

SPONSORED