বাংগালুৰু : ইন্ধনৰ দাম বৃদ্ধিক লৈ কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে সোমবাৰে কেন্দ্ৰৰ নৰেন্দ্ৰ মােদী চৰকাৰক কঠোৰ ভাষাৰে সমালােচনা কৰে। গান্ধীয়ে টুইটাৰযােগে ১ মিনিট ৪২ ছেকেণ্ডৰ এটা ভিডিঅ’
প্রকাশ কৰি চৰকাৰক এই বুলি প্রশ্ন কৰে যে পেট্রল আৰু ডিজেলৰ মূল্যবৃদ্ধিক লৈ ‘অচ্ছে দিন’ৰ প্রতিশ্রুতি দিয়া চৰকাৰখন মৌন হৈ আছে কিয় ?
এই ভিডিঅ’ত বিজেপিৰ কেইগৰাকীমান জ্যেষ্ঠ নেতাৰ পুৰণি মন্তব্যও দেখুওৱা হৈছে। কংগ্ৰেছৰ সভাপতিজনে লগতে উল্লেখ কৰে যে কেন্দ্ৰৰ নৰেন্দ্ৰ মােদীৰ নেতৃত্বাধীন চৰকাৰখনে ২০১৪ চনৰ পৰা বর্তমানলৈকে পেট্রল,ডিজেল আৰু ৰন্ধন গেছৰ চিলিণ্ডাৰত আৰােপ কৰা কৰৰ জৰিয়তে প্রায় ১০ লাখ কোটি টকা সংগ্রহ কৰে। ইয়াৰ পাছতাে দেশৰ নাগৰিকসকলক কোনাে ধৰণৰ ৰেহাই দিয়া নাই বুলি গান্ধীয়ে অভিযােগ কৰে। ইফালে, তেওঁ কর্ণাটকত নির্বাচনী প্রচাৰ চলােৱাৰ সময়ত পেট্রল আৰু ডিজেলৰ দাম বৃদ্ধিক লৈ অভিনৱ প্রতিবাদ কৰে। তেওঁ কোলাৰত ৰ’ড শ্বত অংশগ্রহণ কৰে। সেই সময়ত গান্ধীয়ে গৰুগাড়ী আৰু চাইকেলত উঠি পেট্রল-ডিজেলৰ দাম বৃদ্ধিৰ প্রতিবাদ জনায়৷
সেই সময়ত তেওঁৰ লগত দলটোৰ ভালেমান জ্যেষ্ঠ নেতাকে ধৰি বৃহৎ সংখ্যক লােক আছিল।তেওঁ পাছত এখন সভাত ভাষণ দি চৰকাৰক এই বুলি প্রশ্ন কৰে, “যেতিয়া বিশ্বত পেট্রল আৰু ডিজেলৰ দাম কম হৈ আছিল তেতিয়া ভাৰতত এই ইন্ধন দুবিধৰ দাম কিয় হ্রাস কৰা হােৱা নাছিল ? তেওঁ কয় যে ম'বাইল ফ’নত ক্রমে ৱৰ্ক, স্পীকাৰ আৰু এয়াৰপ্লেন এই তিনিটা মুডত থাকে। প্রধানমন্ত্রী মােদী কেৱল স্পীকাৰ আৰু এয়াৰ প্লেন মুডত থাকে, তেওঁ কেতিয়াও ৱৰ্ক মুডত নাথাকে। তেওঁ যােৱা চাৰি বছৰত কেন্দ্রীয় চৰকাৰে জনসাধাৰণৰ হকে হাতত লােৱা মাত্র এখন আঁচনিৰ নাম উল্লেখ কৰিবলৈ প্রধানমন্ত্রী মােদীক প্রত্যাহ্বান জনায়।
No comments:
Post a Comment