কুকুৰৰ পৰা দেশভক্তিৰ শিক্ষা লওক ৰাহুলে : মোডী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 8, 2018

কুকুৰৰ পৰা দেশভক্তিৰ শিক্ষা লওক ৰাহুলে : মোডী

ৱেব সংবাদ : প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে কংগ্ৰেছৰ সভাপতি আৰু দলটোৰ আন নেতাসকলক ৰ পৰা দেশভক্তি শিক্ষা লােৱাৰ আহ্বান জনাইছে।কর্ণাটক বিধানসভাৰ নির্বাচনী প্রচাৰ চলাই থকা প্রধানমন্ত্ৰীয়ে সোমবাৰে ৰাজ্যখনৰ বগলকোটত এখন নির্বাচনী সভাত ভাষণ দি দলটোৰ নেতাসকলৰ প্রতি এই আহ্বান জনায়। তেওঁ কংগ্ৰেছ আৰু ইয়াৰ নেতাসকলক কঠোৰ ভাষাৰে সমালােচনা কৰি কয়, “যিসকলৰ দেশভক্তি ভাল নালাগে মই সেইসকলৰ প্রতি এই কথা ক'ব খােজো । তেওঁলােকৰ অকণাে শিক্ষা নাই। যদি তেওঁলােকে নিজৰ পূৰ্বপুৰুষৰ পৰা, মহাত্মা গান্ধীৰ কংগ্ৰেছৰ পৰা দেশভক্তি শিক্ষা ল'বলৈ নিবিচাৰে তেতিয়া হ'লে তেওঁলােকে অন্ততঃ মােৰ বগলকোটত থকা মুধল কুকুৰবােৰৰ পৰা এই শিক্ষা ল'ব পাৰে। বগলকোটত পােৱা এই প্রজাতিৰ কুকুৰ বর্তমান সেনা বাহিনীত চামিল হৈ দেশসেৱা কৰি আছে। মােদীয়ে কয় যে কংগ্রেছৰ নেতাসকল ইমানেই তললৈ নামিছে যে দলটোৰ এজন নেতাই দেশখনক টুকুৰা টুকুৰ কৰি পেলােৱা হ'ব বুলি ধ্বনি দিয়াসকলৰ ওচৰলৈ গৈছে আৰু তেওঁলােকক সমর্থনে দিছে।
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত দেশবিৰােধী ধ্বনি দিয়াক লৈ বিতর্ক সৃষ্টি হােৱাৰ সময়ত ৰাহুল গান্ধী তালৈ যােৱাৰ প্ৰসংগটোৰ সম্পৰ্কত মােদীয়ে তেওঁক এনেদৰে সমালােচনা কৰে। তেওঁ নির্বাচনী সভাখনত ৰাহুল গান্ধীক লক্ষ্য কৰি কয় যে যেতিয়াই দেশভক্তিৰ প্রসংগত আলােচনা কৰা হয়, ৰাষ্ট্রভক্তিমূলক গীত 'বন্দে মাতৰম' পৰিৱেশন কৰা হয় বা এই বিষয়ে আলােচনা কৰা হয় তেতিয়াই একাংশ লােক উদ্বিগ্ন হৈ পৰে। তেওঁ কয়, “দেশভক্তিৰ বাবেই দেশ স্বাধীন হ'ল, আৰু আজি আমি দেশভক্তিৰ আধাৰত এক বৃহৎ অভিযান আৰম্ভ কৰিছোঁ, তেতিয়াই দলটো আৰু ইয়াৰ সহযােগীসকলে দেশভক্তিত যড়যন্ত্র দেখা পাইছে। দেশভক্তিৰ কথাই তেওঁলােকক চিন্তিত কৰি তােলে। উল্লেখযােগ্য যে কর্ণাটকত কেইদিনমানৰ আগতে এখন সভাত ৰাহুল গান্ধীয়ে বন্দে মাতৰমক অপমান কৰা বুলি বিজেপিয়ে অভিযােগ কৰিছিল। মােদীয়ে এই প্রসংগত তেওঁক এনেদৰে সমালােচনা কৰে। উক্ত সভাখনত ৰাহুলে নিজৰ ঘড়ীলৈ চাই দলটোৰ কর্মীসকলক সােনকালে বন্দে মাতৰম গােৱা শেষ কৰিবলৈ কোৱা বুলি বিজেপিয়ে অভিযােগ কৰিছে। উল্লেখযােগ্য যে দেশৰ সেনা বাহিনীত চামিল কৰা মুধল কুকুৰ প্রথমটো থলুৱা প্রজাতি। এই প্রজাতিৰ কুকুৰ বগলকোটত পােৱা যায়।

No comments:

Post a Comment

SPONSORED