জাতিৰ স্বার্থত ওলাই আহিল ৮৩টা দল-সংগঠন আৰু ৰাইজ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 8, 2018

জাতিৰ স্বার্থত ওলাই আহিল ৮৩টা দল-সংগঠন আৰু ৰাইজ

গুৱাহাটীঃ অসম আৰু অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ যুঁজলৈ সোমবাৰে ওলাই আহিল হাজাৰ হাজাৰ লোক৷ সমগ্র জাতিটোৰ প্রতিয়েই চৰম সংকট কঢ়িয়াই আনিব পৰা নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰুদ্ধে মৰণপণ যুঁজ দিলে ৰাজ্যৰ সকলো প্রান্তৰৰ পৰা অহা কেইবা হাজাৰ লোকে৷
অসম আন্দোলনৰ পাছত জাতীয় অস্তিত্ব ৰক্ষাৰ স্বার্থত  পুনৰবাৰ খানাপাৰাত একত্রিত হ’ল অসমীয়া৷ যুটীয়া সংসদীয় সমিতিয়ে বিধেয়কখন সংশোধন কৰা সন্দর্ভত  গ্রহণ কৰা ৰাজহুৱা শুনানিত সাক্ষ্য প্রদান কৰিবলৈ সক্ষম নহ’লেও  সহস্রাধিক দল আৰু ব্যক্তি বিশেষে বিধেয়কখনৰ বিৰোধিতা কৰি স্মাৰক-পত্র দিলে৷ সমিতিৰ আগত ৮৩টা দল-সংগঠনৰ লগতে অন্য বহু ব্যক্তিয়েও কৰিলে বিধেয়কখনৰ বিৰোধিতা৷
ইয়াৰ উপৰি, চৰকাৰলৈ ই-মেইলযোগে ৰাজ্যৰ হাজাৰ হাজাৰ লোকে বিধেয়কখনৰ বিৰোধিতা কৰে৷ সকলোৱে একমুখে ধর্মৰ ভিত্তিত নাগৰিকত্বৰ বিৰোধ কৰি অসম চুক্তি অনুসৰি নাগৰিকত্ব প্রদানৰ দাবী কৰে৷ জাতি ৰক্ষাৰ স্বার্থত  কোনো দল সংগঠনলৈ বাট চাই নাথাকি ৰাজ্যৰ সকলো প্রান্তৰৰ পৰা জনসাধাৰণে নিজাববীয়াকৈ আহি খানাপাৰাৰ অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত সমৱেত হৈ সকলোৱে নিজৰ জাতিপ্রেম প্রদর্শন কৰে৷ উল্লেখযোগ্য যে বিধেয়কখনৰ সন্দর্ভত কেন্দ্রই গঠন কৰা যুটীয়া সংসদীয় সমিতিৰ ১১জনীয়া দলে, অধ্যক্ষ ৰাজেন্দ্র আগৰৱালাৰ নেতৃত্বত অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত দিনজোৰা শুনানি গ্রহণ কৰে৷
সমিতিৰ আগত  ৮৩টা দল-সংগঠন আৰু অন্য বহু ব্যক্তি বিশেষে সাক্ষ্য প্রদান কৰে৷ পুৱা প্রায় ১০ বজাৰ পৰা নিশা ১০ বজা পর্যন্ত চলা শুনানিত প্রাক্তন মুখ্যমন্ত্রী তথা অসম চুক্তিৰ স্বাক্ষৰকাৰী প্রফুল্ল কুমাৰ মহন্তই প্রথম সাক্ষ্য প্রদান কৰি বিধেয়কখনৰ তীব্র বিৰোধিতা কৰে৷ আনহাতে, শুনানিত অংশ ল’বৰ বাবে আৱেদন কৰা প্রায় ১৫০টা দল-সংগঠন আৰু ব্যক্তিৰ উপৰি  নতুনকৈ সমিতিৰ আগত সাক্ষ্য প্রদান কৰিবলৈ হেতা-ওপৰা লগায় হাজাৰ হাজাৰ লোকে৷
কিন্তু সকলোকে সাক্ষ্যৰ অনুমতি নিদি বিয়লি ২ বজাৰ পৰা  আৱেদন কৰা নির্বাচিত কিছু দল-সংগঠন আৰু ব্যক্তিক সাক্ষ্য প্রদান কৰিবলৈ অনুমতি প্রদান কৰা হয়৷ ইফালে, পুৱাৰে পৰা শুনানি গ্রহণস্থলীৰ বাহিৰত স্মাৰক-পত্র দিবলৈ কেইবা হাজাৰ লোকে ভিৰ কৰে৷ কৃষক নেতা অখিল গগৈৰ আহবানৰ প্রতি সঁহাৰি জনাই  সকলো হিলদল ভাঙি ওলাই আহে৷ কিন্তু খানাপাৰাত স্মাৰক-পত্র গ্রহণ কৰাৰ দাবী কৰি বিক্ষোভ কৰাৰ পাছতে নিৰাপত্তাৰক্ষীয়ে ২ সহস্রাধিক প্রতিবাদকাৰীক খানাপাৰাৰ অসম পশুচিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আবদ্ধ কৰি ৰাখে৷
কিন্তু পাছত যুটীয়া সংসদীয় সমিতিয়ে তেওঁলোকৰো স্মাৰক-পত্র গ্রহণ কৰিবলৈ সন্মতি দিয়াত সকলোকে মুকলি কৰি দিয়া হয়৷ উল্লেখযোগ্য যে মুকলি কৰি দিয়াৰ পাছতে স্মাৰক-পত্র দিবলৈ তেওঁলোকে পতা শাৰী প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ পৰা পশুচিকিৎসা খেলপথাৰ হৈ জি এছ ৰ’ডপর্যন্ত পায়গৈ৷ সন্ধিয়া পর্যন্ত এই লোকসকলে নিজ নিজ স্মাৰক-পত্র দিবৰ বাবে শাৰী অব্যাহত ৰাখে৷ সন্ধিয়া ৫ বজাপর্যন্ত জনতাৰ স্মাৰক-পত্র গ্রহণ কৰি থকা এ চি এছ বিষয়াই সেইপর্যন্ত গ্রহণ কৰা স্মাৰক-পত্রৰ সংখ্যা ব্যক্তিগত পর্যায়ত ৩৫০০তকৈ অধিক আৰু দল-সংগঠনৰ স্মাৰক-পত্র ৫ শতাধিক হোৱা বুলি জানিবলৈ দিয়ে৷
কিন্তু তেতিয়াও বাহিৰত আৰু শ শ লোকে স্মাৰক-পত্র দিবৰ বাবে শাৰী পাতি আছিল৷ ইফালে, ভিতৰত যুটীয়া সংসদীয় সমিতিৰ আগত সাক্ষ্য প্রদান কৰা ২ শতাধিক দল-সংগঠনৰ ভিতৰত বিজেপিৰ মিত্র দল অগপও অন্যতম৷ পুৱাই সভাপতি অতুল বৰাৰ নেতৃত্বত তিনিওজন মন্ত্রীসহ অগপৰ এক বৃহৎ দলে সমিতিৰ আগত সাক্ষ্য প্রদান কৰি বিধেয়কখনৰ বিৰোধিতা কৰে৷
আনহাতে, প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ আৰু প্রফুল্ল কুমাৰ মহন্তয়ো বিধেয়কখনৰ বিৰোধিতা কৰি সাক্ষ্য দিয়ে৷ সভাপতি ৰিপুন বৰা আৰু বিৰোধী দলপতি দেৱব্রত শইকীয়াৰ নেতৃত্বত কংগ্রেছৰ এটা দলেও সমিতিৰ আগত সাক্ষ্য প্রদান কৰি বিধেয়কখনৰ বিৰোধিতা কৰে৷ একেদৰে এ আই ইউ ডি এফৰো এটা দলে সাক্ষ্য প্রদান কৰি বিধেয়কখনৰ বিৰোধিতা কৰে৷
তেওঁলোকৰ উপৰি কৃষক নেতা অখিল গগৈৰ নেতৃত্বত কৃষক মুক্তি সংগ্রাম সমিতি, বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহঁাইৰ নেতৃত্বত নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চ, অনুপ চেতিয়াৰ নেতৃত্বত খিলঞ্জীয়া মঞ্চ অসম, ছাত্র মুক্তি সংগ্রাম সমিতি, বিশিষ্ট সাংবাদিক অদীপ কুমাৰ ফুকন আৰু পলাশ চাংমাইৰ নেতৃত্বত অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ, সভাপতি পৰমানন্দ ৰাজবংশীৰ নেতৃত্বত অসম সাহিত্য সভা, আমছু, সদৌ অসম উকীল সন্থা, সদৌ অসম মটক যুৱ-ছাত্র সন্মিলন, কোঁচ ৰাজবংশী সন্মিলনী, কার্বি ষ্টুডেণ্টছ ইউনিয়ন, অনুসূচিত জাতি যুৱ-ছাত্র পৰিষদ, মুছলিম ষ্টুডেণ্টছ ইউনিয়ন অব৲ আছাম, অসম ছাত্র-যুৱ সন্মিলন, সদৌ টাই আহোম ছাত্র সন্থা, নিখিল ভাৰত ছাত্র ফেডাৰেশ্যনৰ অসম ৰাজ্যিক সমিতি, নেশ্যনেলিষ্ট কংগ্রেছ পার্টি, সদৌ অসম আহোম সভা, সংগ্রামী যুৱ-ছাত্র পৰিষদ, চৰ-চাপৰি সাহিত্য পৰিষদ, সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থা, চি পি আই (এম), চি পি আই (এম এল) লিবাৰেশ্যন, প্রব্রজন বিৰোধী মঞ্চ, সদৌ অসম চুতীয়া ছাত্র সন্থা, চাহ জনজাতি ছাত্র সন্থা, পূব গুৱাহাটী বিহু সন্মিলন, মাদ্রাছা ছাত্র সন্থা, সদৌ কোঁচ ৰাজবংশী ছাত্র সন্থা, অসম সংখ্যালঘু জাতীয় পৰিষদ, প্রাক্তন সাংসদ অৰুণ শর্মা, প্রাক্তন বিধায়ক আব্দুল আজিজ, বিশিষ্ট সাংবাদিক অজিত ভূঞা, মাইনী মহন্ত, বিশিষ্ট অধিবক্তা নেকিবুৰ জামান, বিশিষ্ট সাহিত্যিক এলি আহমেদ, বিশিষ্ট শিল্পী লোকনাথ গোস্বামী, মলয়া গোস্বামী, মাধুৰিমা চৌধুৰী, তৰালী শর্মা, প্রস্তুতি পৰাশৰ, মানস ৰবীন, সীমান্ত শেখৰ, বিশিষ্ট পৰিচালক বাণী দাস, বাঘ সেনা, বৃহত্তৰ গুৱাহাটী উন্নয়ন সমিতিসমূহৰ ঐক্যমঞ্চ, ইণ্ডিজেনিয়াছ ট্রাইবেল সাহিত্য সভা, অসম আন্দোলন শ্বহীদ পৰিয়াল, বিজেপিৰ নেত্রী মীৰা বৰঠাকুৰ, জ্যেষ্ঠ নাগৰিক সন্থাৰ ধীৰেন্দ্র নাথ চক্রৱর্তী, অসম অভিধান সন্থা আদিয়ে  যুটীয়া সংসদীয় সমিতিৰ সন্মুখত সাক্ষ্য প্রদান কৰে৷
পুনৰ শুনানি ল’বলৈ অসমলৈ আহিব জে পি চি: নাগৰিকত্ব আইন সংশোধনী বিধেয়ক সন্দর্ভত শুনানি ল’বলৈ পুনৰ অসমলৈ আহিব যুটীয়া সংসদীয় সমিতি৷  পুৱা ১০ বজাৰ পৰা নিশা ১০ বজালৈ ধাৰাবাহিকভাৱে গ্রহণ কৰা শুনানিত ৰাজ্যবাসীৰ অভূতপূর্ব অংশগ্রহণৰ বাবে সাক্ষ্য গ্রহণ প্রক্রিয়া সম্পূর্ণ নোহোৱাত বাকী ৰৈ যোৱা বহু সংগঠন আৰু কৃষক মুক্তিকে ধৰি এক ডজনতকৈ অধিক সংগঠনে কৰা দাবীৰ পাছত যুটীয়া সংসদীয় সমিতিয়ে এই সিদ্ধান্ত গ্রহণ কৰে৷
অসমত শুনানি গ্রহণৰ বাবে সময় কম হোৱা বুলি অভিযোগ কৰি নিশা সমিতিৰ আগত বহু সংগঠন আৰু ব্যক্তিয়ে প্রতিবাদ কৰাৰ পাছত তেওঁলোকৰ সৈতে আলোচনা কৰি সমিতিৰ অধ্যক্ষ ৰাজেন্দ্র আগৰৱালাই অসমলৈ পুনৰ শুনানি ল’বলৈ আহিব বুলি ঘোষণা কৰে৷ তেওঁ অৱশ্যে  পৰৱর্তী আগমনৰ দিন প্রকাশ কৰাৰ পৰা বিৰত থাকি সংসদৰ অধ্যক্ষৰ সৈতে আলোচনা কৰি পৰৱর্তী দিন ধার্য কৰা হ’ব বুলি প্রকাশ কৰে৷
লক্ষ্যণীয় যে ব্রহ্মপুত্র উপত্যকাৰ ত্রিশখন জিলাৰ বাবে মাত্র এটা দিন ধার্য কৰাৰ বাবে কৃষক মুক্তিৰ মুখ্য উপদেষ্টা অখিল গগৈয়ে অনশনত বহে৷ তেওঁ শুনানিৰ দিন ১০ দিনলৈ বৃদ্ধি কৰাৰ দাবী কৰে৷ আনহাতে, অন্য ১৪টা সংগঠনে শুনানিৰ দিন ৫ দিনলৈ বৃদ্ধি কৰাৰ দাবী কৰি সমিতিক স্মাৰক-পত্র প্রদান কৰে৷ তাৰ পাছতে সমিতিয়ে পুনৰ অসমলৈ শুনানি ল’বলৈ অহাৰ সিদ্ধান্ত গ্রহণ কৰে৷

No comments:

Post a Comment

SPONSORED