চৰকাৰী নিষেধাজ্ঞাক অমান্য কৰি বিভিন্ন স্থানত কণীযুক্ত মাছৰ ব্যৱসায় : নীৰৱ মীন বিভাগ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 8, 2018

চৰকাৰী নিষেধাজ্ঞাক অমান্য কৰি বিভিন্ন স্থানত কণীযুক্ত মাছৰ ব্যৱসায় : নীৰৱ মীন বিভাগ

লাহৰীঘাট : মৰিগাঁও জিলাৰ লাহৰীঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন স্থানত মীন বিভাগৰ অকৰ্মণ্যতাৰ বাবে একাংশ অসাধু ব্যৱসায়ীয়ে ব্যাপক হাৰত কণীযুক্ত মাছৰ লগতে পোনা মাছৰ ব্যৱসায় চলাই আহিছে। বিভিন্ন প্ৰকাৰৰ সৰু বৰ কণীযুক্ত মাছ নিধন যজ্ঞত নামি পৰিছে এটা দুষ্টচক্ৰ । লাহৰীঘাট , বৰবৰি , কছাৰীবডী , গৰমবজাৰ , টেঙাগুৰি , ধুপগুৰি, বগলীপৰা, তিনিচুকীয়া আদি বজাৰত নিতৌ থলুৱা মাছ কণীযুক্ত অৱস্থাতে বিক্ৰী কৰি থকাত সম্প্ৰতি এনে মাছ বিলুপ্তিৰ পথত আগবাঢ়িছে । জানিব পৰা মতে , এপ্ৰিলৰ পৰা জুনৰ শেষলৈ কণীযুক্ত মাছ ধৰাটো চৰকাৰী নিষেধাজ্ঞা থকাৰ পাছতো মীন আইনক অংগুষ্ঠ প্ৰদৰ্শন কৰি অসাধু ব্যৱসায়ী সকলে কণীযুক্ত মাছ বিক্ৰী কৰি আহিছে।
চৰকাৰী আইনক ভেঙুচালি কৰি লাহৰীঘাট বজাৰৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া সৰু-বৰ বজাৰসমূহত অসাধু ব্যৱসায়ীসকলে মুকলিকৈ এনে কণীযুক্ত মাছৰ ব্যৱসায় চলাই গৈছে। সচেতন ৰাইজৰ অভিযোগ মতে , মীন বিভাগৰ অমনোযোগীতাৰ বাবেই আইন অমান্য কৰি কণীযুক্ত থলুৱা মাছ অবাধে বিক্ৰী কৰি আছে এই অঞ্চলসমূহত। লাহৰীঘাট ৰাজহ চক্ৰৰ এলেকাত বিভিন্ন জাতৰ মাছৰ উৎস থকা অঞ্চল সমূহত নানা ধৰণৰ জাল ব্যৱহাৰ কৰি মাছ ধৰা কাৰ্য চলাই থকাত মাছৰ বংশবৃদ্ধিৰ ক্ষেত্ৰত ভীষণ সমস্যাই দেখা দিছে। সেয়ে থলুৱা কণীযুক্ত মাছ ধৰা কাৰ্য আৰু বিক্ৰী বন্ধ কৰিবলৈ এই অঞ্চলৰ সচেতন ৰাইজে মীন বিভাগক দাবী জনাইছে৷

No comments:

Post a Comment

SPONSORED