#আৱকাৰী বিষয়া নাৰায়ণ বৰালৰ হত্যাকাৰীক আটক কৰাত ব্যৰ্থ আৰক্ষী
#মৃতকৰ পৰিয়ালত উপস্থিত পাঁচটাকৈ সংগঠনৰ নেতা
কোকৰাঝাৰ : কোকৰাঝাৰ জিলা আৱকাৰী অধীক্ষকৰ কাৰ্যালয়ৰ উপ-পৰিদৰ্শক নাৰায়ণ বৰালৰ হত্যাকাণ্ডই পাঁচ দিন উকলি যোৱাৰ পিছতো হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হৈছে কোকৰাঝাৰ আৰক্ষী। ভাৰত - ভূটান সীমান্তৰ সৰলপাৰা বনাঞ্চলত অচিনাক্ত দুৰ্বৃত্তৰ হাতত যোৱা ২ মে’ৰ দিনাখন অকাল মৃত্যুক সাৱটি লোৱা নাৰায়ণ বৰাল হত্যাকাণ্ডৰ চাঞ্চল্য অদ্যপি অব্যাহত থকাৰ সময়তে আজি মৃতকৰ শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিবলৈ উপস্থিত হোৱা আৱকাৰী বিষয়াৰ দলটোৰ ওপৰত স্থানীয় ৰাইজে আক্ৰমণ সংঘটিত কৰে।
এনেকি স্থানীয় ৰাইজে আৱকাৰী বিষয়াৰ দলটোক কঢ়িয়াই নিয়া এ এছ ২৬ এ ৯২৩৪ নম্বৰৰ টাটা ছুম বাহনখন ভাঙি চুৰ্ণ বিচুৰ্ণ কৰে। অৱশ্যে উত্তেজিত ৰাইজৰ পৰা কোনোমতে আৱকাৰী বিষয়া কৰ্মচাৰীৰ দলটো প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয়।
ঘটনাৰ খবৰ লাভ কৰি কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক টাবুৰাম পেগুৰ নেতৃত্বত আৰক্ষীৰ বিশাল দল এটা উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। উত্তজিত ৰাইজ আৰু একাংশ দল সংগঠনৰ নেতাই আৰক্ষী বাহিনীলৈও সন্দেহৰ আঙুলি টোৱাই বিশমুৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাষ্কৰ জ্যোতি নাথক নিলম্বন আৰু তদন্তৰ আঁওতালৈ অনা, ঘটনাটোৰ চিবিআই তদন্ত কৰাৰ দাবী উত্থাপন কৰিছে।
এসপ্তাহৰ ভিতৰত দাবী সমুহ পুৰণ নহ’লে আৰক্ষী থানা ঘেৰাও আৰু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ দৰে জংগী আন্দোলন কৰিবলৈ বাধ্য হব বুলিও হুংকাৰ দিছে মৃতকৰ ঘৰত আজি উপস্থিত হোৱা সদৌ গোৰ্খা ছাত্ৰ সন্থাকে ধৰি কেবাটাও দল সংগঠনৰ প্ৰতিনিধিয়ে।
ইপিনে মৃতকৰ শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা আৰু ঘটনাৰ বুজ লবলৈ উপস্থিত হোৱা বডোলেণ্ড ছাত্ৰ সন্থা(বি এছ ইউ)ৰ সভাপতি ছৌগৌমছাৰ বসুমতাৰী, সদৌ অসম গোৰ্খা ছাত্র সন্থা (আগছু)ৰ সভাপতি প্ৰেম টামাং, বীৰছা কামাণ্ডো ফৰ্চ (বি চি এফ)ৰ সভাপতি দুৰ্গা হাসদা, আদিবাসী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বীৰসিং মুণ্ডা, আদিবাসী ছাত্র সন্থাৰ সভাপতি প্ৰদীপ নাগে সংবাদ মাধ্যমৰ আগত অসম চৰকাৰৰ আৱকাৰী বিভাগৰ এগৰাকী উপ পৰিদৰ্শকৰ দৰে বিষয়াক ৰাজ্যিক মৰ্যাদা দিয়া নাই বুলি গুৰুতৰ অভিযোগ কৰি সম দৃষ্টিভংগীৰে মৃতকৰ পৰিয়ালক ২০ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান, ঘটনাৰে জড়িত দোষীক অতি শীঘ্ৰে কৰায়ত্ব কৰা আৰু মৃতকৰ সহধৰ্মিনীক চৰকাৰী চাকৰিত নিয়োগৰ দাবী উত্থাপন কৰিছে।
উল্লেখ্য যে যোৱা ২ মে’ৰ দিনাখন এন আৰ চি দায়িত্ব সামৰি ঘৰলৈ ৰাওনা হোৱাৰ সময়তে কোকৰাঝাৰ সদৰ চহৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ নিলগৰ সৰলপাৰা বনাঞ্চলত আৱকাৰী উপ পৰিদৰ্শক নাৰায়ন বৰালক অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰি জংঘলত পেলাই দিছিল। অতি অমায়িক আৰু নিৰ্জু স্বভাৱৰ বিষয়াগৰাকীক কোনে কি কাৰণত হত্যা কৰিলে সেয়া অদ্যপি স্পষ্ট নহয় আৰু আৰক্ষীয়েও ঘটনাৰে জড়িত দুৰ্ষ্কৃতিকাৰীক অদ্যপি কৰায়ত্ব কৰিব নোৱাৰাত ভাৰত ভূটান সীমান্তবৰ্তী সৰলপাৰা ৰাইজৰ মাজত অসন্তুষ্টিয়ে গা কৰি উঠিছে। প্ৰণিধানযোগ্য যে কিছুবছৰ পূৰ্বে নাৰায়ন বৰালৰ পিতৃও দুৰ্ষ্কৃতিকাৰীৰ হাতত অকালতে প্ৰাণ হেৰুৱাইছিল।
No comments:
Post a Comment