অহা ৬ বছৰতো সম্পূর্ণ নহয় ফ’ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, May 07, 2018

অহা ৬ বছৰতো সম্পূর্ণ নহয় ফ’ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম

গুৱাহাটী : অত্যন্ত শামুকীয়া গতিৰে চলি আছে অসমত চাৰিলেনযুক্ত পথ নির্মাণৰ কাম৷ ব্রহ্মপুত্রৰ উত্তৰ পাৰৰ উন্নয়নৰ গতি ক্ষিপ্র কৰিবৰ বাবে কেন্দ্রীয় চৰকাৰে নগাঁৱৰ পৰা ইটানগৰলৈকে চাৰিলেনযুক্ত পথ নির্মাণৰ আঁচনি হাতত লৈছিল৷
কিন্তু সম্প্রতি যি গতিত পথ নির্মাণৰ কাম চলি আছে তাৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে যে অহা চঙ্মচপ্ত চনতো এই পথছোৱাৰ নির্মাণ সম্পূর্ণ হৈ উঠাৰ কোনো আশা নাই৷ খোদ কেন্দ্রীয় চৰকাৰেই চাৰিলেনযুক্ত পথ নির্মাণৰ কাম অতি লেহেম হোৱাৰ কথা স্বীকাৰ কৰিছে৷ প্রণিধানযোগ্য যে সম্প্রতি ব্রহ্মপুত্রৰ ওপৰত থকা কলিয়াবৰ দলংখনৰ কাষতে আন এখন দলঙৰ নির্মাণকার্য যোৱা কেইবা বছৰো ধৰি চলি আছে।
কেন্দ্রীয় চৰকাৰে এই দলংখনৰ নির্মাণকার্য চলিত বর্ষৰ  নৱেম্বৰত সম্পূর্ণ কৰাৰ লক্ষ্য নির্ধাৰণ কৰিছিল যদিও উক্ত সময়ৰ ভিতৰত দলংখনৰ কাম সমাপ্ত নহয়৷ কলিয়াবৰ তিনিআলিৰ পৰা চাৰিলেনযুক্ত পথ নির্মাণৰ সৈতে উক্ত দলংখন নির্মাণ কৰিবৰ বাবে কেন্দ্রীয় চৰকাৰে যিটো প্রতিষ্ঠানক দায়িত্ব অর্পণ কৰিছিল, উক্ত প্রতিষ্ঠানটোৱে এতিয়ালৈকে মাত্র্ ৩.৪৫ শতাংশ কামহে সমাপ্ত কৰিবলৈ সক্ষম হৈছে৷
পথ নির্মাণকাৰী প্রতিষ্ঠানটোৰ হাতত উপযুক্ত সম্পদৰ অভাৱ হোৱাৰ বাবেই পথ নির্মাণৰ কাম লেহেম হোৱা বুলি খোদ কেন্দ্রীয় চৰকাৰেই প্রকাশ কৰিছে৷ একেদৰে নগাঁও বাইপাছৰ পৰা কলিয়াবৰলৈকে নির্মাণ কৰিব লগীয়া পথছোৱাৰ কামো অতিশয় লেহেম গতিত চলি আছে৷ নগাঁও বাইপাছৰ পৰা ৰঙাগড়লৈকে নির্মাণ কৰিবলগীয়া পথছোৱাৰ কাম এতিয়ালৈকে মাত্র ১২.৫৩ শতাংশহে সম্পূর্ণ হৈছে৷ অথচ ২০১৬ চনৰ মে’ মাহতে কাম আৰম্ভ হোৱা এই পথছোৱাৰ নির্মাণ সম্পূর্ণ হ’ব লাগিছিল চলিত বর্ষৰ নৱেম্বৰ মাহত৷
ইফালে ৰঙাগড়ৰ পৰা কলিয়াবৰ তিনিআলিলৈকে নির্মাণ কৰিব লগীয়া অংশৰ কোনো কামেই এতিয়ালৈকে আৰম্ভ হোৱা নাই৷ একেদৰে জামুগুৰিৰ পৰা বিশ্বনাথ চাৰিআলিৰ মাজৰ অংশৰ কাম অহা বর্ষৰ জুনত সমাপ্ত হ’ব লাগে যদিও এতিয়ালৈকে কাম হৈছে মাত্র ৫.১২ শতাংশহে৷ বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈকে নির্মাণ কৰিবলগীয়া পথছোৱাৰ কাম সমাপ্ত কৰাৰ লক্ষ্য নির্ধাৰণ কৰি দিয়া হৈছিল অহা বছৰৰ ১৪ জানুৱাৰী৷ পাছে এতিয়ালৈকে এই পথছোৱা নির্মাণৰ কাম মাত্র্ ৩৫ শতাংশহে আগবাঢ়িছে৷
সেইদৰে গহপুৰৰ পৰা অৰুণাচলৰ হালুংগীলৈকে নির্মাণ কৰিব লগীয়া চাৰিলেনযুক্ত পথছোৱাৰ কামো মাত্র ১২.৬৬ শতাংশহে এতিয়ালৈকে সমাপ্ত হৈছে৷ এই অংশৰ কাম সম্পূর্ণ কৰিবৰ বাবে সময় নির্ধাৰণ কৰা হৈছে অহা বর্ষ বাৰ ডিচেম্বৰ৷ পাছে যি গতিত কাম চলি আছে তাৰ পৰা এয়া স্পষ্ট হৈ পৰিছে যে নির্ধাৰিত সময়ত এই পথছোৱাৰ নির্মাণ সম্পূর্ণ নহয়৷ সমগ্র চাৰিলেনযুক্ত পথ নির্মাণৰ কাম লেহেম হোৱাৰ বাবে কেন্দ্রীয় চৰকাৰে নির্মাণকাৰী প্রতিষ্ঠানসমূহকে দায়ী কৰিছে৷
পাছে কিয় চৰকাৰে নির্মাণৰ দায়িত্ব দিয়া প্রতিষ্ঠানসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা নাই সেয়াহে প্রশ্নৰ বিষয় হৈ পৰিছে৷ মন কৰিবলগীয়া যে উত্তৰ অসমৰ লগতে উজনি অসমৰ জীৱনৰেখা হিচাপে বিবেচিত ৩৭ নং ৰাষ্ট্রীয় ঘাইপথটোৰ চাৰিলেনযুক্ত কৰাৰ কামো অতি লেহেম গতিত চলি আছে৷ ২০১৫ চনতেই অর্থনৈতিক পৰিক্রমা বিভাগৰ কেন্দ্রীয় কেবিনেটে নুমলীগড়ৰ পৰা বগীবিললৈকে ১৮ কিল’মিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱা নির্মাণৰ বাবে অনুমতি দিছিল৷
কিন্তু উক্ত অনুমতি লাভৰ পাঁচ বছৰৰ পাছতো আজিলৈকে পথটোৰ দহ শতাংশ কামো সমাপ্ত হোৱা নাই৷ তথ্য অনুসৰি নুমলীগড়ৰ পৰা যোৰহাটলৈকে নির্মাণ কৰিবলগীয়া্ ৩৮.৯২ কিল’মিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত ৰাষ্ট্রীয় ঘাইপথটোৰ নির্মাণকার্য চলিত বর্ষৰ ২২ মে’ত সমাপ্ত হ’ব লাগিছিল৷ পাছে এতিয়ালৈকে উক্ত পথছোৱাৰ নির্মাণৰ কাম মাত্র ১৩.৭৭ শতাংশহে সমাপ্ত হৈছে৷
আনহাতে, যোৰহাটৰ পৰা জাঁজীলৈকে থকা পথছোৱাৰ ফ’ৰলেনৰ কাম ২০২০ চনৰ ডিচেম্বৰত সমাপ্ত কৰাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে যদিও উক্ত পথছোৱা ফ’ৰলেনলৈ ৰূপান্তৰিত কৰাৰ কাম চলিত বর্ষৰ এক জানুৱাৰীৰ পৰাহে আৰম্ভ হৈছে৷ একেদৰে জাঁজীৰ পৰা ডিমৌলৈ থকা পথছোৱাৰ নির্মাণকার্য ২০২১ চনৰ জানুৱাৰীৰ ভিতৰত সমাপ্ত কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে যদিও এই কাম চলিত বর্ষৰ জানুৱাৰীত আৰম্ভ কৰা হৈছেহে৷
একেদৰে ডিমৌৰ পৰা মৰাণ বাইপাছলৈকে থকা পথছোৱা ২০১৯ চনৰ ফেব্রুৱাৰীত কাম সমাপ্ত কৰাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে যদিও এই পথছোৱাৰ নির্মাণ এতিয়ালৈকে মাত্র ২.৮৭ শতাংশহে সমাপ্ত হৈছে৷ যাৰ বাবে পথছোৱাৰ নির্মাণ সামাপ্ত কৰাৰ সময়সীমা শেহতীয়াকৈ ২০২১ চনৰ মার্চ মাহলৈ পিছুৱাই দিয়া হৈছে৷ সকলোতকৈ ডাঙৰ কথা যে মৰাণ বাইপাছৰ পৰা লেপেটকটাৰ সমীপৰ বগীবিল জংছনলৈকে থকা পথছোৱাৰ নির্মাণৰ বাবে এতিয়ালৈকে কোনো ধৰণৰ কাম আৰম্ভ হোৱাই নাই৷
চৰকাৰে ২৫২ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰিবলগীয়া এই পথছোৱাৰ বাবে পূর্বতে দিয়া নিবিদা বাতিল কৰি পুনৰ নিবিদা দাখিলৰ ব্যৱস্থা গ্রহণ কৰিছে৷ উল্লেখযোগ্য যে চাৰিলেনযুক্ত পথ নির্মাণৰ কাম চলি থকাৰ আজুহাতত চৰকাৰে ৰাষ্ট্রীয় ঘাইপথটোৰ মেৰামতিও কৰা নাই৷ যাৰ বাবে সম্প্রতি ব্রহ্মপুত্রৰ উত্তৰ আৰু দক্ষিণ পাৰে থকা দুয়োটা পথেই অতিশয় শোচনীয় হৈ পৰিছে।
জৰাজীর্ণ অৱস্থাৰ বাবে প্রায়ে দুর্ঘটনা সংঘটিত হৈ আহিছে৷ দেখা গৈছে যে কথাৰ ফুলজাৰি মৰা চৰকাৰখনে উন্নয়নৰ কথা ক’লেও চাৰিলেনযুক্ত পথ নির্মাণৰ কাম ক্ষীপ্র কৰিবৰ বাবে কোনো গুৰুত্ব দিয়া নাই৷ যাৰ বাবে নির্ধাৰিত সময়ৰ ভিতৰত দূৰৈৰ কথা আৰু পাঁচ-ছয় বছৰৰ ভিতৰতো এই চাৰিলেনযুক্ত পথকেইটাৰ নির্মাণৰ কাম সমাপ্ত হোৱাৰ আশা নাই৷

No comments:

Post a Comment

SPONSORED