আজাৰাত পথ দুৰ্ঘটনা, নিহত ১ আহত ১
গুৱাহাটীঃ যান-বাহন আইন উলংঘাৰে মহানগৰীৰ ৰাজপথত চিটীবাছ, ট্রাক, অটো, বাইকচালকে দৌৰাত্ম অব্যাহত ৰাখিছে। জিলা পৰিবহণ বিভাগ, যান-বাহন আৰক্ষীয়ে পথ দুর্ঘটনা ৰােধৰ বাবে সজাগতামূলক কার্যসূচী গ্রহণ কৰাৰ পাছতাে গুৱাহাটী মহানগৰীত হ্রাস পােৱা নাই পথ দুর্ঘটনা। চলিত বৰ্ষত গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত সংঘটিত হৈছে ৩৬১টা পথ দুর্ঘটনা। মহানগৰীত সংঘটিত হােৱা এই পথ দুর্ঘটনাত আজিলৈকে ১০৬জন লােকে অকালতে প্রাণ হেৰুওৱাৰ বিপৰীতে ২৬৯জন লােক গুৰুতৰভাৱে আহত হৈছে। পথ দুর্ঘটনা ৰােধ কৰাৰ বাবে পৰিবহণ বিভাগে সজাগতামূলক কার্যসুচী আৰু কঠোৰ নির্দেশনা জাৰি কৰাৰ পাছতাে মহানগৰীত দিনক দিনে উদ্বেগজনকভাৱে বৃদ্ধি পাব ধৰিছে দুর্ঘটনা। চলিত বৰ্ষৰ জানুৱাৰী মাহত মহানগৰীৰ বিভিন্ন স্থানত সংঘটিত ৮৪টা পথ দুর্ঘটনাত ২২জন লােকৰ মৃত্যু হােৱাৰ বিপৰীতে ৫৯জন লােক আহত হৈছিল। একেদৰে, ফেব্ৰুৱাৰী মাহত সংঘটিত ৮৭টা পথ দুর্ঘটনাত ২৬জনৰ মৃত্যু আৰু ৭৯জন লােক আহত হৈছিল। মার্চ মাহত ৯৩টা পথ দুর্ঘটনাত ২৯জন লােকৰ মৃত্যু আৰু ৬১জন আহত হৈছিল। এপ্রিল মাহত সংঘটিত ৯১টা পথ দুর্ঘটনাত ২৭জনে প্রাণ হেৰুওৱাৰ বিপৰীতে ৬৬জন আহত হৈছিল। মে’ মাহৰ ৬ তাৰিখলৈকে গুৱাহাটী মহানগৰীত সংঘটিত ৬টা পথ দুর্ঘটনাত দুজন লােকৰ মৃত্যু হােৱাৰ বিপৰীতে ৪জন লােক গুৰুতৰভাৱে আহত হৈছে। যান-বাহন আইন উলংঘাৰে চালকসকলে অব্যাহত ৰখা দৌৰাত্মৰ বাবেই ৭মে পুৱাই আজাৰা থানাৰ অন্তৰ্গত এয়াৰ ফ’র্চ গেটৰ সমীপত সংঘটিত এক ভয়াৱহ পথ দুর্ঘটনাত এজন যুৱকৰ মৃত্যু হােৱাৰ বিপৰীতে আন এজন যুৱক গুৰুতৰভাৱে আহত হয়।
প্রায় ১০.১৫ বজাত সংঘটিত এই পথ দুর্ঘটনাত অংকুশ বৰগােহাঁই (২২) নামৰ যুৱকজনৰ মৃত্যু হােৱাৰ লগতে জিতুমণি নাথ (১৮) নামৰ যুৱকজন গুৰুতৰভাৱে আহত হৈ জিএমচিএইচত চিকিৎসাধীন হৈ আছে। আৰক্ষীয়ে দুর্ঘটনাত পতিত এ এছ-২৫ জি-০০৭২ নম্বৰৰ স্কুটী আৰু এএছ০১ জিচি-৩৯৪৯ নম্বৰৰ যাত্রীবাহী বাছখন জব্দ কৰিছে। লক্ষণীয় যে জিলা প্রশাসন, পৰিবহণ বিভাগ আৰু যান-বাহন আৰক্ষীৰ সজাগতামূলক। কার্যসূচীৰ পাছতাে মহানগৰীত গড় হিচাপত প্রতিদিনে প্রায় ৩টাকৈ পথ দুর্ঘটনা সংঘটিত হৈছে। মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পােৱা পথ দুর্ঘটনা ৰােধৰ বাবে চৰকাৰে কি পদক্ষপে গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।
No comments:
Post a Comment