চিনাক্ত বিদেশীৰ পৰিয়ালৰ কাৰো নাম অন্তর্ভুক্ত নহয় এন আৰ চিত - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 9, 2018

চিনাক্ত বিদেশীৰ পৰিয়ালৰ কাৰো নাম অন্তর্ভুক্ত নহয় এন আৰ চিত

 ৱেব সংবাদঃ কেৱল চিনাক্ত বিদেশীয়েই নহয়, বিদেশীজনৰ পৰিয়ালৰ কোনো সদস্যৰেই নাম এন আৰ চিত অন্তর্ভুক্ত নহয়৷ এন আৰ চিৰ খচৰাত লাখৰ ভিতৰত চিনাক্ত বিদেশীৰ নাম অন্তর্ভুক্ত হোৱাৰ পাছত এই ক্ষেত্রত কঠোৰ স্থিতি গ্রহণ কৰি এন আৰ চি কর্তৃপক্ষই ইতিমধ্যে চিনাক্ত বিদেশীসকলৰ নাম কর্তন কৰিছে৷ চিনাক্ত বিদেশীসকলৰ লগতে শেহতীয়াকৈ সেইসকলৰ সতি-সন্ততি তথা পৰিয়ালৰ অন্যান্য সদস্যসকলৰ নাম যাতে এন আৰ চিৰ তালিকাত অন্তর্ভুক্ত নহয়৷ এই ক্ষেত্রত অধিক সচেতনতা অৱলম্বন কৰিছে এন আৰ চি কর্তৃপক্ষই৷
এন আৰ চিৰ ৰাজ্যিক সমন্বয়ৰ প্রতীক হাজেলাই যোৱা ২ মে’ত প্রতিখন জিলাৰ উপায়ুক্তলৈ পত্র প্রেৰণ কৰি এন আৰ চিৰ তালিকাত যদিহে চিনাক্ত বিদেশীৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তর্ভুক্ত হৈছে সেইসকলৰ নাম কর্তন কৰিবলৈ নির্দেশ দিছে৷ লগতে সীমান্ত আৰক্ষীক চিনাক্ত বিদেশীৰ ভাতৃ-ভগ্নী, সতি-সন্ততিসহ পৰিয়ালৰ নাম-ঠিকনা সংগ্রহ কৰিবলৈ এন আৰ চি কর্তৃপক্ষই নির্দেশ দিছে৷ যাতে এন আৰ চিৰ খচৰা তালিকাত সোমোৱা চিনাক্ত বিদেশীৰ পৰিয়ালৰ নাম মূল তালিকাৰ পৰা বাদ দিব পৰা যায়৷
উল্লেখযোগ্য যে এন আৰ চিৰ খচৰাত লাখে লাখে বাংলাদেশীৰ নাম অন্তর্ভুক্ত হৈছে৷ ‘ডি’ ভোটাৰ আৰু চিনাক্ত বিদেশীৰ ক্ষেত্রত এন আৰ চি কর্তৃপক্ষৰ স্থিতি স্পষ্ট আছিল যদিও ভাৰতত জন্মলাভ কৰা চিনাক্ত বিদেশীৰ সতি-সন্ততি, ভাতৃ-ভগ্নীসহ পৰিয়ালৰ অন্যান্য সদস্যৰ নাম এন আৰ চিত সোমাব নে নাই এই সন্দর্ভত কোনো স্পষ্ট নির্দেশনা নাছিল৷ এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাই ২ মে’ত জিলাৰ উপায়ুক্তসকললৈ প্রেৰণ কৰা পত্রত গুৱাহাটী উচচ ন্যায়ালয়ে ২ মে’, ২০১৭ত প্রদান কৰা ৰায়ৰ উদ্ধৃতি দাঙি ধৰা হৈছে৷ গুৱাহাটী উচচ ন্যায়ালয়ে উক্ত ৰায়ত স্পষ্টভাৱে কৈছিল যে বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি চিনাক্ত কৰা লোকৰ পৰিয়ালৰ সদস্যসকলকো বিদেশী বুলি গণ্য কৰা হ’ব৷
গুৱাহাটী উচচ ন্যায়ালয়ৰ এই গুৰুত্বপূর্ণ ৰায় মানি লৈ এন আৰ চি কর্তৃপক্ষই সকলো জিলাৰ উপায়ুক্ত আৰু প্রতিখন জিলাৰ সীমান্ত আৰক্ষীৰ অধীক্ষকক দিয়া শেহতীয়া এই নির্দেশে গুৰুত্ব লাভ কৰিছে৷ বিদেশীমুক্ত এন আৰ চি প্রস্তুতৰ ক্ষেত্রত এন আৰ চি কর্তৃপক্ষৰ এই নির্দেশ অতি তাৎপর্যপূর্ণ বিবেচিত হৈছে৷ ইফালে, চিনাক্ত-অচিনাক্ত বিদেশী অঙহী-বঙহীসহ লাখ লাখ বাংলাদেশীয়ে এন আৰ চিৰ খচৰাত নাম সুমুৱাবলৈ সক্ষম হৈছে৷
প্রতীক হাজেলাৰ নির্দেশৰ পাছত লাখ লাখ বিদেশীৰ নাম কর্তন নিশ্চিত হোৱাত মূৰ গৰম হৈছে আমছু, জমিয়তৰ দৰে বাংলাদেশী মুছলমানৰ স্বার্থতত মাত মাতি অহা সংগঠনৰ৷ এই সংগঠনকেইটাই বিগত বর্ষত উচচ ন্যায়ালয়ে দিয়া গুৰুত্বপূর্ণ ৰায়ক প্রত্যাহবান জনাই এতিয়া গোপনে উচচতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কুচকাৱাজ চলাইছে৷
মুঠৰ ওপৰত বিদেশীমুক্ত এন আৰ চি প্রস্তুতত জমিয়ত, আমছুৰ দৰে একাংশ সংগঠনে যে প্রতি মুহূর্তত বাধাৰ সৃষ্টি কৰি আহিছে সেয়া বিভিন্ন সময়ত প্রতীয়মান হৈছে৷ নাগৰিকত্ব আইনৰ সংশোধনী বিধেয়কখনক লৈ খিলঞ্জীয়া জনসাধাৰণ প্রতিবাদমুখৰ হৈ থকাৰ সময়তে প্রতিক্রিয়াশীল আন এটা চক্রই বাংলাদেশী মুছলমানক স্বদেশী সজাবলৈ এইদৰেই চেষ্টা অব্যাহত ৰাখিছে৷


No comments:

Post a Comment

SPONSORED