অসমীয়া জাতিক হুমকি প্রাক্তন কংগ্ৰেছী মন্ত্রী ডাঃ অর্ধেন্দু কুমাৰ দেৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 9, 2018

অসমীয়া জাতিক হুমকি প্রাক্তন কংগ্ৰেছী মন্ত্রী ডাঃ অর্ধেন্দু কুমাৰ দেৰ

হােজাই : হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদানক কেন্দ্ৰ কৰি কংগ্ৰেছৰ নিকৃষ্ট দুমুখীয়া চৰিত্ৰ উন্মােচিত হ’ল। গুৱাহাটীত যুটীয়া সংসদীয় কমিটীৰ ওচৰত সাক্ষ্য দিবলৈ আহি প্রদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, বিৰােধী দলপতি দেৱব্ৰত শইকীয়া, প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈকে ধৰি কংগ্ৰেছ নেতৃবৃন্দই নাগৰিকত্ব সংশােধনী বিধেয়কৰ বিৰুদ্ধাচৰণ কৰে। কংগ্ৰেছে আনকি উক্ত বিধেয়কখন যাতে সংসদত গৃহীত হ'ব নােৱাৰে, তাৰ বাবে সংসদতাে বিৰুদ্ধাচৰণ কৰি যাব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে। তদুপৰি উক্ত বিধেয়কখনৰ বিৰুদ্ধাচৰণ কৰাটো দলৰ স্থিতি বুলিও স্পষ্ট কৰি দিয়ে। পিছে ২৪ ঘণ্টা নৌহওঁতেই দেখা গ'ল বিপৰীত ছবি। ব্রহ্মপুত্র উপত্যকাত কংগ্ৰেছে নাগৰিকত্ব সংশােধনী বিধেয়কৰ বিৰুদ্ধাচৰণ কৰাৰ বিপৰীতে বৰাক উপত্যকাত দেখা গ'ল বিধেয়কখনৰ পক্ষত কংগ্ৰেছে অৱস্থান লৈছে। বৰাক উপত্যকাৰ কংগ্ৰেছ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই প্রকাশ্যে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদানৰ পােষকতা কৰে। নাগৰিকত্ব সংশােধনী বিধেয়কৰ বিৰুদ্ধাচৰণ কৰিবলৈ দলৰ কোনাে নির্দেশনা নাই বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। সেইদৰে বৰাক উপত্যকাৰে আন এগৰাকী জ্যেষ্ঠ কংগ্ৰেছী তথা প্রাক্তন মন্ত্রী গৌতম ৰয়েও হিন্দু বাংলাদেশী নাগৰিকত্ব প্রদানৰ পােষকতা কৰি কয় যে ২০১৪ চনৰ ভােটাৰ তালিকাত যিসকল নাগৰিকৰ নাম আছে, তেওঁলােকক নাগৰিকত্ব প্রদানৰ বাবে পূৰ্বৰ তৰুণ গগৈ চৰকাৰৰ আমােলতেই কেবিনেটে সিদ্ধান্ত গ্রহণ কৰিছে বুলি প্ৰকাশ কৰে। এই প্ৰসংগতে উল্লেখনীয় এয়ে যে যুটীয়া সংসদীয় কমিটীৰ অন্যতম সদস্য শিলচৰৰ সাংসদ সুস্মিতা দেবে ইতিপূর্বে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদানৰ সপক্ষে মতামত ব্যক্ত কৰিছে। মুঠতে আজি নাগৰিকত্ব সংশােধনী বিধেয়কক লৈ বৰাক উপত্যকাত কংগ্ৰেছৰ দেখা গ'ল বিপৰীত স্থিতি। ভােটৰ ৰাজনীতিৰ স্বাৰ্থতে যে কংগ্ৰেছে বৰাকত এটা, ব্রহ্মপুত্ৰ উপত্যকাত আন এটা স্থিতি গ্ৰহণ কৰি আহিছে সেই ছবিখন অতি নগ্ন ৰূপত উন্মােচিত হৈ পৰিল।
আনহাতে, ভােটৰ অংকত বৰাক উপত্যকাত দেখা গ'ল বিজেপি-কংগ্ৰেছ একাকাৰ হৈ পৰিল। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কেইদিনমান পূর্বে যুটীয়া সংসদীয় কমিটীৰ অসম ভ্ৰমণৰ সময়ত গেৰুৱা দলটোৰ কোনাে প্রতিনিধিয়ে সাক্ষ্য প্রদান নকৰে বুলি প্ৰকাশ কৰিছিল। সেই অনুসৰি গুৱাহাটীত যুটীয়া সংসদীয় কমিটীৰ ওচৰত বিজেপিৰ কোনাে প্রতিনিধি নাহিল। কিন্তু বৰাক উপত্যকাত দেখা গ'ল বিপৰীত ছবি। নাগৰিকত্ব সংশােধনী বিধেয়কৰ সমর্থনত মুকলিমুৰীয়াকৈ ওলাই আহিল দলটোৰ বিধায়ক অমৰ চান্দ জৈন, কিশােৰ নাথ, আমিনুল হক লস্কৰ আদি। তেওঁলােকে প্রকাশ্যে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদানৰ পােষকতা কৰিলে। এক কথাত ক'ব লাগিলে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদানক কেন্দ্ৰ কৰি বৰাকত এটা মুদ্ৰাৰ ইপিঠি সিপিঠি হৈ পৰিল বিজেপি আৰু কংগ্ৰেছ। আনহাতে, এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে এক সংবাদ মেলত নাগৰিকত্ব সংশােধনী বিধেয়কক লৈ কংগ্ৰেছে ব্ৰহ্মপুত্ৰ উপত্যকাত এটা আৰু বৰাক উপত্যকাত আন এটা স্থিতি লৈ দুমুখীয়া নীতি গ্রহণৰ অভিযোগ কৰে। একেদৰে অগপ দলৰ ভূমিকাকো তীব্র সমালােচনা কৰে। ইফালে সাম্প্রদায়িক মন্তব্যৰে ৰাজ্যখন অগ্নিগর্ভ কৰাৰ গভীৰ ষড়যন্ত্রত লিপ্ত হৈছে প্রাক্তন কংগ্ৰেছী মন্ত্রী ডাঃ অর্ধেন্দু কুমাৰ দে। হােজাইত অসম নাগৰিক মঞ্চৰ উদ্যোগত আয়ােজন কৰা এক ধর্ণা কার্যসূচীত অংশগ্রহণ কৰি সংগঠনটোৰ সভাপতি তথা প্রাক্তন মন্ত্রী ডাঃ দেই কয় যে নাগৰিকত্ব সংশােধনী বিধেয়কক লৈ একাংশ জাতীয় দল-সংগঠনে বিৰােধিতা কৰিলেও অসমৰ বাঙালীসকল চিন্তিত হােৱাৰ কোনাে কাৰণ নাই। অসমত বাঙালীৰাে অধিকাৰ আছে। বুৰঞ্জী অধ্যয়ন কৰিলেই সেয়া প্রমাণিত হ’ব। প্রাক্তন মন্ত্রী দে ই প্ৰৰােচনামুলক সাম্প্রদায়িক মন্তব্য কৰি কয়— কাৰােবাৰ যদি সাহস আছে, তেন্তে এজন বাঙালী মানুহৰ ঘৰ জ্বলাই চাওক বা গাত হাত দি চাওক। অসমৰ পৰিৱেশ ২০ বছৰ আগৰ পৰিৱেশ হৈ থকা নাই। পুৰ্বৰ অসমৰ পৰিস্থিতি বর্তমান নাই যে কোনােবাই মন গলেই বাঙালী সম্প্রদায়ক আক্রমণ কৰিব। উল্লেখ্য যে ২০১৪ চনৰ ভােটাৰ তালিকাৰ ভিত্তিত এন আৰ চি প্রস্তুতকৰণ আৰু নাগৰিকত্ব সংশােধনী বিধেয়ক ২০১৬ক ২০১৪ চনৰ ভােটাৰ তালিকাক ভিত্তি কৰি আইনত পৰিণত কৰাৰ দাবীত অসম নাগৰিক মঞ্চই হােজাইত এক ধর্ণা কার্যসূচী ৰূপায়ণ কৰে। সেই ধর্ণা কার্যসূচীত অংশগ্ৰহণ কৰি প্রাক্তন মন্ত্রী ডাঃ দেই নাগৰিকত্ব সংশােধনী বিধেয়কখনৰ বিৰুদ্ধে যুদ্ধংদেহি ভূমিকা গ্রহণ কৰা কৃষক নেতা অখিল গগৈ, আছুৰ লগতে একাংশ বুদ্ধিজীৱীৰ ভূমিকাকে কঠোৰ ভাষাৰে সমালােচনা কৰে। অসম নাগৰিক মঞ্চৰ নেতা বিজয় চৱৰ্তীয়ে অখিল গগৈক পাকিস্তানৰ এজেণ্ট আৰু পাকিস্তানৰ হৈ কাম কৰি থকাৰ গুৰুতৰ অভিযােগ কৰে। অখিল গগৈৰ লগত সকলাে সন্দেহজনক নাগৰিকেই আছে বুলি তেওঁ মন্তব্য কৰে। আছুকো সমালােচনা কৰি তেওঁ কয় যে আছুৰ লগত অসমৰ ৰাইজ নাই। আছুকে ধৰি অন্যান্য তথাকথিত জাতীয় সংগঠনৰ লগত অসমীয়া ৰাইজ থাকিলে কালিৰে পৰাই অসমৰ বাঙালীসকলৰ ঘৰত জুই দিব পাৰিলেহেঁতেন। তেওঁলােকৰ লগত অসমীয়া মানুহ নাই বাবেই তেনে কাম কৰিবলৈ সাহস কৰা নাই বুলি প্ৰৰােচিত মন্তব্য কৰে। ডাঃ দে’ আৰু চক্ৰৱৰ্তীৰ তেনে প্ৰৰােচনামূলক বক্তব্যই ৰাইজৰ মাজত বিৰূপ প্রতিক্রিয়াৰ সৃষ্টি কৰিছে। প্ৰকৃততে তেওঁলােকে তেনেধৰণৰ প্ৰৰােচনামূলক বক্তব্যৰে ৰাজ্যখনক কোন দিশলৈ লৈ যাব বিচাৰিছে তাক লৈও প্রশ্ন উত্থাপন হৈছে।

অর্ধেন্দুক সকীয়নি পৰেশ বৰুৱাৰ

প্রাক্তন মন্ত্রী ডাঃ অর্ধেন্দু কুমাৰ দে’ৰ সাম্প্রদায়িক প্ৰৰােচনামূলক মন্তব্যৰ তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে আলফা (স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই৷ ডাঃ দেই অসম জ্বলােৱাৰ মন্তব্য কৰাৰ অভিযােগ কৰি মুখ্য সেনাধ্যক্ষ বৰুৱাই কয় যে দে’ৰ মন্তব্য কংগ্ৰেছৰ মন্তব্য নে ব্যক্তিগত মন্তব্য সেয়া কংগ্ৰেছে দুদিনৰ ভিতৰত ৰাইজক অৱগত কৰাওক। ডাঃ দে’ৰ দৰে ব্যক্তিক কংগ্ৰেছে কিয় দলত ৰাখিছে সেই সম্পর্কে প্রশ্ন কৰি অসমৰ বাঙালী দলসংগঠনকো ডাঃ দে’ৰ বক্তব্যক সমর্থন কৰে নে নকৰে ৰাইজক জনাবলৈ আহ্বান জনায়।

No comments:

Post a Comment

SPONSORED