য়ুথ অলিম্পিকলৈ যােগ্যতা অর্জন মানৱ থাক্কাৰৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Wednesday, May 09, 2018

য়ুথ অলিম্পিকলৈ যােগ্যতা অর্জন মানৱ থাক্কাৰৰ

ৱেব সংবাদ : ভাৰতৰ উদীয়মান পেডলাৰ মানৱ থাক্কাৰে বুয়েনাছ আয়াৰ্ছত অনুষ্ঠিত হ’বলগীয়া য়ুথ অলিম্পিকলৈ যােগ্যতা অর্জন কৰিছে। ৰােড টু বুয়েনাছ আয়াৰ্ছ য়ুথ অলিম্পিক গেমছ ছিৰিজৰ (এছিয়া) ফাইনেলত বিশ্বৰ দ্বিতীয় স্থানপ্রাপ্ত ছিংগাপুৰৰ প্রতিদ্বন্দ্বীক ১১-৪, ১১|-৭, ১১-২,১১-৯ৰ ব্যৱধানত পৰাস্ত কৰি তেওঁ মেগা ইভেন্টখনত দেশক প্রতিনিধিত্ব কৰাৰ সুযােগ লাভ কৰে। অৱশ্যে ভাৰতৰ আন এগৰাকী প্রতিভাৱান পেডলাৰ অৰ্চনা গিৰীশ কামাথে কোৱাৰ্টাৰ ফাইনেলত পৰাজয়ৰ সন্মুখীন হৈ য়ুথ অলিম্পিকৰ যােগ্যতা অর্জনত ব্যর্থ হয়। মন কৰিবলগীয়া যে শেহতীয়াকৈ ৰাষ্ট্রীয় তথা জুনিয়ৰ আন্তঃৰাষ্ট্রীয় প্রতিযােগিতাত মানৱ থাক্কাৰে উন্নত প্রদর্শনেৰে ক্রীড়াপ্রেমীৰ দৃষ্টি আকর্ষণ কৰিছে।

No comments:

Post a Comment

SPONSORED