বয়স ফাঁকি দি বাহিৰ হ’ল ৪ জিলা দল - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Wednesday, May 09, 2018

বয়স ফাঁকি দি বাহিৰ হ’ল ৪ জিলা দল

গুৱাহাটী : অসম ক্রিকেট সন্থাৰ উদ্যোগত চলি থকা ১৩ বছৰ অনূর্ধ্ব উমানন্দ বৰা সোঁৱৰণী আন্তঃজিলা ক্রিকেট প্রতিযােগিতাত খেলুৱৈৰ বয়সক লৈ কঠোৰ হৈছে এ চি এ। কোনাে জিলাই যাতে বয়সতকৈ ডাঙৰ খেলুৱৈ নেখেলায়, তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিছে উদ্যোক্তা সংস্থাটোৱে। পিছে একাধিক জিলাই ১৩ বছৰতকৈ ঊর্ধ্বৰ খেলুৱৈ দলত অন্তর্ভুক্ত কৰা দেখা গৈছে। এইক্ষেত্ৰত এ চি এ কর্মকর্তাই দলকেইটাক সকীয়াই দিছিল যদিও তেওঁলােকে বয়স ফাঁকিৰ নিয়ম উলংঘা কৰিছে। মেডিকেল পৰীক্ষাত বয়স্ ফাঁকিৰ অভিযােগ ধৰা পৰা জিলাকেইখন হ’ল গােলাঘাট, মৰিগাঁও, মাৰ্ঘেৰিটা আৰু ধেমাজি। এই দলকেইটাক অসম ক্রিকেট সন্থাই ইতিমধ্যে অযােগ্য ঘােষণা কৰিছে।

No comments:

Post a Comment

SPONSORED