মুম্বাই : ভাৰতীয় নাগৰিকৰ স্বাস্থ্য সজাগতাৰ ক্ষেত্ৰত হেঙাৰস্বৰূপ হৈ পৰিছে ছ'চিয়েল মিডিয়া। প্রযুক্তিৰ অত্যধিক ব্যৱহাৰ আৰু ছ'চিয়েল মিডিয়াৰ প্রতি আসক্তিয়ে মানুহৰ দৈনন্দিন জীৱনৰ পৰা শাৰীৰিক কছৰতৰ অভ্যাস কাঢ়ি নিছে। এই অভিমত ব্যক্ত কৰিছে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে। স্প'ৰ্টছ ৱেৰ কোম্পানী পিউমাই শেহতীয়াকৈ দেশজুৰি চলােৱা এক সমীক্ষা সন্দৰ্ভত প্রতিক্রিয়া ব্যক্ত কৰি বিশ্ব ক্রিকেটৰ অন্যতম সফল বেটছমেনগৰাকীয়ে কয় যে ছ'চিয়েল মিডিয়াই মানুহৰ দৈনন্দিন জীৱনলৈ ব্যাপক পৰিৱৰ্তন কঢ়িয়াই আনিছে। বিশেষকৈ যুৱপ্ৰজন্ম ইয়াৰ প্ৰতি অত্যন্ত আসক্ত হােৱা দেখা গৈছে। ফলত তেওঁলােকে শৰীৰৰ প্রতি যতন লােৱাৰ অৱকাশ নাপায়। শাৰীৰিকভাৱে সুস্থ-সবল হলে জীৱনলৈ অহা যিকোনাে প্রত্যাহ্বান সহজে প্রতিহত কৰিব পাৰি। এই কথা মই নিজে অনুভৱ কৰিছো। এইবাবে এক সক্রিয় জীৱনশৈলী যাপন কৰাটো মই পছন্দ কৰোঁ।'—কোহলিয়ে এইদৰে কয়।
উল্লেখ্য যে পিউমাৰ সমীক্ষাত এই কথা পােহৰলৈ আহিছিল যে বিগত এবছৰত দেশৰ এক-তৃতীয়াংশ লােকে কোনােধৰণৰ শাৰীৰিক ব্যায়াম কৰা নাই।
No comments:
Post a Comment