ভূৰাগাওঁ-নগাঁও সংযোগী গড়কাপ্টানী পথৰ কদৰ্য ৰূপে জীয়াতু ভূগাইছে পথচাৰীক - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, May 11, 2018

ভূৰাগাওঁ-নগাঁও সংযোগী গড়কাপ্টানী পথৰ কদৰ্য ৰূপে জীয়াতু ভূগাইছে পথচাৰীক

লাহৰীঘাট : মৰিগাঁও জিলাৰ ভূৰাগাঁও, লাহৰীঘাট, মৈৰাবাৰীহৈ নগাঁও সংযোগী পথছোৱা এক বিশাল অঞ্চল সামৰি যাতায়তৰ মূল গড়কাপ্টানী পথ। পথছোৱাত সুদীৰ্ঘ কালৰ পৰা কোনো মেৰামতি নকৰাত ঠাই বিশেষে পুখুৰী সদৃশ প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে। উল্লেখ্য যে, পথছোৱাৰে প্ৰতিদিনে সহস্ৰাধিক পথচাৰীৰ সমাগম ঘটে। শতাধিক সৰু বৰ বাহনে আহ যাহ কৰে। পথছোৱাৰ পকী খহি বিধ্বস্ত হৈ পৰাত অট',মেজিক আদি গাড়ী সমূহে অবৈধভাৱে অতিৰিক্ত ভাড়া সংগ্ৰহ কৰি আছে।
ইপিনে লাহৰীঘাট দ্বি-সাপ্তাহিক বজাৰত অব্যাহত থকা নলা খননকাৰ্যই আৰু অধিক ব্যাঘাতৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, নিৰ্মীয়মান নলা খননকাৰ্য অতি লেহেমীয়া গতিত চলি আছে। পথছোৱাৰ মাজত পকী খহি বৃহৎ গাঁত আৰু দুয়ো কাষত নলা খান্দি উঠোৱা মাটিৰ বিৰাট দম লগতে সঘনাই হোৱা বৰষুণে পথছোৱাত সৃষ্টি হোৱা কৃত্ৰিম বানৰ ফলত যাতায়ত ব্যাহত হৈ পৰিছে। ভূৰাগাঁও, টেঙাগুৰি, লাহৰীঘাট, মৈৰাবাৰী অঞ্চলৰ নগাঁও অভিমূখী যাতায়তৰ একমাত্ৰ মূল পথটি অচিৰেই মেৰামতি কৰাৰ বাবে নতুনকৈ দায়িত্বভাৰ লোৱা গড়কাপ্টানী মন্ত্ৰী মহোদয়ক ভূক্তভোগী ৰাইজে দাবী জনাইছে। পথটিৰ উন্নতি হ’লে এই বৃহত্তৰ অঞ্চলৰ সৰ্বস্তৰৰ লোক উপকৃত হ’ব।

No comments:

Post a Comment

SPONSORED