তিতাবৰ : অসম নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চল ভাগ্যলক্ষী গাঁৱৰ গাতে লাগি থকা নগা পাহাৰত অৰ্ধগলিত কিশোৰীৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ তিতাবৰতে। অৰ্ধগলিত মৃতদেহটো হাত,ভৰি,ডিঙি বান্ধি থোৱা অৱস্থাত প্ৰত্যক্ষ কৰে পাহাৰলৈ খৰি আনিবলৈ যোৱা কেইজনমান স্থানীয় ৰাইজে।
স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে যে, কিশোৰীগৰাকী পাহাৰলৈ খৰি আনিবলৈ যাওঁতে কোনো দুৰ্বৃত্তই অকলে পাই কিশোৰী গৰাকীক হাত,ভৰি,ডিঙি আদি বান্ধি ধৰ্ষণ কৰে আৰু প্ৰমাণ নষ্ট কৰিবলৈ হত্যা কৰিছে। অৰ্ধগলিত মৃতদেহটো এগৰাকী ১৩-১৪বছৰীয়া কিশোৰীৰ বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। উল্লেখযোগ্য যে অৰ্ধগলিত মৃতদেহটো প্ৰকৃততে অসমৰ নে নগালেণ্ডৰ যুৱতী বৰ্তমানেও চিনাক্ত কৰিব পৰা হোৱা নাই।
No comments:
Post a Comment