গোসাঁইগাঁও : গোসাঁইগাঁও মহকুমাৰ হাতীধুৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত মল্লিকাপুৰ গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত পশুপালন বিভাগৰ সৌজন্যত যোৱা দুদিন ধৰি এক উচ্চস্তৰীয় প্ৰশিক্ষণ শিবিৰ সুকলমে সম্পন্ন হৈ যায়। মল্লিকাপুৰৰ "গ্ৰীনলেণ্ড সমবায় সমিতি লিমিটেড"ৰ সভানেত্ৰী মেৰী ভায়োলেট মূৰ্মূৰ ব্যৱস্থাপনাত, সমবায় সমিতিৰ সমন্বয়ক তথা সহকাৰী সঞ্চালক শ্ৰীযুত প্ৰফুল্ল বৰুৱাৰ পৃষ্ঠপোষকতাত আৰু প্ৰায় ১৫০ টা মান স্বনিয়োজন গোটৰ সদস্য-সদস্যাক লৈ গঠিত সমিতিখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সমবায় সমিতি লিমিটেডৰ সম্পাদিকা মানসী টুডুৱে। তেখেতৰ ভাষণত কয় যে স্বনিৰ্ভৰশীল হ'বলৈ হলে প্ৰত্যকেই নিজে নিজে হাতত হাত ধৰি কাম কৰি লাগি জনমূৰি আয় বৃদ্ধি কৰিব লাগিব। চৰকাৰী আঁচনি গ্ৰহণ কৰি গাৱঁৰ প্ৰতিজন মানুহৰে নিম্নতম উপাৰ্জন দ্বিগুণ কৰি অৰ্থনীতিৰ বুনিয়াদ গঠন কৰিব লাগিব। ২০২২ চনৰ ভিতৰত ভাৰতবৰ্ষৰ প্ৰতিজন মানুহৰ আয়ৰ পৰিমাণ বৃদ্ধি কৰি আজিৰ তুলনাত দ্বিগুণ কৰাৰ লক্ষ্যৰে চৰকাৰে বিভিন্ন আঁচনিৰ শুভাৰম্ভ কৰিছে। গাঁৱৰ মানুহৰ সহজাত বৃত্তি পৰম্পৰাগত ভাৱে চলাই অহা পশুপালনৰ জৰিয়তে অৰ্থনৈতিক বিকাশৰ বুনিয়াদ ৰচনা কৰিব পৰা যায়। এই ধৰণৰ মহান বৃত্তিসমূহক যদি বৈজ্ঞানিক চিন্তাধাৰাৰে নতুনকৈ আৰম্ভ কৰোৱা হয় বা কৰিবলৈ দিয়া হয়, নিশ্চয় ভাৰতবৰ্ষৰ অৰ্থনীতি সবল হোৱাৰ পথ প্ৰশস্ত হ’ব। প্ৰশিক্ষণ শিবিৰটো আৰম্ভ হোৱাৰ আগতে উপস্থিত সদস্য-সদস্যাসকলক স্বনিয়োজনৰ বাবে দক্ষতাৰ প্ৰশিক্ষণৰ দৰকাৰ কিয় এই বিষয়ে ব্যাখ্যা কৰে সভানেত্ৰী মেৰী ভায়োলেট মূৰ্মূ এ।
গাওঁবুঢ়া, ভিচিডিচিৰ সভাপতি তথা সমিতিখনৰ বিভিন্ন কৰ্মকৰ্তাৰ লগতে শিবিৰটোত উপস্থিত থাকে সমবায় বিভাগৰ সহকাৰী সঞ্চালক শ্ৰীযুত প্ৰফুল্ল বৰুৱা, স্থানীয় গাওঁবুঢ়া, দৈনিক গণ অধিকাৰ সংবাদপত্ৰৰ স্থানীয় সংবাদ দাতা উদীয়মান যুৱ সাংবাদিক মিজানুৰ ৰহমান। শিবিৰটোত সমল ব্যক্তি ৰূপে উপস্থিত থাকে গোসাঁইগাঁও খণ্ড পশুচিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক, বিশিষ্ট লেখক তথা সীমান্ত ফলক আলোচনীৰ মুখ্য সম্পাদক ডাঃ তৰণী কান্ত কলিতা আৰু গোসাঁইগাঁও পশুচিকিৎসালয়ৰ চিকিৎসক ডাঃ ৰিংকু ডেকা। প্ৰথম দিনাখন গাহৰি পালনৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰি ডাক্তৰ কলিতাই কয় যে গাঁৱৰ মানুহৰ প্ৰধান আৰু একমাত্ৰ উপাৰ্জনৰ পথ পশুপালকৰ গুৰুত্ব সৰ্বাধিক। গাখীৰ, কণী আৰু মাংসৰ জনমূৰি চাহিদা পূৰণ কৰিবলৈ হ'লে প্ৰতি ঘৰ মানুহেই নিজাকৈ একোখনকৈ পশুধন পাম স্থাপন কৰিব লাগিব। পুৰণি পদ্ধতি এৰি দি নতুন নতুন বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰি পশুধনৰ পাম স্থাপন কৰিব নোৱাৰিলে চাহিদা অনুসৰি যোগান ধৰিব নাযাব। সেয়ে চৰকাৰী সা-সুবিধা নাথাকিলেও নিজস্ব পৰিকল্পনাৰে উন্নত জাতৰ গাহৰি পালন কৰি নিজৰ লগতে দেশৰো অৰ্থনৈতিক বিকাশত অৰিহণা যোগাব পাৰে। পিছদিনাখন সমল ব্যক্তি ডাঃ ডেকাই উন্নত জাতৰ ছাগলী পালনৰ বিস্তৃত ব্যাখ্যা আগবঢ়ায়। উন্নত জাতৰ ছাগলী পুহিলে ঘৰুৱা আয় বৃদ্ধি নিশ্চিত বুলি তেওঁ দোহাৰে। ডাঃ কলিতাই কুকুৰা পালনৰ প্ৰশিক্ষণ প্ৰদান কৰি কয় যে ৰাজ্যত ব্ৰইলাৰ মূৰ্গীৰ মাংসৰ চাহিদা দিনে দিনে বৃদ্ধি পাই আহিছে। সেয়েহে সৰুকৈ হলেও প্ৰত্যেক ঘৰৰ সকলোৱে ব্ৰইলাৰ পালন কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছে। প্ৰশিক্ষণ শিবিৰটো সুচাৰুৰূপে পৰিচালনা কৰাত সকলোৱে সহায় কৰাৰ বাবে সম্পাদিকা মানসী টুডুয়ে উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰি শলাগৰ শৰাই আগবঢ়াই আৰু শিবিৰটো সমাপ্তি ঘোষণা কৰে।Responsive Ads Here
Friday, May 11, 2018

মল্লিকাপুৰত পশুপালনৰ ওপৰত দুদিনীয়া প্ৰশিক্ষণ শিবিৰ
Tags
# Regional
Share This

About Sangbad Prahari
Regional
Labels:
Regional
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment