বৰপেটাত আম গছত চিপ লৈ আত্মহত্যা যুৱতীৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 11, 2018

বৰপেটাত আম গছত চিপ লৈ আত্মহত্যা যুৱতীৰ

বৰপেটা : বৰপেটা জিলাৰ ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত পোডাভৰাল গাঁৱৰ এগৰাকী যুৱতীয়ে আত্মহত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
ঘৰৰ পিছফালে থকা আম গছত চিপলৈ আত্মহত্যা কৰে যুৱতীগৰাকীয়ে৷ ছোৱালীগৰাকীৰ ভাতৃয়ে জনোৱা মতে, মাকৰ লগত সামান্য কাজিয়া হৈছিল ফলত মাকে এটা চৰ মাৰিছিল, আৰু ছোৱালীজনী কিছু মানসিক বিকাৰগ্ৰস্তও আছিল যাৰ ফলত আত্মহত্যা কৰিলে বুলি সন্দেহ কৰিছে৷ বিধায়ক আবুল কালাম আজাদৰ ঘৰৰ পিছফালে থকা মৃত নজুমুদ্দিন নামৰ ব্যক্তিৰ অতি দৰিদ্ৰ পৰিয়ালৰ ঘৰ খনৰ দ্বিতীয় কন্যা নাজমা খাতুনে বৃহস্পতিবাৰে নিশা আম গছত চিপলৈ আত্মহত্যা কৰে৷ বিধায়কে জনোৱা মতে বিভিন্ন সময়ত ছোৱালীজনী আৰু তাইৰ মাতৃয়ে বিধায়কৰ ঘৰত কাম বন কৰিছিল৷ বিধায়কেও বিভিন্ন সময়ত পৰিয়ালটোক সাহায্য আগবঢাইছিল৷ ঘটনাস্থলীত বিধায়ক কালাম উপস্থিতহৈ সমগ্ৰ ঘটনাৰ বুজ লয় আৰু দুখ প্ৰকাশ কৰে৷
ঘটনাস্থলীত ভৱানীপুৰ আৰক্ষী উপস্থিতহৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে থানালৈ লৈ যায়৷

No comments:

Post a Comment

SPONSORED