হাউলীত ৭ জনীয়া ডকাইতৰ দল আটক - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 11, 2018

হাউলীত ৭ জনীয়া ডকাইতৰ দল আটক

বৰপেটা : বৰপেটা জিলাৰ হাউলী আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই ৭ জনীয়া ডকাইতৰ দল এটাক আটক কৰিবলৈ সক্ষম হয়।
ডকাইতৰ দলটোৱে বৰষুণৰ বতৰৰ সুযোগ লৈ বৰপেটা জিলাৰ হাউলীত থকা এ. টি. এম লুট কৰাৰ বাবে হাউলীত বাহৰ পাতিছিল৷
কিন্তু হাউলী আৰক্ষীয়ে আগতীয়াকৈ এই তথ্য লাভ কৰি ডকাইতৰ দলটোৰ বিৰুদ্ধে অভিযান চলায়৷
আৰক্ষীয়ে গোপন সুত্রৰ পম খেদি চলোৱা অভিযানত হাউলীৰ হালাপাকুৰীৰ পৰা ডকাইতৰ দলটোক আটক কৰিবলৈ সক্ষম হয়৷ আনহাতে, ডকাইতৰ দলটোৱে ব্যবহাৰ কৰা টাটা ছুমো এখনো জব্দ কৰে আৰক্ষীয়ে ।
আটকাধীন ডকাইত কেইজন হৈছে
বৰপেটাৰ পাটাচাৰকুচিৰ বাবুল আলী (২৪) ছাইদুল আলী (২১) আৰু হজৰত আলী(২৫) ৷ দোলোপাথাৰৰ শহৰ অলী (২৬) নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ জাকিৰ হুছেইন (২৮) বিটিএডি তামুলপুৰৰ সাহেব উদ্দিন (৪৭) আৰু হবি আলী। দীৰ্ঘদিন ধৰি এটিএম লুটৰ সৈতে জড়িত আন্ত:ৰাজ্যিক ডকাইত দলটোৰ আটকৰ ঘটনা হাউলী আৰক্ষীৰ বাবে এক বিশেষ সফলতা হিচাপে চিহ্নিত হৈছে ৷



No comments:

Post a Comment

SPONSORED