লিডু : তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ জাগুন বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত নামচিক সংৰক্ষিত বনাঞ্চলত আজি বহু দিন ধৰি একাংশ দুষ্কৃতিকাৰীয়ে বহু মূল্যৱান গছ কাটি এক ৰমৰমীয়া কাঠৰ ব্যৱসায় চলাই আহিছে । এনে এক পৰ্যায়ত যোৱা মঙ্গলবাৰে সন্ধ্যা এক গোপন সূত্ৰৰ পম খেদি অতৰ্কিতে অৰুণাচলৰ জয়ৰামপুৰ হৈ নামচিক সংৰক্ষিত বনাঞ্চলত অভিযান চলাই জাগুন বন বিষয়া কাৰ্যালয়ৰ বন কৰ্মীয়ে । অভিযানৰ সময়ত বন বিভাগৰ লোকে অসম অৰুনাচলৰ সীমান্তৱৰ্তী অঞ্চল নামচিক গোলডুবিৰ পৰা চুৰাং কাঠ ব্যৱসায়ত ব্যৱহাৰ কৰা এটা হাতী জব্দ কৰিবলৈ সক্ষম হয়।
বন বিভাগৰ সূত্ৰই জানিবলৈ দিয়া মতে বিগত বহু দিন ধৰি একাংশ বনদস্যুয়ে এই অঞ্চলৰ পৰা বহু মূল্যৱান গছ কাটি অৰুণাচল প্ৰদেশৰ বিভিন্ন প্লাইওড নিৰ্মাণ কাৰখানা সমূহল সৰবৰাহ কৰি আহিছে অবৈধ চোৰাং কাঠ। বহু বাৰ জাগুনৰ বন বিভাগৰ লোকে এই ঠাইত চোৰাং কাঠৰ ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলাই আহিছিল যদিও কোনো ধৰণৰ ফল পোৱা নাছিল যদিও যোৱা মঙ্গলবাৰৰ সন্ধ্যাৰ অভিযানত চোৰাং কাঠ টনা কাৰ্য্যত ব্যৱহাৰ কৰা মাউত সহ এটা হাতী ধৰিবলৈ সক্ষম হয় বিভাগটোৰ কৰ্মচাৰী। ইতিমধ্যে জব্দ কৰা হাতীটো অৰুণাচল প্ৰদেশৰ নামফাইৰ নিবাসী কে, মচাংৰ বুলি জানিব পৰা গৈছে। বৰ্তমানে মাউত সহ হাতীটো জাগুন বন বিষয়া কাৰ্যালয়ত ৰখা হৈছে আৰু মাউত জনক অধিক তথ্যৰ বাবে সোধাপোচা কৰি থকা হৈছে। উল্লেখ্য যে মঙ্গলবাৰৰ এই অভিযানত জাগুন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰস্থিত আৰক্ষীৰ লোকে যথেষ্ট পৰিমাণে সহায় কৰে বন বিভাগৰ লোকক। Responsive Ads Here
Friday, May 11, 2018

Home
Regional
জাগুনৰ নামচিক সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ অভিযানত অবৈধ চোৰাং কাঠৰ সৰবৰাহত ব্যৱহৃত হাতী জব্দ
জাগুনৰ নামচিক সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ অভিযানত অবৈধ চোৰাং কাঠৰ সৰবৰাহত ব্যৱহৃত হাতী জব্দ
Tags
# Regional
Share This

About Sangbad Prahari
Regional
Labels:
Regional
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment