বৰপেটা : বৃহস্পতিবাৰে চাৰি বজাত পল্লাৰপাৰ শুকমানাহ বজাৰ পৰিচালনা সমিতিৰ উদ্যোগত বৰপেটা জিলাৰ বজালী মহকুমাৰ অন্তৰ্গত পল্লাৰপাৰ শুকমানাহ বজাৰ প্ৰাঙ্গণত অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুৰ ৰহমান ডাঙৰীয়াৰ পৌৰহিত্যত জুৱা আৰু অসামাজিক কামৰ বিৰুদ্ধে এখনি সজাগতা সভা অনুষ্ঠিত হয়। উক্ত সভাত উপস্থিত থাকি ভাষন প্ৰদান কৰে হাউলী জুনিয়ৰ মহাবিদ্যালয়ৰ আৰবীক বিভাগৰ প্ৰৱক্তা ওৱাহিদুৰ ৰহমান খান, বঙাইগাঁও জিলাৰ ৰেচম পৰিদৰ্শক দেৱান মোৱাজ্জেম হুছেইন, ভৱানীপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিৰঞ্জন কলিতা আৰু বৰপেটা জিলা আমছুৰ শিক্ষা সম্পাদক আমিনুৰ ৰহমানৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি। পাচ সহস্ৰাধিক লোক উপস্থিত থকা সভাখনত আমিনুৰ ৰহমানে তেওঁৰ ভাষনত বৰ্তমান বৃহত্তৰ শুকমানাহ অঞ্চলত গা কৰি উঠা জুৱা আৰু অসামাজিক কামসমূহৰ পৰা বিৰত থাকি দীৰ্ঘদিনৰ পৰা শুকমানাহবাসী ৰাইজে গঢ়ি তোলা জুৱা আৰু মাদক দ্ৰব্য বিহীন সমাজখনৰ গৰিমা অক্ষুন্ন ৰাখি বৃহত্তৰ অঞ্চলটোত শিক্ষাৰ জাগৰণ সৃষ্টি কৰিবলৈ আহ্বান জনায়। উক্ত সভাত অৱসৰ প্ৰাপ্ত শিক্ষক আব্দুৰ ৰহমান চাহাবক সভাপতি, স্থানীয় সমাজকৰ্মী আবু বাক্কাৰক সাধাৰণ সম্পাদক হিচাপে লৈ অসামাজিক কাম বিৰোধী এখনি শক্তিশালী সমিতি গঠন কৰি দিয়া হয়।
No comments:
Post a Comment