সম্প্রীতিৰ বান্ধোনত বাংলা-অসমীয়া : লিটল চ্যাম্প অনামিকা চৌধুৰীৰ মিউজিক ভিডিঅ ‘আই অসমী’ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, May 11, 2018

সম্প্রীতিৰ বান্ধোনত বাংলা-অসমীয়া : লিটল চ্যাম্প অনামিকা চৌধুৰীৰ মিউজিক ভিডিঅ ‘আই অসমী’

গুৱাহাটী : সাৰেগামাপাৰ লিটল চ্যাম্প ৰিয়েলিটি শ্ব’ত অসমৰ অনামিকা চৌধুৰী জয়ী হৈছিল প্রায় ৬-৭ বছৰ আগত। বৃহস্পতিবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এটি মনােৰম অনুষ্ঠানত মুক্তি পালে তেওঁৰ অসমীয়া মিউজিক ভিডিঅ’ ‘আই অসমী। | এই উপলক্ষে প্ৰেছ ক্লাৱত উপস্থিত আছিল অসমৰ কিংবদন্তি শিল্পী তথা বিশিষ্ট সঙ্গীতজ্ঞ ভূপেন উজীৰ, বিশিষ্ট গায়িকা শান্তা উজীৰ, বৰাক উপত্যকাৰ বাউল শিল্পী সর্বাণী ভট্টাচার্য আৰু ব্যতিক্রম মাসডােৰ সভাপতি ড. সৌমেন ভাৰতীয়া।
মিউজিক ভিডিঅ’ৰ শব্দ আৰু সুৰ প্রবালজ্যোতি বৰুৱাৰ। অনুষ্ঠানত বিশিষ্ট সঙ্গীতজ্ঞ ভুপেন উজীৰে কয়, ‘অনামিকা অত্যন্ত ভাল গায়িকা। মােৰ ওচৰত আহি এদিন কৈছিল যে তেওঁ এটা অসমীয়া মিউজিক ভিডিঅ’ কৰাৰ পৰিকল্পনা কৰিছে আৰু আজি সেইয়াই বাস্তৱ হ’ল।
শান্তা উজীৰে কয়, অনামিকাক বহুত সৰুৰ পৰাই জানাে। তেওঁ যেতিয়া লিটল চ্যাম্প হৈছিল, অত্যন্ত সুখী হৈছিলাে। তেওঁ যে ভাল গান গাই, সেয়াই আজি পৰিণত হৈছে। তেওঁৰ শ্ৰীবৃদ্ধি কামনা কৰিলাে।
অনুষ্ঠানত ড. সৌমেন ভাৰতীয়াই কয়, “আজিৰ এই অশান্ত সময়তাে বাঙালী ছােৱালী হৈ অনামিকাই মিউজিক ভিডিঅ’ কৰিছে অসমীয়াত। এইটোয়েই যথার্থ সম্প্রীতি। ভৱিষ্যতে অনামিকাই এই ধৰণৰ আৰু কাম কৰি যাওক, তেওঁৰ গৌৰৱােজ্জ্বল ভবিষ্যৎ কামনা কৰিলাে।
শিল্পী অনামিকা চৌধুৰীয়ে কয়, অনেকদিন ধৰি এটা অসমীয়া মিউজিক ভিডিঅ’ কৰাৰ ইচ্ছা আছিল। ভূপেন উজীৰ আৰু প্রবালজ্যোতি বৰুৱাৰ সৈতে এইটো সম্ভৱ হ’ল। অসমৰ এজনী সাধাৰণ ছােৱালী হিচাপে কৈছাে, আমি সকলােৱেই বিচাৰিছাে শান্তি। আশা কৰিছাে এই মিউজিক ভিডিঅ’ শুনি সকলােৱে আনন্দ পাব।

No comments:

Post a Comment

SPONSORED